--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰাজপথত বসুৰ হ’ল’গ্ৰাম প্ৰতিমূৰ্তি উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঘোষণা কৰে যে প্ৰকৃত মূৰ্তিটো স্থাপন সম্পূৰ্ণ নোহোৱালৈকে, প্ৰতিমূৰ্তিটোৰ স্থানত বসুৰ এটা হলোগ্ৰাম নিৰ্মাণ কৰা হ'ব। সূত্ৰ অনুসৰি, অহা আগষ্ট মাহত ইণ্ডিয়া গেটৰ ছাউনিত সম্পূৰ্ণ গ্ৰেনাইটেৰে নিৰ্মিত হব সুভাষ চন্দ্ৰৰ সম্পূৰ্ণ প্ৰতিমূৰ্তি । কিন্তু প্ৰধানমন্ত্ৰীলৈ এই প্ৰতিমূৰ্তিটোৰ নিৰ্মাণৰ ওপৰত আপত্তি জনাই এখন লিখিত পত্ৰ প্ৰেৰণ কৰিছে বসু পৰিয়ালৰ এজন সদস্যই। বসু পৰিয়ালৰ মতে, নেতাজীৰ প্ৰণামৰ প্ৰতিমূৰ্তি ইণ্ডিয়া গেটত স্থাপন কৰাটো উপযুক্ত নহব, কাৰণ দিল্লীত মাত্ৰ এদিনৰ বাবেহে পেৰেড অনুষ্ঠিত হয়। বাকী সময়ত নেতাজীৰ মূৰ্তিৰ সন্মুখ ভাগ একেবাৰে খালী হৈ থাকিব। তাৰোপৰি গোটেই বছৰ তেখেতৰ দৰে ব্যক্তিত্বৰ এজন লোকৰ মূৰ্তি এটা প্ৰণামৰ ভঙ্গীত ৰখাটো উচিত নহয়। পৰিয়ালৰ লোকে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰ সন্দৰ্ভত প্ৰকাশ পাই যে "মই পৰিয়ালৰ আন সদস্যসকলৰ সৈতে কথা পাতিছো। পৰিয়ালৰ সকলো লোকৰে পৰা মই মতামত লোৱাৰ পাছত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিছিলো। যিহেতু মূৰ্তিটো নিৰ্মাণ আৰু স্থাপন কৰিবলৈ এতিয়াও যথেষ্ট সময় বাকী আছে, সেয়েহে আমি আমাৰ নিজৰ ধৰণে প্ৰস্তাৱ দিছো। তেওঁ লগতে এইটোও দাবী কৰিছে যে নেতাজীৰ জীয়ৰী অনিতা বসু পাফেও পৰিয়াল পৰ্যায়ত প্ৰতি মূৰ্তিটোৰ ওপৰত তেওঁৰ আপত্তি দৰ্শাইছে। নেতাজীৰ প্ৰতিমূৰ্তিটো উৰিষ্যাৰ অদ্বৈত গদানায়কে ইণ্ডিয়া গেটত নিৰ্মাণ কৰিব। তেওঁ হৈছে নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টৰ সঞ্চালক প্ৰধান। তেওঁ বৰ্তমান দিল্লীত আছে। অদ্বৈতে বসুৰ পৰিয়ালৰ সৈতে ফোনত কথা পাতিছে আৰু এই সন্দৰ্ভত বসু পৰিয়ালে তেওঁলোকৰ মত ব্যক্ত কৰিছে। গীতিকাৰ জাভেদ আখটাৰেও নেতাজীৰ প্ৰতিমূৰ্তি স্থাপনৰ সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে, প্ৰকল্পটোৰ ধাৰণা ঠিকেই আছে কিন্তু স্থাপনৰ স্থান সঠিক হোৱা নাই। বৃহস্পতিবাৰে জাভেদে টুইট কৰে যে, "নেতাজীৰ মূৰ্তিৰ ধাৰণা ঠিকেই আছে কিন্তু প্ৰতিমূৰ্তিটোৰ নিৰ্বাচন সঠিক নহয়। গোটেই দিনটো যান-বাহন ইয়াৰ চাৰিওফালে ঘূৰি থাকিব আৰু মূৰ্তিটো অভিবাদনৰ ভংগীমাত থিয় হৈ থাকিব। এইটোৱে তেওঁৰ মৰ্যাদা আৰু সন্মান ভাৰতৰ লগতে বিদেশতো ম্লান কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ