--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৫ বছৰৰ পাছত দিল্লী পৌৰ নিগমৰ পৰা আঁতৰ হ’ব বিজেপি! দিল্লী পৌৰ নিগমৰ নিৰ্বাচনৰ এক্জিট প’ল (EXIT POLL)সমূহত সেই কথাই প্ৰতিপন্ন হৈছে। দেশৰ আগশাৰীৰ নিউজ চেনেলসমূহে চলোৱা এই এক্জিট প’লসমূহত আম আদমী পাৰ্টিয়ে শীৰ্ষস্থান লাভ কৰিছে।

NDTVৰ সমীক্ষাত AAPক দিয়া হৈছে ১৫৫খন আসন। বিজেপিক দিয়া হৈছে ৮৪ খন আসন। ইয়াৰ বিপৰীতে কংগ্ৰেছক দিয়া হৈছে ৭খন আসন।

আজটক-এক্সিছ মাই ইণ্ডিয়া (Aaj Tak-Axis My India)-ৰ সমীক্ষামতে, আপে লাভ কৰিছে ১৪৯ৰ পৰা ১৭১খন আসন। বিজেপিয়ে লাভ কৰিছে ৬৯ৰ পৰা ৭১ খন আসন। 

টাইমছ নাও-ইটিজি (Times Now-ETG)-ৰ সমীক্ষামতে, আপে লাভ কৰিব ১৪৬ৰ পৰা ১৫৬ খন আসন। বিজেপিয়ে লাভ কৰিছে ৮৪ৰ পৰা ৯৪খন আসন।

নিউজ এক্স-জন কী বাতৰ সমীক্ষা মতে, আপে ১৫৯ৰ পৰা ১৭৫খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৭০ৰ পৰা ৯২খন আসন।
আনহাতে, সকলো সমীক্ষাতে পিছ পৰি আছে কংগ্ৰেছ। কংগ্ৰেছে মাত্ৰ ১০খন আসনতে সন্তুষ্ট থাকিব বুলি কোৱা হৈছে।

উল্লেখ্য যে দিল্লী পৌৰ নিগমত ২৫০খন আসন আছে। আম আদমী পাৰ্টিয়ে দিল্লীত কৰা উন্নয়নমূলক কাম-কাজৰ বাবেই পৌৰ নিগমত এই বিপুল বিজয় লাভ কৰিব বুলি কোৱা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement