--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলোৱা লোকসকলৰ গতিবিধি লক্ষ্য কৰি যাব আৰক্ষীয়ে। তেওঁলোকৰ  ভৰিত বান্ধি দিয়া হ'ব জিপিএছ ট্ৰেকাৰ। এই ব্যৱস্থা ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা হ’ব। আৰক্ষীয়ে জামিনত থকা অভিযুক্ত বা অপৰাধীসকলৰ ক্ষেত্ৰত  কঠোৰ সতৰ্কতা অৱলম্বন কৰিব! তেনে এজন লোক  ক'লৈ গৈছে ,  কাক লগ পাইছে - সকলোবোৰ আৰক্ষীৰ নখ দৰ্পনত থাকিব।

 কাশ্মীৰ আৰক্ষীয়ে আমেৰিকা, ব্ৰিটেইন আৰু নিউজিলেণ্ডৰ আৰক্ষীৰ দৰে একে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। জিপিএছ ট্ৰেকাৰবোৰ জামিন বা পেৰোলত মুকলি কৰা বা গৃহবন্দী সকলৰ ভৰিত বান্ধি দিয়া হ'ব। যাৰ জৰিয়তে কাশ্মীৰ আৰক্ষীয়ে তেওঁলোকৰ গতিবিধিৰ ওপৰত নজৰ ৰাখিব পাৰিব।

আমেৰিকা যুক্তৰাজ্য, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু পশ্চিমৰ নিউজিলেণ্ডৰ আৰক্ষীয়ে সাধাৰণতে জামিনত মুকলি হোৱা  বন্দীসকলৰ ওপৰত নজৰ ৰাখিবলৈ এই জিপিএছ ট্ৰেকাৰ ব্যৱহাৰ কৰে। কাশ্মীৰ আৰক্ষীৰ তদন্তকাৰী সংস্থা ৰাজ্যিক অনুসন্ধান সংস্থাই জিপিএছ ট্ৰেকাৰ প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে।  কোৱা হৈছে যে আদালতৰ নিৰ্দেশত এতিয়াৰ পৰা জামিন বা পেৰোলত মুকলি কৰা সকলৰ গোৰোহাৰ ওচৰত জিপিএছ ট্ৰেকাৰ বন্ধা  হ'ব। দেশত প্ৰথমবাৰৰ বাবে কাশ্মীৰত এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।

বাতৰি অনুসৰি, ভাটৰ বিৰুদ্ধে হিজবুল মুজাহিদীনৰ দৰে কেইবাটাও উগ্ৰপন্থী গোটৰ সৈতে সম্পৰ্কিত জেহাদী গোটৰ হৈ ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছিল। ইউএপিএৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰৰো পঞ্জীয়নভুক্ত কৰা হৈছে। 
 তেওঁ অন্তৱৰ্তীকালীন জামিন বিচাৰি আদালতৰ কাষ চাপিছিল। ন্যায়াধীশে জম্মুৰ বিশেষ এনআইএ আদালতত গোচৰটোৰ শুনানিৰ সময়ত বিশেষ নিৰ্দেশটো প্ৰদান কৰে। এনআইএ আদালতৰ ন্যায়াধীশে আৰক্ষীক জিপিএছ ট্ৰেকাৰ প্ৰৱৰ্তন বান্ধিবলৈ  নিৰ্দেশ দিয়ে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু