--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা চনু সুদৰ যেন বহুতৰে বাবে ভগৱান৷ অভিনেতাগৰাকীক কেতিয়াবা দুখীয়া শিক্ষাৰ্থীৰ কাষত, কেতিয়াবা বান বিধ্বস্ত জনতাৰ কাষত অথবা কেতিয়াবা কৃষকৰ কাষত থকা দেখা যায়৷ এইবাৰ চনু সুদক দেখা গ’ল অন্য এক ৰূপত৷   যোৱা তিনি বছৰ ধৰি নায়কগৰাকীয়ে  ৰাজহুৱা সেৱাক জীৱনৰ ব্ৰত  হিচাপে লৈছে। এইবাৰ তেওঁ আকৌ  কি কৰিলে?

অভিনেতা চনু সুদৰ মানৱতাবাদী হিচাপে বেছ  খ্যাতি আছে।  শেহতীয়াকৈ অনুৰাগীসকলৰ মংগলাৰ্থে চনু সুদে এক বিশেষ কাম কৰিছে৷ কামটো দেখাত সাধাৰণ যদিও এই কামটোৱেই হয়তো বহুতৰে প্ৰাণ ৰক্ষা কৰিব পাৰে৷  শেহতীয়াকৈ চনু সুদৰ  এটা ভিডিঅ' ভাইৰেল হৈছে। তাত চনুক চাহ-চিগাৰেটৰ দোকান এখনত থিয় হৈ এজন ব্যক্তিৰ সৈতে কথা পাতি থকা দেখা গৈছে। মানুহজনে গুটখা চোবাই আছিল। চনুৱে সুধিলে  "তুমি  কি চোবাই  আছা?" 

চনু সুদৰ প্ৰশ্নত মানুহজন  অপ্ৰস্তুত হৈ পৰিছিল।  চনু  তাতেই ৰৈ যোৱা নাছিল। তেওঁ ক'লে, " তোমাৰ এটা পৰিয়াল আছে। তুমি তোমাৰ  জীৱন কিয় নষ্ট কৰি আছে? গুটখা স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক তুমি জানানে? ইয়াৰ বাবে তোমাৰ  পৰিয়ালে ভুগিবলগীয়া হ’ব পাৰে। তুমি সেয়া  নাভাবা নেকি?যোৱা মুখৰ পৰা এতিয়াই পেলাই থৈ আহা" মানুহজনে তাৰ পিছত আৰু ৰৈ নাথাকিল। তেওঁ লগে লগে মুখৰ ভিতৰত ৰখা  গুটখা খিনি  মুখৰ পৰা উলিয়াই পেলাই দিলে৷ 

ইয়াৰ পিছত, চনুৱে  পান দোকানৰ মালিকক কোৱা শুনা গ’ল , "সেইবোৰ আৰু তেওঁক বিক্ৰী নকৰিব। তেওঁৰ এটা পৰিয়াল আছে। "

অভিনেতা চনু সুদৰ এনে কৰ্মৰ প্ৰভাৱ হয়তো বহুতৰে ওপৰতে পৰিব৷ গুটখাৰ ফলতে এতিয়া বহুতে নানান ৰোগত ভুগিবলগীয়া হৈছে৷ সেই কথা চনু সুদে ভালদৰেই বুজাই দিবলৈ সক্ষম হ’ল৷  কোভিডৰ সময়ত তেওঁ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘৰলৈ ঘূৰাই পঠিওৱাত সহায় কৰিছিল। বিভিন্ন ৰাজ্যৰ হাজাৰ হাজাৰ শ্ৰমিকক তেওঁ নিজৰ গাঠিৰ ধন ভাঙি শ শ বাছেৰে ঘৰলৈ ঘূৰাই পঠিয়াইছিল৷  চনুৱে বিহাৰৰ এগৰাকী যুৱতী প্ৰিয়ংকা গুপ্তাক ভৰিৰ ওপৰত থিয় হ'বলৈ সহায় কৰিছিল। প্ৰিয়ংকাই এখন চাহৰ দোকান খুলিব বিচাৰিছিল, কিন্তু  স্থানীয় ৰাজনৈতিক নেতাসকলে খুলিবলৈ অনুমতি দিয়া নাছিল। শেষত চনু আহিল। প্ৰিয়ংকাই দোকানখন খুলিবলৈ সক্ষম হৈছিল৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু