--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাই নতুন কম্বেট ইউনিফৰ্মৰ বাবে কেমফ্লেজ পেটাৰ্ণ ড্ৰেছৰ বৌদ্ধিক(  intellectual ) সম্পত্তিৰ অধিকাৰ লাভ কৰিছে। ২০২২ চনৰ সেনা দিৱসৰ সময়ত এই সুন্দৰ কম্বেট ইউনিফৰ্ম উন্মোচন কৰে সেনা প্ৰধানে। এই ডিজাইনৰ কপিৰাইট ১০ বছৰৰ বাবে ভাৰতীয় সেনাৰ হাতত। এতিয়া আৰু পাঁচ বছৰলৈ বৃদ্ধি হ’বলৈ গৈ আছে। এতিয়া এই সেনাৰ পোছাক ব্যৱসায়ীসকলে মুকলি বজাৰত বিক্ৰী কৰিব নোৱাৰিব।

সাধাৰণ বজাৰত সেনাবাহিনীৰ পোছাক মুকলিকৈ বিক্ৰী কৰাটোৱে সদায় জোৱানসকলৰ বাবে বৃহৎ বিপদৰ সৃষ্টি কৰি আহিছে। কাশ্মীৰ আৰু অন্যান্য সীমান্ত অঞ্চলত সেনাৰ অন্যতম ডাঙৰ প্ৰত্যাহ্বান হৈছে এনে ইউনিফৰ্মৰ সহজ বিক্ৰী। ই দেশৰ বাবে ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছিল।

আগতে সন্ত্ৰাসবাদী আৰু অপৰাধীয়ে সহজেই সেনাৰ পোছাক কিনি পিন্ধিছিল আৰু সাধাৰণ নাগৰিকৰ বাবে সমস্যাৰ সৃষ্টি কৰিছিল। কাশ্মীৰৰ সন্ত্ৰাসবাদীয়ে এই সূত্ৰৰ ওপৰত কাম কৰি আহিছে। সন্ত্ৰাসবাদীয়ে সেনাৰ সাজ-পোছাকত ভুল কাম কৰি সেনাক বদনাম কৰিবলৈ চেষ্টা কৰিছে। এতিয়া এইটো বন্ধ কৰিবলৈ গৈ আছে।

এতিয়া সেনাৰ কম্বেট ইউনিফৰ্ম কেৱল ভাৰতীয় সেনাৰ ইউনিট চলোৱা কেণ্টিনতহে বিক্ৰী হ’ব। এই বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (আই পি এল)ৰ বাবেই এতিয়া ভাৰতীয় সেনাৰ ডিজাইনৰ একচেটিয়া অধিকাৰ আছে। সেনাৰ ডিজাইন আৰু উৎপাদনৰ যিকোনো উলংঘা চৰ্চালৈ অহাৰ পাছত আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এই কথা ঘোষণা কৰিছে সেনাবাহিনীৰ কমাণ্ডে।

সেনা আৰু অন্যান্য বিষয়াসকলে নিজ নিজ অঞ্চলৰ বিক্ৰেতাসকলক অৱগত কৰিছে যে তেওঁলোকে সেনাৰ সৈতে জড়িত কোনো ধৰণৰ ইউনিফৰ্ম বিক্ৰী কৰিব নালাগে। যদি এনেকুৱা হয় তেন্তে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু