--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বজুৰি ক্ৰমাৎ বৃদ্ধি পাইছে মাৰাত্মক কৰ্কট ৰোগ। এই ৰোগৰ ফলত প্ৰতি বছৰে মৃত্যুমুখত পৰে লাখ লাখ লোক। গৱেষকসকলে কয় যে কেন্সাৰৰ ফলত হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰিব পাৰি, যদিহে সমস্যাটো সঠিকভাৱে নিৰ্ণয় কৰি সময়মতে চিকিৎসা কৰোৱা হয়। যদি প্ৰাৰম্ভিক অৱস্থাত বহু প্ৰকাৰৰ কৰ্কট ৰোগ ধৰাত পৰে, তেন্তে ৰোগীৰ জীৱন ৰক্ষা কৰিব পৰা যায়। ইয়াৰ বাবে আপুনি লক্ষণসমূহ চিনাক্ত কৰি সময়মতে পৰীক্ষা কৰাটো অতি প্ৰয়োজন।

উল্লেখ্য যে এই দিশত বিজ্ঞানীসকলো যথেষ্ট সফলতা লাভ কৰিছে। লেন্সেট অংক’লজী জাৰ্ণেলত প্ৰকাশিত এই প্ৰতিবেদনৰ ভিত্তিত গৱেষকসকলে এনে তেজৰ পৰীক্ষাৰ বিষয়ে প্ৰকাশ কৰি কৈছে যে এটা তেজৰ পৰীক্ষাৰ দ্বাৰা মুঠ ৫০ প্ৰকাৰৰ কৰ্কট ৰোগ নিৰ্ণয় কৰিব পৰা যায়। এই আৱিষ্কাৰক সময়মতে কৰ্কট ৰোগ নিৰ্ণয়ৰ দিশত এক বৃহৎ সফলতা হিচাপে গণ্য কৰা হৈছে। ইয়াৰ উন্নত ফলাফল প্ৰাৰম্ভিক পৰ্যায়তো দেখা যায়।

বিজ্ঞানীসকলে এই তেজৰ পৰীক্ষাৰ নাম ৰাখিছে গেলেৰী। ইংলেণ্ড আৰু ৱেলছত কেন্সাৰৰ লক্ষণ থকা লোকক এই তেজৰ পৰীক্ষা কৰোৱা হৈছিল। প্ৰায় ৫,০০০ এনে লোকক এই পৰীক্ষাৰ জৰিয়তে প্ৰতি তিনিজনৰ ভিতৰত দুজনৰে কৰ্কট ৰোগ শুদ্ধকৈ চিনাক্ত কৰিব পৰা হৈছে। বিজ্ঞানীসকলে লগতে আশা কৰিছে যে এই পৰীক্ষাৰ জৰিয়তে অনাগত সময়ত কৰ্কট ৰোগৰ আশংকা অতি সহজে নিৰ্ণয় কৰিব পৰা যাব, যিয়ে কৰ্কট ৰোগৰ ফলত হোৱা মৃত্যুৰ হাৰ হ্ৰাস কৰাত সহায়ক হ’ব।

* এই পৰীক্ষা কেনেদৰে সম্পাদন কৰা হয়?

বিজ্ঞানীৰ দলটোৰ মতে, গেলেৰী পৰীক্ষাৰ জৰিয়তে ৰোগীৰ জেনেটিক ক’ডৰ বিটবোৰৰ বিভিন্ন পৰিৱৰ্তনসমূহ লক্ষ্য কৰা হয়। এই বিটবোৰ বিভিন্ন ধৰণৰ কেন্সাৰৰ পৰা লিক আউট হয়। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে কয় যে এই পৰীক্ষাৰ কাম এতিয়াও অব্যাহত আছে আৰু আমি আশাবাদী যে এই একেটা তেজৰ পৰীক্ষাৰ সহায়ত একেলগে বহু প্ৰকাৰৰ কৰ্কট ৰোগ অতি সহজে ধৰাত পেলোৱা। কেলিফৰ্ণিয়াস্থিত কোম্পানী গ্ৰেলে প্ৰস্তুত কৰা গেলেৰী পৰীক্ষাটোও লক্ষণ নথকা লোকৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি এই পৰীক্ষাই প্ৰকাশ নোপোৱা কৰ্কট ৰোগো ধৰা পেলাব পাৰি নেকি, সেই বিষয়ে গৱেষণা অব্যাহত আছে।

* অধ্যয়নত কি পোৱা গৈছে?

এই পৰীক্ষাৰ পাছত অংশগ্ৰহণ কৰা ৩৫০জনতকৈ অধিক লোকৰ কৰ্কট ৰোগ ধৰা পৰিছিল, আনকি স্কেন আৰু বায়’প্সিৰ দৰে গতানুগতিক পদ্ধতিও ব্যৱহাৰ কৰি। গৱেষকসকলে এই কথা জানিব পাৰিছিল যে গেলাৰী ব্লাড টেষ্টৰ জৰিয়তে কৰ্কট ৰোগ ধৰা পৰা ৭৫ শতাংশ লোকৰ গতানুগতিক পৰীক্ষাৰ জৰিয়তেও কেন্সাৰ নিশ্চিত হৈছে। কিন্তু গেলাৰী পৰীক্ষাত গতানুগতিক পৰীক্ষাৰ জৰিয়তে নিশ্চিত হোৱা প্ৰায় ২.৫% কৰ্কট ৰোগত আক্ৰান্ত লোকৰ কৰ্কট ৰোগ নিগেটিভ পোৱা গৈছে। এই তথ্যৰ ভিত্তিত গৱেষকসকলে এই তেজৰ পৰীক্ষাৰ দ্বাৰা ৮৫ শতাংশ সঠিকতাৰে ৰোগ ধৰাত পেলাব পৰা বুলি জানিব পৰা গৈছে।

* গৱেষকসকলে কি কয়?

গেলাৰী ব্লাড টেষ্টৰ মুখ্য গৱেষক মাৰ্ক মিডলটনে কয় যে কেন্সাৰ এতিয়াও এক গুৰুতৰ আৰু জটিল সমস্যা। বহু সময়ত ৰোগীক কোনটো পৰীক্ষাৰ প্ৰয়োজন সেয়া তৎক্ষণাত স্পষ্ট নহয়। এই তেজ পৰীক্ষাৰ সহায়ত আমি বহু প্ৰকাৰৰ কৰ্কট ৰোগৰ লক্ষণসমূহ সহজে চিনাক্ত কৰিব পাৰিম। কেন্সাৰ ৰিচাৰ্ছ ইউ কেৰ ডাঃ ডেভিদ ক্ৰছবিয়ে কয় যে অধ্যয়নৰ তথ্য অনুসৰি এই পৰীক্ষাৰ ব্যৱহাৰে ক্লিনিকেল মূল্যায়ন কৰাত সহায়ক হ’ব। কিন্তু ইয়াৰ সঠিকতা চিনাক্ত কৰিব পৰাকৈ বহু দিশৰ ওপৰত গৱেষণা কৰা হৈছে। আশা কৰা হৈছে যে এই এটা পৰীক্ষাই কেন্সাৰ নিৰ্ণয়ৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানত এক ডাঙৰ ভূমিকা ল’ব পাৰিব।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে