--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰকাশ পালে গুজৰাট নিৰ্বাচনৰ বহুপ্ৰত্যাশিত এক্জিট প’ল (EXIT POLL)। দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে প্ৰকাশ কৰা এই এক্জিট প’লত বিজেপিকে আগস্থানত দিয়া দিখা গৈছে।

 

ৰিপাব্লিক টিভিৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ১২৮ক পৰা ১৪৮খনকৈ আসন। কংগ্ৰেছে লাভ কৰিছে ৩০ৰ পৰা ৪২খন আসন। আনহাতে নিৰ্বাচনটোত ব্যাপক জনসমৰ্থন লাভ কৰা বুলি দাবী কৰি অহা আম আদমী পাৰ্টিক দিছে মাত্ৰ ১০ খন আসন।

এনডিটিভৰ (NDTV)ৰ সমীক্ষাত বিজেপিক দিয়া হৈছে ১২৮খন আসনকংগ্ৰেছক দিয়া হৈছে ৪৪খন আসনআম আদমী পাৰ্টীক দিয়া হৈছে ৭খন আসন

 

টিভি নাইন (TV9)-ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ১২৫ৰ পৰা ১৩০ খন আসন। কংগ্ৰেছে লাভ কৰিছে ৪০ৰ পৰা ৫০খন আসন। আনহাতে আম আদমী পাৰ্টিয়ে লাভ কৰিছে ৩ৰ পৰা ৭ খন আসন।

 

‘জন কী বাত’ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ১১৭ৰ পৰা ১৪০খন আসন। কংগ্ৰেছে লাভ কৰিছে ৩৪ৰ পৰা ৫১ খন আসন। আম আদমী পাৰ্টিয়ে লাভ কৰিছে ৬ৰ পৰা ১৩খন আসন।

 

উল্লেখ্য যে ১৮২ আসন থকা গুজৰাটত চৰকাৰ গঠনৰ বাবে লাগে ৯২খন আসন। দীৰ্ঘদিন ধৰি বিজেপি ক্ষমতাত থকা ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আম আদমী পাৰ্টিয়ে ব্যাপক ৰাজনৈতিক প্ৰচাৰ কাৰ্য চলাইছিল। কিন্তু আপৰ এই উত্থানক প্ৰতিহত কৰি শেহতীয়া এক্জিট প’লসমূহত বিজেপিয়ে আগস্থান লাভ কৰাটো ব্যাপক তাৎপৰ্য বহন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক