--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কুকুৰৰ প্ৰভুভক্তিৰ কথা সকলোৱে জানে। কুকুৰ হৈছে আটাইতকৈ নিষ্ঠাৱান জন্তু। কুকুৰে  মালিকৰ প্ৰতি দেখুওৱা আনুগত্যৰ বাবে জনাজাত। আপুনি নিশ্চয় কুকুৰৰ এনে গুণৰ বিষয়ে বহু কাহিনী শুনিছে । মানুহৰ অনুগত কুকুৰকলৈ   বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছে।  কুকুৰৰ প্ৰভুভক্তিৰ অন্য এক পোহৰলৈ আহিছে। 

কেৰালাৰ কান্নুৰ জিলাৰ এটা কুকুৰে চাৰি মাহ ধৰি  এখন চিকিৎসালয়ৰ শৱগৃহৰ বাহিৰত মালিকৰ বাবে অপেক্ষা কৰি আছে।কুকুৰটোৰ মালিক অসুস্থ হৈ পৰাৰ পিছত তেওঁক সেই চিকিৎসালয়লৈ নিয়া হৈছিল। লগত গৈছিল কুকুৰটোও । চিকিৎসা চলি থকাৰ সময়তে  কুকুৰটোৰ মালিক জনৰ  মৃত্যু হৈছিল। তেওঁৰ  মৃতদেহটো মৰ্গলৈ অনা হৈছিল, কুকুৰটোও তাত উপস্থিত হৈছিল। তেতিয়াৰে  পৰা কুকুৰটোৱোে মৰ্গৰ বাহিৰতে অপেক্ষা কৰি আছে।  

কান্নুৰৰ জিলা চিকিৎসালয়ৰ এজন কৰ্মচাৰী বিকাশ কুমাৰে কয়, "চাৰি মাহ আগতে এজন ৰোগী চিকিৎসালয়লৈ আহিছিল আৰু ৰোগীজনৰ সৈতে এটা কুকুৰ আছিল। ৰোগীজনৰ মৃত্যু হৈছিল আৰু কুকুৰটোৱে মালিকক শৱগৃহলৈ লৈ যোৱা দেখিছিল। কুকুৰটোৱে হয়তো  ভাবিছে  যে মালিক এতিয়াও ইয়াতে আছে। কুকুৰটোৱে এই ঠাই এৰি নাযায় আৰু যোৱা চাৰি মাহ ধৰি ইয়াতেই আছে। ’’

বিকাশ কুমাৰে ক'লে, ' কুকুৰটোৱে কেতিয়াও  মৰ্গৰ ভিতৰলৈ নাযায়। কেৱল গেটৰ কাষত  বহি থাকে । গোটেই দিনটো বহুতো মৃতদেহ মৰ্গলৈ অনা হয়। কুকুৰটোৱে  কাৰো ক্ষতি নকৰে। কুকুৰটোৱে মৰ্গলৈ অনা   প্ৰতিটো মৃতদেহলৈ আশাৰে চায় । প্ৰথমতে কুকুৰটোৱে  খোৱা-বোৱা বন্ধ কৰিছিল, কিন্তু লাহে লাহে  বিস্কুট আৰু পিঠা খোৱা আৰম্ভ কৰিছে’’।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু