--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলোৱা লোকসকলৰ গতিবিধি লক্ষ্য কৰি যাব আৰক্ষীয়ে। তেওঁলোকৰ  ভৰিত বান্ধি দিয়া হ'ব জিপিএছ ট্ৰেকাৰ। এই ব্যৱস্থা ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হ’ব। আৰক্ষীয়ে জামিনত থকা অভিযুক্ত বা অপৰাধীসকলৰ ক্ষেত্ৰত  কঠোৰ সতৰ্কতা অৱলম্বন কৰিব! তেনে এজন লোক  ক'লৈ গৈছে ,  কাক লগ পাইছে - সকলোবোৰ আৰক্ষীৰ নখ দৰ্পনত থাকিব।

 কাশ্মীৰ আৰক্ষীয়ে আমেৰিকা, ব্ৰিটেইন আৰু নিউজিলেণ্ডৰ আৰক্ষীৰ দৰে একে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। জিপিএছ ট্ৰেকাৰবোৰ জামিন বা পেৰোলত মুকলি কৰা বা গৃহবন্দী সকলৰ ভৰিত বান্ধি দিয়া হ'ব। যাৰ জৰিয়তে কাশ্মীৰ আৰক্ষীয়ে তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিব পাৰিব।

আমেৰিকা যুক্তৰাজ্য, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু পশ্চিমৰ নিউজিলেণ্ডৰ আৰক্ষীয়ে সাধাৰণতে জামিনত মুকলি হোৱা  বন্দীসকলৰ ওপৰত নজৰ ৰাখিবলৈ এই জিপিএছ ট্ৰেকাৰ ব্যৱহাৰ কৰে। কাশ্মীৰ আৰক্ষীৰ তদন্তকাৰী সংস্থা ৰাজ্যিক অনুসন্ধান সংস্থাই জিপিএছ ট্ৰেকাৰ প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে।  কোৱা হৈছে যে আদালতৰ নিৰ্দেশত এতিয়াৰ পৰা জামিন বা পেৰোলত মুকলি কৰা সকলৰ গোৰোহাৰ ওচৰত জিপিএছ ট্ৰেকাৰ বন্ধা  হ'ব। দেশত প্ৰথমবাৰৰ বাবে কাশ্মীৰত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

বাতৰি অনুসৰি, ভাটৰ বিৰুদ্ধে হিজবুল মুজাহিদীনৰ দৰে কেইবাটাও উগ্ৰপন্থী গোটৰ সৈতে সম্পৰ্কিত জেহাদী গোটৰ হৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইউএপিএৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰৰো পঞ্জীয়নভুক্ত কৰা হৈছে। 
 তেওঁ অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতৰ কাষ চাপিছিল। ন্যায়াধীশে জম্মুৰ বিশেষ এনআইএ আদালতত গোচৰটোৰ শুনানিৰ সময়ত বিশেষ নিৰ্দেশটো প্ৰদান কৰে। এনআইএ আদালতৰ ন্যায়াধীশে আৰক্ষীক জিপিএছ ট্ৰেকাৰ প্ৰৱৰ্তন বান্ধিবলৈ  নিৰ্দেশ দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ