--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বজুৰি ক্ৰমাৎ বৃদ্ধি পাইছে মাৰাত্মক কৰ্কট ৰোগ। এই ৰোগৰ ফলত প্ৰতি বছৰে মৃত্যুমুখত পৰে লাখ লাখ লোক। গৱেষকসকলে কয় যে কেন্সাৰৰ ফলত হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰি, যদিহে সমস্যাটো সঠিকভাৱে নিৰ্ণয় কৰি সময়মতে চিকিৎসা কৰোৱা হয়। যদি প্ৰাৰম্ভিক অৱস্থাত বহু প্ৰকাৰৰ কৰ্কট ৰোগ ধৰাত পৰে, তেন্তে ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়। ইয়াৰ বাবে আপুনি লক্ষণসমূহ চিনাক্ত কৰি সময়মতে পৰীক্ষা কৰাটো অতি প্ৰয়োজন।

উল্লেখ্য যে এই দিশত বিজ্ঞানীসকলো যথেষ্ট সফলতা লাভ কৰিছে। লেন্সেট অংক’লজী জাৰ্ণেলত প্ৰকাশিত এই প্ৰতিবেদনৰ ভিত্তিত গৱেষকসকলে এনে তেজৰ পৰীক্ষাৰ বিষয়ে প্ৰকাশ কৰি কৈছে যে এটা তেজৰ পৰীক্ষাৰ দ্বাৰা মুঠ ৫০ প্ৰকাৰৰ কৰ্কট ৰোগ নিৰ্ণয় কৰিব পৰা যায়। এই আৱিষ্কাৰক সময়মতে কৰ্কট ৰোগ নিৰ্ণয়ৰ দিশত এক বৃহৎ সফলতা হিচাপে গণ্য কৰা হৈছে। ইয়াৰ উন্নত ফলাফল প্ৰাৰম্ভিক পৰ্যায়তো দেখা যায়।

বিজ্ঞানীসকলে এই তেজৰ পৰীক্ষাৰ নাম ৰাখিছে গেলেৰী। ইংলেণ্ড আৰু ৱেলছত কেন্সাৰৰ লক্ষণ থকা লোকক এই তেজৰ পৰীক্ষা কৰোৱা হৈছিল। প্ৰায় ৫,০০০ এনে লোকক এই পৰীক্ষাৰ জৰিয়তে প্ৰতি তিনিজনৰ ভিতৰত দুজনৰে কৰ্কট ৰোগ শুদ্ধকৈ চিনাক্ত কৰিব পৰা হৈছে। বিজ্ঞানীসকলে লগতে আশা কৰিছে যে এই পৰীক্ষাৰ জৰিয়তে অনাগত সময়ত কৰ্কট ৰোগৰ আশংকা অতি সহজে নিৰ্ণয় কৰিব পৰা যাব, যিয়ে কৰ্কট ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায়ক হ’ব।

* এই পৰীক্ষা কেনেদৰে সম্পাদন কৰা হয়?

বিজ্ঞানীৰ দলটোৰ মতে, গেলেৰী পৰীক্ষাৰ জৰিয়তে ৰোগীৰ জেনেটিক ক’ডৰ বিটবোৰৰ বিভিন্ন পৰিৱৰ্তনসমূহ লক্ষ্য কৰা হয়। এই বিটবোৰ বিভিন্ন ধৰণৰ কেন্সাৰৰ পৰা লিক আউট হয়। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কয় যে এই পৰীক্ষাৰ কাম এতিয়াও অব্যাহত আছে আৰু আমি আশাবাদী যে এই একেটা তেজৰ পৰীক্ষাৰ সহায়ত একেলগে বহু প্ৰকাৰৰ কৰ্কট ৰোগ অতি সহজে ধৰাত পেলোৱা। কেলিফৰ্ণিয়াস্থিত কোম্পানী গ্ৰেলে প্ৰস্তুত কৰা গেলেৰী পৰীক্ষাটোও লক্ষণ নথকা লোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি এই পৰীক্ষাই প্ৰকাশ নোপোৱা কৰ্কট ৰোগো ধৰা পেলাব পাৰি নেকি, সেই বিষয়ে গৱেষণা অব্যাহত আছে।

* অধ্যয়নত কি পোৱা গৈছে?

এই পৰীক্ষাৰ পাছত অংশগ্ৰহণ কৰা ৩৫০জনতকৈ অধিক লোকৰ কৰ্কট ৰোগ ধৰা পৰিছিল, আনকি স্কেন আৰু বায়’প্সিৰ দৰে গতানুগতিক পদ্ধতিও ব্যৱহাৰ কৰি। গৱেষকসকলে এই কথা জানিব পাৰিছিল যে গেলাৰী ব্লাড টেষ্টৰ জৰিয়তে কৰ্কট ৰোগ ধৰা পৰা ৭৫ শতাংশ লোকৰ গতানুগতিক পৰীক্ষাৰ জৰিয়তেও কেন্সাৰ নিশ্চিত হৈছে। কিন্তু গেলাৰী পৰীক্ষাত গতানুগতিক পৰীক্ষাৰ জৰিয়তে নিশ্চিত হোৱা প্ৰায় ২.৫% কৰ্কট ৰোগত আক্ৰান্ত লোকৰ কৰ্কট ৰোগ নিগেটিভ পোৱা গৈছে। এই তথ্যৰ ভিত্তিত গৱেষকসকলে এই তেজৰ পৰীক্ষাৰ দ্বাৰা ৮৫ শতাংশ সঠিকতাৰে ৰোগ ধৰাত পেলাব পৰা বুলি জানিব পৰা গৈছে।

* গৱেষকসকলে কি কয়?

গেলাৰী ব্লাড টেষ্টৰ মুখ্য গৱেষক মাৰ্ক মিডলটনে কয় যে কেন্সাৰ এতিয়াও এক গুৰুতৰ আৰু জটিল সমস্যা। বহু সময়ত ৰোগীক কোনটো পৰীক্ষাৰ প্ৰয়োজন সেয়া তৎক্ষণাত স্পষ্ট নহয়। এই তেজ পৰীক্ষাৰ সহায়ত আমি বহু প্ৰকাৰৰ কৰ্কট ৰোগৰ লক্ষণসমূহ সহজে চিনাক্ত কৰিব পাৰিম। কেন্সাৰ ৰিচাৰ্ছ ইউ কেৰ ডাঃ ডেভিদ ক্ৰছবিয়ে কয় যে অধ্যয়নৰ তথ্য অনুসৰি এই পৰীক্ষাৰ ব্যৱহাৰে ক্লিনিকেল মূল্যায়ন কৰাত সহায়ক হ’ব। কিন্তু ইয়াৰ সঠিকতা চিনাক্ত কৰিব পৰাকৈ বহু দিশৰ ওপৰত গৱেষণা কৰা হৈছে। আশা কৰা হৈছে যে এই এটা পৰীক্ষাই কেন্সাৰ নিৰ্ণয়ৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানত এক ডাঙৰ ভূমিকা ল’ব পাৰিব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস