--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্পবিহৰ যোগানৰ সৈতে জনপ্ৰিয় ইউটিউবাৰ এলভিছ যাদৱৰ নাম সাঙোৰ খোৱাৰ পাছতে ইণ্টাৰনেট জগতত খলকনি লাগিছে৷এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ মানেকা গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ হুংকাৰ দিছে ইউটিউবাৰ এলভিছ যাদৱে। খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ নয়দাত সাপৰ বিষ যোগান ধৰাৰ গোচৰত এফআইআৰ ৰুজু হোৱাৰ পাছতে তেওঁ এই ভাবুকি প্ৰদান কৰিছে।

হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি এলভিছ যাদৱে ব্লগপোষ্টত মানেকা গান্ধীয়ে তেওঁৰ ভাবমূৰ্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে সত্য অতি সোনকালে ওলাই আহিব। তেওঁ কয়, "মানেকা গান্ধীয়ে মোক সাপ যোগানকাৰীৰ মুৰব্বী বুলি কৈছিল। মই তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিম।"ইউটিউবাৰজনে আৰু কয়, "মই তেওঁলোকক এৰি নিদিও। এতিয়া মই এই সকলোবোৰ কথাত সক্ৰিয় হৈ পৰিছো। আগতে মই ভাবিছিলো যে মই মোৰ সময় নষ্ট কৰা উচিত নহয়, কিন্তু এতিয়া মোৰ ইমেজত প্ৰভাৱ পৰিছে।"

বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱে কয়, "যেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব তেতিয়া মই মূল ভিডিঅ'টো শ্বেয়াৰ কৰিম। মই সকলো দেখুৱাম।এটা প্ৰেছ বিবৃতিও অতি সোনকালে জাৰি কৰা হ'ব যে এলভিছ যাদৱৰ এই গোচৰত কোনো ধৰণে জড়িত নাই। মই এই কথা অতি আত্মবিশ্বাসেৰে কৈছো। অনুগ্ৰহ কৰি সেই ভিডিঅ'টো চাওক আৰু লগতে শ্বেয়াৰ কৰক।"

মানেকা গান্ধীক লক্ষ্য কৰি এলভিছে কয় যে মই সাৰ পাই এফআইআৰখন দেখিলোঁ, য’ত লিখা আছিল যে মেনকা গান্ধীৰ এন জি অ’ (পিপল ফৰ এনিমেল) য়ে এই গোচৰ ৰুজু কৰিছে। সেই মহিলাগৰাকীয়ে (মেনকা গান্ধীয়ে) কৈছিল যে মই ডিঙিত সাপ লৈ ঘূৰি ফুৰো। সেই সকলোবোৰ গীতৰ শ্বুটিঙৰ বাবে আছিল আৰু তাৰ বাহিৰে আন একো নাছিল।"

এই সময়ত এলভিছে সংবাদ মাধ্যমকো ৰেহাই নকৰি কয় যে তেওঁলোকে (সংবাদ মাধ্যমে) টি আৰ পিৰ বাবে যিকোনো ব্যক্তিৰ নাম আৰু ভাবমূর্তিৰ ক্ষতি কৰিব পাৰে। আজি মই উপলব্ধি কৰিলোঁ যে ছ’চিয়েল মিডিয়া আৰু বিশেষকৈ আমাৰ ভাৰতীয় মিডিয়াই যিকোনো কাম কৰিব পাৰে। কাৰোবাক নতুন উচ্চতালৈ লৈ গৈ ভুৱা বাতৰি বিয়পাই কাৰোবাক তললৈ নমাই আনিব পাৰে৷

উল্লেখযোগ্য যে নয়ডা আৰক্ষীয়ে ছেক্টৰ ৪৯ৰ ৰেভ পাৰ্টিৰ সৈতে জড়িত এলভিছ যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ৰেভ পাৰ্টিত সাপৰ বিষ ব্যৱহাৰ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।ইয়াৰ পূৰ্বে এই গোচৰত মানেকা গান্ধীয়ে সংবাদ সংস্থা এএনআইক জনাইছিল যে প্ৰায় এসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ মথুৰাত অভিযান চলোৱা হৈছিল, য’ত আঠজন লোকৰ ওচৰত ৮টা সাপ উদ্ধাৰ হৈছিল। এই লোকসকলে প্ৰকাশ কৰে যে তেওঁলোক এটা গেঙৰ অংশ, যিয়ে ৰেভ পাৰ্টিত মাদক পদাৰ্থ হিচাপে সাপৰ বিষ যোগান ধৰে। লগতে এই গোচৰৰ সৈতে জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ