--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গুজৰাট নিৰ্বাচনৰ লগে লগে প্ৰকাশ পাইছে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰো এক্জিট পল (EXIT POLL)। দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে চলোৱা এই সমীক্ষাত সুবিধাজনক স্থান লাভ কৰিছে কংগ্ৰেছে।

 

ইণ্ডিয়া টুডে গ্ৰুপে চলোৱা সমীক্ষাত প্ৰকাশ পাইছে যে হিমাচল প্ৰদেশত কংগ্ৰেছ আৰু বিজেপিয়ে অত্যন্ত কঠিন প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে। ইণ্ডিয়া টুডে-ৰ সমীক্ষাত কংগ্ৰেছে ৩০ৰ পৰা ৪০খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ২৪ৰ পৰা ৩৪খন আসন।

 

আনহাতে, REPUBLIC TVয়ে গুজৰাটৰ দৰেই হিমাচল প্ৰদেশতো বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে। ৰিপাব্লিক টিভিৰ সমীক্ষাত বিজেপিয়ে ৩৪ৰ পৰা ৩৯খন আসন লাভ কৰিব বুলি কোৱা হৈছে।  কংগ্ৰেছক দিয়া হৈছে ২৮ৰ পৰা ৩৩ খন আসন।

 

ঠিক একেদৰে টাইমছ নাও-ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ৩৪ৰ পৰা ৪২খন আসন। কংগ্ৰেছে লাভ কৰিছে ২৪ৰ পৰা ৩২খন আসন।

 

ৰিপাব্লিক পি-মাৰ্ক (P—MARQ)-এ চলোৱা সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ৩৪ৰ পৰা ৩৯ খন আসন। কংগ্ৰেছে লাভ কৰিছে ২৮ৰ পৰা ৩৩খন আসন।

জি নিউজ-ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ৩৫ৰ পৰা ৪০খন আসন। কংগ্ৰেছে লাভ কৰিছে ২০ৰ পৰা ২৫খন আসন।

 

‘জন কী বাত’ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ৩২ৰ পৰা ৪০খন আসন। কংগ্ৰছে লাভ কৰিছে ২৭ৰ পৰা ৩৪খন আসন।

 

উল্লেখ্য যে ৬৮ খন আসন থকা হিমাচলত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩৫খন আসনৰ। আম আদমী পাৰ্টিয়েও ৰাজ্যখনত শক্তিশালী প্ৰচাৰ চলালেও কংগ্ৰেছ আৰু বিজেপিকে মুখ্যস্থান দিছে দেশৰ আগশাৰীৰ চেনেসমূহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু