--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰদূষণে এতিয়া ভাৰতীয় লোকৰ আয়ূস ভালেখিনি কমাই দিছে। বায়ু প্ৰদূষণৰ ফলত ভাৰতীয় নাগৰিকসকলৰ আয়ুস কাল হ্ৰাস পাইছে। ভাৰতীয় লোকৰ স্বাস্থ্যৰ বাবে বৃহৎ ভাবুকি হৈ ধৰা দিছে প্ৰদূষণ। মাৰাত্মক প্ৰদূষণে প্ৰতিগৰাকী ভাৰতীয় লোকৰ জীৱনকাল পাঁচ বছৰলৈ হ্ৰাস কৰিব বুলি আশংকা প্ৰকাশ কৰিছে চিকাগো বিশ্ববিদ্যালয়ৰ বায়ু গুণমান জীৱন সূচক (একিউএলআই) প্ৰতিষ্ঠানে।পৰিছে বিশ্বৰ আটাইতকৈ প্ৰদূষিত বৃহৎ চহৰ হৈ পৰিছে দিল্লী।

ইয়াত গড় বাৰ্ষিক পিএম ২.৫ ৰ স্তৰ প্ৰতি ঘন মিটাৰত ১০৭  মাইক্ৰ’গ্ৰাম হৈছে। এই পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া স্তৰতকৈ ২১ গুণতকৈ অধিক। এনেসময়তে  বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাবে পৰিগণিত হোৱা দিল্লীৰ প্ৰদূষণ নিয়ত্ৰণৰ বাবে আপ চৰকাৰে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

এখন সংবাদমেল সম্বোধন কৰি অৰবিন্দ কেজৰিৱালে দিল্লীত আগন্তুক শীতকালত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে "শীতকালীন কাৰ্য পৰিকল্পনা" সন্দৰ্ভত ব্যখ্যা কৰে। কেজৰিৱাল নেতৃত্বাধীন চৰকাৰে প্ৰদূষণৰ মোকাবিলা কৰিবলৈ এক ১৫ দফীয়া  কাৰ্যসূচী প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ ভাষণত কয় যে শেহতীয়াকৈ ১৮.৬ শতাংশ প্ৰদূষণ হ্ৰাস পাইছে।  কেজৰিৱালে কয় যে আপ চৰকাৰে ২৪ ঘণ্টা বিদ্যুৎ যোগান অব্যাহত ৰাখিছে। যাৰ ফলত জেনেৰেটৰ চলা নাই আৰু  প্ৰদূষণ হ্ৰাস কৰাত ই সহায় কৰিছে।

 নিৰ্মাণ ক্ষেত্ৰত হোৱা প্ৰদূষণৰ বাবে  জৰিমনা আৰোপ কৰা হৈছে।  এতিয়া সকলো পঞ্জীভুক্ত উদ্যোগে পিএনজি-পাইপযুক্ত প্ৰাকৃতিক গেছৰ  সেউজ আৱৰণ ব্যৱহাৰ কৰে বাবে প্ৰদূষণ হ্ৰাস পাইছে।  কেজৰিৱালে কয় যে ২০২০ চনত চৰকাৰে  বৈদ্যুতিক বাহনৰ চলোৱাৰ সিদ্ধান্ত লৈছিল। তেওঁ কয়’ আমি ৰাজহুৱা পৰিবহনত বহুতো নতুন বাছ চলাই আছো। ৫০০০ বৰ্গমিটাৰ এলেকাত  এণ্টি-স্মগ গান বাধ্যতামূলক কৰা হৈছে। প্ৰদূষণ এতিয়া কঠোৰভাৱে পৰীক্ষা কৰা হৈছে।  পথ প্ৰদূষণৰ বাবে ৮০  টা পথ সৰা  যন্ত্ৰ, পানী ছটিয়াই দিয়াৰ বাবে ৫২১ টা আৰু ১৫০  টা ভ্ৰাম্যমাণ এণ্টি-স্মগ গান স্থাপন কৰা হৈছে’।

 তেওঁ লগতে কয় যে  ধুলি প্ৰদূষণ বিৰোধী অভিযান ৬ অক্টোবৰৰ পৰা আৰম্ভ কৰা হ'ব।  মুখ্যমন্ত্ৰীগৰাকীয়ে  কয় যে চৰকাৰে আইআইটি-কানপুৰৰ সহযোগত  বায়ুৰ মান নিৰীক্ষণ আৰু পূৰ্বানুমান কৰাৰ বাবে ৰাউজ এভিনিউত এটা চুপাৰচাইট স্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ