--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়া ৰ সৈতে টাটা গ্ৰুপৰ আছে তেজৰ সম্পৰ্ক। ৬৮ বছৰ পূৰ্বে ১৯৩২ চনত জেআৰডি টাটা (JRD Tata) ই প্ৰতিষ্ঠা কৰিছিল এয়াৰ ইণ্ডিয়া। জেআৰডি টাটাই নিজে পাইলট হিচাপে এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন বিমানৰ উৰণ আৰম্ভ কৰিছিল।  ১৯৫৩ চনত এয়াৰ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। অৱশেষত টাটাই প্ৰতিষ্ঠা কৰা এয়াৰ ইণ্ডিয়াক ১৮০০০ কোটি টকাৰ বিনিময়ত টাটা কোম্পানীয়েই ক্ৰয় কৰিলে ইয়াৰ লগে-লগে আনুষ্ঠানিকভাৱে এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ অধীনলৈ যায়। এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপলৈ হস্তান্তৰ হোৱাৰ পাছতে এতিয়া টাটাই লোকচানৰ মুখ দেখিব বুলি দেশৰ বিজ্ঞমহলে দাবী কৰিছে। এয়াৰ ইণ্ডিয়াই যোৱা ১৫ বছৰ ধৰি নিৰন্তৰভাৱে লোকচানৰ সন্মুখীন হৈ আহিছে। কোম্পানীটোৰ সামগ্ৰিকভাৱে এতিয়ালৈ প্ৰায় ৮০,০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে আৰু দৈনিক লোকচানৰ পৰিমাণ প্ৰায় ২০ কোটি টকা। চৰকাৰৰ অদূৰদৰ্শী নীতিৰ বাবেই এয়াৰ ইণ্ডিয়াই ভৰিবলগীয়া হৈছিল লোকচানৰ উপৰি লোকচান। ধাৰৰ বোজাত পোত গৈছিল এয়াৰ ইণ্ডিয়া। এনে সময়তে বিমান পৰিবহন সংস্থাটো পুনৰ ইয়াৰ জন্মদাতাৰ কাষলৈ উভতি আহিছে। শেহতীয়াকৈ চৰকাৰৰ হাতৰ পৰা পুনৰ টাটাই এয়াৰ ইণ্ডিয়াক নিজৰ হাতলৈ নিছে। পৰিসংখ্যা দিশলৈ চালে গম পোৱা য়ায যে এয়াৰলাইনটো এনে এক বিপৰ্যয়লৈ গতি কৰিছে যৰ পৰা ইয়াৰ পৰা ওলাই অহাটো প্ৰায় অসম্ভৱ। ইয়াৰ বিপৰীতে এয়াৰ ইণ্ডিয়াৰ ব্যক্তিগতকৰণ কৰাত চৰকাৰে যেন যথেষ্ট সকাহ লাভ কৰিছে, কিয়নো এয়াৰ ইণ্ডিয়াক লৈ চৰকাৰে কেৱল ঋণতে পুত গৈ আছিল। সময়তহে লক্ষণীয় হব এয়াৰ ইণ্ডিয়াক লৈ টাটাই লাভৰে সন্মুখীন হয় নে লোকচানৰ ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম