--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰৰ প্ৰভুভক্তিৰ কথা সকলোৱে জানে। কুকুৰ হৈছে আটাইতকৈ নিষ্ঠাৱান জন্তু। কুকুৰে  মালিকৰ প্ৰতি দেখুওৱা আনুগত্যৰ বাবে জনাজাত। আপুনি নিশ্চয় কুকুৰৰ এনে গুণৰ বিষয়ে বহু কাহিনী শুনিছে । মানুহৰ অনুগত কুকুৰকলৈ   বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।  কুকুৰৰ প্ৰভুভক্তিৰ অন্য এক পোহৰলৈ আহিছে। 

কেৰালাৰ কান্নুৰ জিলাৰ এটা কুকুৰে চাৰি মাহ ধৰি  এখন চিকিৎসালয়ৰ শৱগৃহৰ বাহিৰত মালিকৰ বাবে অপেক্ষা কৰি আছে।কুকুৰটোৰ মালিক অসুস্থ হৈ পৰাৰ পিছত তেওঁক সেই চিকিৎসালয়লৈ নিয়া হৈছিল। লগত গৈছিল কুকুৰটোও । চিকিৎসা চলি থকাৰ সময়তে  কুকুৰটোৰ মালিক জনৰ  মৃত্যু হৈছিল। তেওঁৰ  মৃতদেহটো মৰ্গলৈ অনা হৈছিল, কুকুৰটোও তাত উপস্থিত হৈছিল। তেতিয়াৰে  পৰা কুকুৰটোৱোে মৰ্গৰ বাহিৰতে অপেক্ষা কৰি আছে।  

কান্নুৰৰ জিলা চিকিৎসালয়ৰ এজন কৰ্মচাৰী বিকাশ কুমাৰে কয়, "চাৰি মাহ আগতে এজন ৰোগী চিকিৎসালয়লৈ আহিছিল আৰু ৰোগীজনৰ সৈতে এটা কুকুৰ আছিল। ৰোগীজনৰ মৃত্যু হৈছিল আৰু কুকুৰটোৱে মালিকক শৱগৃহলৈ লৈ যোৱা দেখিছিল। কুকুৰটোৱে হয়তো  ভাবিছে  যে মালিক এতিয়াও ইয়াতে আছে। কুকুৰটোৱে এই ঠাই এৰি নাযায় আৰু যোৱা চাৰি মাহ ধৰি ইয়াতেই আছে। ’’

বিকাশ কুমাৰে ক'লে, ' কুকুৰটোৱে কেতিয়াও  মৰ্গৰ ভিতৰলৈ নাযায়। কেৱল গেটৰ কাষত  বহি থাকে । গোটেই দিনটো বহুতো মৃতদেহ মৰ্গলৈ অনা হয়। কুকুৰটোৱে  কাৰো ক্ষতি নকৰে। কুকুৰটোৱে মৰ্গলৈ অনা   প্ৰতিটো মৃতদেহলৈ আশাৰে চায় । প্ৰথমতে কুকুৰটোৱে  খোৱা-বোৱা বন্ধ কৰিছিল, কিন্তু লাহে লাহে  বিস্কুট আৰু পিঠা খোৱা আৰম্ভ কৰিছে’’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ