--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গুজৰাট নিৰ্বাচনৰ লগে লগে প্ৰকাশ পাইছে হিমাচল প্ৰদেশৰ নিৰ্বাচনৰো এক্জিট পল (EXIT POLL)। দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে চলোৱা এই সমীক্ষাত সুবিধাজনক স্থান লাভ কৰিছে কংগ্ৰেছে।

 

ইণ্ডিয়া টুডে গ্ৰুপে চলোৱা সমীক্ষাত প্ৰকাশ পাইছে যে হিমাচল প্ৰদেশত কংগ্ৰেছ আৰু বিজেপিয়ে অত্যন্ত কঠিন প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হৈছে। ইণ্ডিয়া টুডে-ৰ সমীক্ষাত কংগ্ৰেছে ৩০ৰ পৰা ৪০খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ২৪ৰ পৰা ৩৪খন আসন।

 

আনহাতে, REPUBLIC TVয়ে গুজৰাটৰ দৰেই হিমাচল প্ৰদেশতো বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে। ৰিপাব্লিক টিভিৰ সমীক্ষাত বিজেপিয়ে ৩৪ৰ পৰা ৩৯খন আসন লাভ কৰিব বুলি কোৱা হৈছে।  কংগ্ৰেছক দিয়া হৈছে ২৮ৰ পৰা ৩৩ খন আসন।

 

ঠিক একেদৰে টাইমছ নাও-ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ৩৪ৰ পৰা ৪২খন আসন। কংগ্ৰেছে লাভ কৰিছে ২৪ৰ পৰা ৩২খন আসন।

 

ৰিপাব্লিক পি-মাৰ্ক (P—MARQ)-এ চলোৱা সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ৩৪ৰ পৰা ৩৯ খন আসন। কংগ্ৰেছে লাভ কৰিছে ২৮ৰ পৰা ৩৩খন আসন।

জি নিউজ-ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ৩৫ৰ পৰা ৪০খন আসন। কংগ্ৰেছে লাভ কৰিছে ২০ৰ পৰা ২৫খন আসন।

 

‘জন কী বাত’ৰ সমীক্ষাত বিজেপিয়ে লাভ কৰিছে ৩২ৰ পৰা ৪০খন আসন। কংগ্ৰছে লাভ কৰিছে ২৭ৰ পৰা ৩৪খন আসন।

 

উল্লেখ্য যে ৬৮ খন আসন থকা হিমাচলত চৰকাৰ গঠনৰ বাবে প্ৰয়োজন ৩৫খন আসনৰ। আম আদমী পাৰ্টিয়েও ৰাজ্যখনত শক্তিশালী প্ৰচাৰ চলালেও কংগ্ৰেছ আৰু বিজেপিকে মুখ্যস্থান দিছে দেশৰ আগশাৰীৰ চেনেসমূহে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement