--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দীপাৱলীৰ সময়ত ব্যক্তিগত খণ্ডৰ একাংশ প্ৰতিষ্ঠানত কৰ্মচাৰীসকলক আগবঢ়োৱা হয় বোনাচ৷ যদিও বেছিভাগ প্ৰতিষ্ঠানে উপহাৰ ভাউচাৰ, ইনচেণ্টিভ বা মিঠাই আগবঢ়ায়, তাৰ বিপৰীতে তামিলনাডুৰ কোটাগিৰি চহৰত দেখা গৈছে বিৰল ব্যতিক্ৰমী দৃশ্য৷ কোটাগিৰি চহৰৰ এখন চাহ বাগিচাৰ গৰাকীয়ে কৰ্মচাৰীসকলক দীপাৱলীৰ বোনাচ হিচাপে উপহাৰ দিছে ৰয়েল এনফিল্ড বাইক৷

১৯০ একৰৰ চাহ বাগিচাৰ গৰাকী পি শিৱকুমাৰে দীপাৱলীত তেওঁৰ কৰ্মচাৰীসকলক ঘৰুৱা সঁজুলি আৰু নগদ বোনাচ উপহাৰ দিছিল৷ কিন্তু এই বছৰ তেওঁ তেওঁৰ কৰ্মচাৰীসকলক ২ লাখ টকাৰ অধিক মূল্যৰ বাইকৰে পুৰস্কৃত কৰাৰ সিদ্ধান্ত লৈছিল। আৰু কথামতেই কাম৷ কৰ্মচাৰীলৈ শিৱকুমাৰে আগবঢ়ালে ৰয়েল এনফিল্ড৷ বিগত দুটা দশকধৰি প্ৰায় ৬২৭ জন কৰ্মচাৰীয়ে চাহ বাগিচাখনত কাম কৰি আছে।

তেওঁ তেওঁৰ মেনেজাৰ, ছুপাৰভাইজাৰ, ষ্ট’ৰকীপাৰ, কেছিয়াৰ, ফিল্ড ষ্টাফ আৰু চালককে ধৰি ১৫জন কৰ্মচাৰীক বাইক উপহাৰ দিছিল বুলি সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈছে৷

তেওঁ তেওঁৰ কৰ্মচাৰীসকলক তেওঁলোকৰ নতুন বাইকৰ চাবি দিয়াৰ পাছত তেওঁলোকৰ সৈতে ভ্ৰমণ কৰিবলৈও গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু