--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেতা চনু সুদৰ যেন বহুতৰে বাবে ভগৱান৷ অভিনেতাগৰাকীক কেতিয়াবা দুখীয়া শিক্ষাৰ্থীৰ কাষত, কেতিয়াবা বান বিধ্বস্ত জনতাৰ কাষত অথবা কেতিয়াবা কৃষকৰ কাষত থকা দেখা যায়৷ এইবাৰ চনু সুদক দেখা গ’ল অন্য এক ৰূপত৷   যোৱা তিনি বছৰ ধৰি নায়কগৰাকীয়ে  ৰাজহুৱা সেৱাক জীৱনৰ ব্ৰত  হিচাপে লৈছে। এইবাৰ তেওঁ আকৌ  কি কৰিলে?

অভিনেতা চনু সুদৰ মানৱতাবাদী হিচাপে বেছ  খ্যাতি আছে।  শেহতীয়াকৈ অনুৰাগীসকলৰ মংগলাৰ্থে চনু সুদে এক বিশেষ কাম কৰিছে৷ কামটো দেখাত সাধাৰণ যদিও এই কামটোৱেই হয়তো বহুতৰে প্ৰাণ ৰক্ষা কৰিব পাৰে৷  শেহতীয়াকৈ চনু সুদৰ  এটা ভিডিঅ' ভাইৰেল হৈছে। তাত চনুক চাহ-চিগাৰেটৰ দোকান এখনত থিয় হৈ এজন ব্যক্তিৰ সৈতে কথা পাতি থকা দেখা গৈছে। মানুহজনে গুটখা চোবাই আছিল। চনুৱে সুধিলে  "তুমি  কি চোবাই  আছা?" 

চনু সুদৰ প্ৰশ্নত মানুহজন  অপ্ৰস্তুত হৈ পৰিছিল।  চনু  তাতেই ৰৈ যোৱা নাছিল। তেওঁ ক'লে, " তোমাৰ এটা পৰিয়াল আছে। তুমি তোমাৰ  জীৱন কিয় নষ্ট কৰি আছে? গুটখা স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক তুমি জানানে? ইয়াৰ বাবে তোমাৰ  পৰিয়ালে ভুগিবলগীয়া হ’ব পাৰে। তুমি সেয়া  নাভাবা নেকি?যোৱা মুখৰ পৰা এতিয়াই পেলাই থৈ আহা" মানুহজনে তাৰ পিছত আৰু ৰৈ নাথাকিল। তেওঁ লগে লগে মুখৰ ভিতৰত ৰখা  গুটখা খিনি  মুখৰ পৰা উলিয়াই পেলাই দিলে৷ 

ইয়াৰ পিছত, চনুৱে  পান দোকানৰ মালিকক কোৱা শুনা গ’ল , "সেইবোৰ আৰু তেওঁক বিক্ৰী নকৰিব। তেওঁৰ এটা পৰিয়াল আছে। "

অভিনেতা চনু সুদৰ এনে কৰ্মৰ প্ৰভাৱ হয়তো বহুতৰে ওপৰতে পৰিব৷ গুটখাৰ ফলতে এতিয়া বহুতে নানান ৰোগত ভুগিবলগীয়া হৈছে৷ সেই কথা চনু সুদে ভালদৰেই বুজাই দিবলৈ সক্ষম হ’ল৷  কোভিডৰ সময়ত তেওঁ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক ঘৰলৈ ঘূৰাই পঠিওৱাত সহায় কৰিছিল। বিভিন্ন ৰাজ্যৰ হাজাৰ হাজাৰ শ্ৰমিকক তেওঁ নিজৰ গাঠিৰ ধন ভাঙি শ শ বাছেৰে ঘৰলৈ ঘূৰাই পঠিয়াইছিল৷  চনুৱে বিহাৰৰ এগৰাকী যুৱতী প্ৰিয়ংকা গুপ্তাক ভৰিৰ ওপৰত থিয় হ'বলৈ সহায় কৰিছিল। প্ৰিয়ংকাই এখন চাহৰ দোকান খুলিব বিচাৰিছিল, কিন্তু  স্থানীয় ৰাজনৈতিক নেতাসকলে খুলিবলৈ অনুমতি দিয়া নাছিল। শেষত চনু আহিল। প্ৰিয়ংকাই দোকানখন খুলিবলৈ সক্ষম হৈছিল৷  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক