--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সৰ্পবিহৰ যোগানৰ সৈতে জনপ্ৰিয় ইউটিউবাৰ এলভিছ যাদৱৰ নাম সাঙোৰ খোৱাৰ পাছতে ইণ্টাৰনেট জগতত খলকনি লাগিছে৷এতিয়া ভাৰতীয় জনতা পাৰ্টীৰ সাংসদ মানেকা গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ হুংকাৰ দিছে ইউটিউবাৰ এলভিছ যাদৱে। খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ নয়দাত সাপৰ বিষ যোগান ধৰাৰ গোচৰত এফআইআৰ ৰুজু হোৱাৰ পাছতে তেওঁ এই ভাবুকি প্ৰদান কৰিছে।

হিন্দুস্তান টাইমছৰ বাতৰি অনুসৰি এলভিছ যাদৱে ব্লগপোষ্টত মানেকা গান্ধীয়ে তেওঁৰ ভাবমূৰ্তি কলংকিত কৰাৰ অভিযোগ উত্থাপন কৰি কয় যে সত্য অতি সোনকালে ওলাই আহিব। তেওঁ কয়, "মানেকা গান্ধীয়ে মোক সাপ যোগানকাৰীৰ মুৰব্বী বুলি কৈছিল। মই তেওঁৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিম।"ইউটিউবাৰজনে আৰু কয়, "মই তেওঁলোকক এৰি নিদিও। এতিয়া মই এই সকলোবোৰ কথাত সক্ৰিয় হৈ পৰিছো। আগতে মই ভাবিছিলো যে মই মোৰ সময় নষ্ট কৰা উচিত নহয়, কিন্তু এতিয়া মোৰ ইমেজত প্ৰভাৱ পৰিছে।"

বিগ বছ অ’টিটি ২ বিজয়ী এলভিছ যাদৱে কয়, "যেতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব তেতিয়া মই মূল ভিডিঅ'টো শ্বেয়াৰ কৰিম। মই সকলো দেখুৱাম।এটা প্ৰেছ বিবৃতিও অতি সোনকালে জাৰি কৰা হ'ব যে এলভিছ যাদৱৰ এই গোচৰত কোনো ধৰণে জড়িত নাই। মই এই কথা অতি আত্মবিশ্বাসেৰে কৈছো। অনুগ্ৰহ কৰি সেই ভিডিঅ'টো চাওক আৰু লগতে শ্বেয়াৰ কৰক।"

মানেকা গান্ধীক লক্ষ্য কৰি এলভিছে কয় যে মই সাৰ পাই এফআইআৰখন দেখিলোঁ, য’ত লিখা আছিল যে মেনকা গান্ধীৰ এন জি অ’ (পিপল ফৰ এনিমেল) য়ে এই গোচৰ ৰুজু কৰিছে। সেই মহিলাগৰাকীয়ে (মেনকা গান্ধীয়ে) কৈছিল যে মই ডিঙিত সাপ লৈ ঘূৰি ফুৰো। সেই সকলোবোৰ গীতৰ শ্বুটিঙৰ বাবে আছিল আৰু তাৰ বাহিৰে আন একো নাছিল।"

এই সময়ত এলভিছে সংবাদ মাধ্যমকো ৰেহাই নকৰি কয় যে তেওঁলোকে (সংবাদ মাধ্যমে) টি আৰ পিৰ বাবে যিকোনো ব্যক্তিৰ নাম আৰু ভাবমূর্তিৰ ক্ষতি কৰিব পাৰে। আজি মই উপলব্ধি কৰিলোঁ যে ছ’চিয়েল মিডিয়া আৰু বিশেষকৈ আমাৰ ভাৰতীয় মিডিয়াই যিকোনো কাম কৰিব পাৰে। কাৰোবাক নতুন উচ্চতালৈ লৈ গৈ ভুৱা বাতৰি বিয়পাই কাৰোবাক তললৈ নমাই আনিব পাৰে৷

উল্লেখযোগ্য যে নয়ডা আৰক্ষীয়ে ছেক্টৰ ৪৯ৰ ৰেভ পাৰ্টিৰ সৈতে জড়িত এলভিছ যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। ৰেভ পাৰ্টিত সাপৰ বিষ ব্যৱহাৰ কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।ইয়াৰ পূৰ্বে এই গোচৰত মানেকা গান্ধীয়ে সংবাদ সংস্থা এএনআইক জনাইছিল যে প্ৰায় এসপ্তাহ পূৰ্বে উত্তৰ প্ৰদেশৰ মথুৰাত অভিযান চলোৱা হৈছিল, য’ত আঠজন লোকৰ ওচৰত ৮টা সাপ উদ্ধাৰ হৈছিল। এই লোকসকলে প্ৰকাশ কৰে যে তেওঁলোক এটা গেঙৰ অংশ, যিয়ে ৰেভ পাৰ্টিত মাদক পদাৰ্থ হিচাপে সাপৰ বিষ যোগান ধৰে। লগতে এই গোচৰৰ সৈতে জড়িত সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈও দাবী জনায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু