--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়াৰ ইণ্ডিয়া ৰ সৈতে টাটা গ্ৰুপৰ আছে তেজৰ সম্পৰ্ক। ৬৮ বছৰ পূৰ্বে ১৯৩২ চনত জেআৰডি টাটা (JRD Tata) ই প্ৰতিষ্ঠা কৰিছিল এয়াৰ ইণ্ডিয়া। জেআৰডি টাটাই নিজে পাইলট হিচাপে এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন বিমানৰ উৰণ আৰম্ভ কৰিছিল।  ১৯৫৩ চনত এয়াৰ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল। অৱশেষত টাটাই প্ৰতিষ্ঠা কৰা এয়াৰ ইণ্ডিয়াক ১৮০০০ কোটি টকাৰ বিনিময়ত টাটা কোম্পানীয়েই ক্ৰয় কৰিলে ইয়াৰ লগে-লগে আনুষ্ঠানিকভাৱে এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপৰ অধীনলৈ যায়। এয়াৰ ইণ্ডিয়া টাটা গ্ৰুপলৈ হস্তান্তৰ হোৱাৰ পাছতে এতিয়া টাটাই লোকচানৰ মুখ দেখিব বুলি দেশৰ বিজ্ঞমহলে দাবী কৰিছে। এয়াৰ ইণ্ডিয়াই যোৱা ১৫ বছৰ ধৰি নিৰন্তৰভাৱে লোকচানৰ সন্মুখীন হৈ আহিছে। কোম্পানীটোৰ সামগ্ৰিকভাৱে এতিয়ালৈ প্ৰায় ৮০,০০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে আৰু দৈনিক লোকচানৰ পৰিমাণ প্ৰায় ২০ কোটি টকা। চৰকাৰৰ অদূৰদৰ্শী নীতিৰ বাবেই এয়াৰ ইণ্ডিয়াই ভৰিবলগীয়া হৈছিল লোকচানৰ উপৰি লোকচান। ধাৰৰ বোজাত পোত গৈছিল এয়াৰ ইণ্ডিয়া। এনে সময়তে বিমান পৰিবহন সংস্থাটো পুনৰ ইয়াৰ জন্মদাতাৰ কাষলৈ উভতি আহিছে। শেহতীয়াকৈ চৰকাৰৰ হাতৰ পৰা পুনৰ টাটাই এয়াৰ ইণ্ডিয়াক নিজৰ হাতলৈ নিছে। পৰিসংখ্যা দিশলৈ চালে গম পোৱা য়ায যে এয়াৰলাইনটো এনে এক বিপৰ্যয়লৈ গতি কৰিছে যৰ পৰা ইয়াৰ পৰা ওলাই অহাটো প্ৰায় অসম্ভৱ। ইয়াৰ বিপৰীতে এয়াৰ ইণ্ডিয়াৰ ব্যক্তিগতকৰণ কৰাত চৰকাৰে যেন যথেষ্ট সকাহ লাভ কৰিছে, কিয়নো এয়াৰ ইণ্ডিয়াক লৈ চৰকাৰে কেৱল ঋণতে পুত গৈ আছিল। সময়তহে লক্ষণীয় হব এয়াৰ ইণ্ডিয়াক লৈ টাটাই লাভৰে সন্মুখীন হয় নে লোকচানৰ ?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা