--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰকাশ পালে গুজৰাট নিৰ্বাচনৰ বহুপ্ৰত্যাশিত এক্জিট প’ল (EXIT POLL)। দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে প্ৰকাশ কৰা এই এক্জিট প’লত বিজেপিকে আগস্থানত দিয়া দিখা গৈছে।

 

ৰিপাব্লিক টিভিৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ১২৮ক পৰা ১৪৮খনকৈ আসন। কংগ্ৰেছে লাভ কৰিছে ৩০ৰ পৰা ৪২খন আসন। আনহাতে নিৰ্বাচনটোত ব্যাপক জনসমৰ্থন লাভ কৰা বুলি দাবী কৰি অহা আম আদমী পাৰ্টিক দিছে মাত্ৰ ১০ খন আসন।

এনডিটিভৰ (NDTV)ৰ সমীক্ষাত বিজেপিক দিয়া হৈছে ১২৮খন আসন। কংগ্ৰেছক দিয়া হৈছে ৪৪খন আসন। আম আদমী পাৰ্টীক দিয়া হৈছে ৭খন আসন।

 

টিভি নাইন (TV9)-ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ১২৫ৰ পৰা ১৩০ খন আসন। কংগ্ৰেছে লাভ কৰিছে ৪০ৰ পৰা ৫০খন আসন। আনহাতে আম আদমী পাৰ্টিয়ে লাভ কৰিছে ৩ৰ পৰা ৭ খন আসন।

 

‘জন কী বাত’ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ১১৭ৰ পৰা ১৪০খন আসন। কংগ্ৰেছে লাভ কৰিছে ৩৪ৰ পৰা ৫১ খন আসন। আম আদমী পাৰ্টিয়ে লাভ কৰিছে ৬ৰ পৰা ১৩খন আসন।

 

উল্লেখ্য যে ১৮২ আসন থকা গুজৰাটত চৰকাৰ গঠনৰ বাবে লাগে ৯২খন আসন। দীৰ্ঘদিন ধৰি বিজেপি ক্ষমতাত থকা ৰাজ্যখনত চৰকাৰ গঠনৰ বাবে আম আদমী পাৰ্টিয়ে ব্যাপক ৰাজনৈতিক প্ৰচাৰ কাৰ্য চলাইছিল। কিন্তু আপৰ এই উত্থানক প্ৰতিহত কৰি শেহতীয়া এক্জিট প’লসমূহত বিজেপিয়ে আগস্থান লাভ কৰাটো ব্যাপক তাৎপৰ্য বহন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু