--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগত ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ৰাজপথত বসুৰ হ’ল’গ্ৰাম প্ৰতিমূৰ্তি উদ্বোধন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ঘোষণা কৰে যে প্ৰকৃত মূৰ্তিটো স্থাপন সম্পূৰ্ণ নোহোৱালৈকে, প্ৰতিমূৰ্তিটোৰ স্থানত বসুৰ এটা হলোগ্ৰাম নিৰ্মাণ কৰা হ'ব। সূত্ৰ অনুসৰি, অহা আগষ্ট মাহত ইণ্ডিয়া গেটৰ ছাউনিত সম্পূৰ্ণ গ্ৰেনাইটেৰে নিৰ্মিত হব সুভাষ চন্দ্ৰৰ সম্পূৰ্ণ প্ৰতিমূৰ্তি । কিন্তু প্ৰধানমন্ত্ৰীলৈ এই প্ৰতিমূৰ্তিটোৰ নিৰ্মাণৰ ওপৰত আপত্তি জনাই এখন লিখিত পত্ৰ প্ৰেৰণ কৰিছে বসু পৰিয়ালৰ এজন সদস্যই। বসু পৰিয়ালৰ মতে, নেতাজীৰ প্ৰণামৰ প্ৰতিমূৰ্তি ইণ্ডিয়া গেটত স্থাপন কৰাটো উপযুক্ত নহব, কাৰণ দিল্লীত মাত্ৰ এদিনৰ বাবেহে পেৰেড অনুষ্ঠিত হয়। বাকী সময়ত নেতাজীৰ মূৰ্তিৰ সন্মুখ ভাগ একেবাৰে খালী হৈ থাকিব। তাৰোপৰি গোটেই বছৰ তেখেতৰ দৰে ব্যক্তিত্বৰ এজন লোকৰ মূৰ্তি এটা প্ৰণামৰ ভঙ্গীত ৰখাটো উচিত নহয়। পৰিয়ালৰ লোকে প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰ সন্দৰ্ভত প্ৰকাশ পাই যে "মই পৰিয়ালৰ আন সদস্যসকলৰ সৈতে কথা পাতিছো। পৰিয়ালৰ সকলো লোকৰে পৰা মই মতামত লোৱাৰ পাছত প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ লিখিছিলো। যিহেতু মূৰ্তিটো নিৰ্মাণ আৰু স্থাপন কৰিবলৈ এতিয়াও যথেষ্ট সময় বাকী আছে, সেয়েহে আমি আমাৰ নিজৰ ধৰণে প্ৰস্তাৱ দিছো। তেওঁ লগতে এইটোও দাবী কৰিছে যে নেতাজীৰ জীয়ৰী অনিতা বসু পাফেও পৰিয়াল পৰ্যায়ত প্ৰতি মূৰ্তিটোৰ ওপৰত তেওঁৰ আপত্তি দৰ্শাইছে। নেতাজীৰ প্ৰতিমূৰ্তিটো উৰিষ্যাৰ অদ্বৈত গদানায়কে ইণ্ডিয়া গেটত নিৰ্মাণ কৰিব। তেওঁ হৈছে নেচনেল গেলেৰী অৱ মডাৰ্ণ আৰ্টৰ সঞ্চালক প্ৰধান। তেওঁ বৰ্তমান দিল্লীত আছে। অদ্বৈতে বসুৰ পৰিয়ালৰ সৈতে ফোনত কথা পাতিছে আৰু এই সন্দৰ্ভত বসু পৰিয়ালে তেওঁলোকৰ মত ব্যক্ত কৰিছে। গীতিকাৰ জাভেদ আখটাৰেও নেতাজীৰ প্ৰতিমূৰ্তি স্থাপনৰ সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে, প্ৰকল্পটোৰ ধাৰণা ঠিকেই আছে কিন্তু স্থাপনৰ স্থান সঠিক হোৱা নাই। বৃহস্পতিবাৰে জাভেদে টুইট কৰে যে, "নেতাজীৰ মূৰ্তিৰ ধাৰণা ঠিকেই আছে কিন্তু প্ৰতিমূৰ্তিটোৰ নিৰ্বাচন সঠিক নহয়। গোটেই দিনটো যান-বাহন ইয়াৰ চাৰিওফালে ঘূৰি থাকিব আৰু মূৰ্তিটো অভিবাদনৰ ভংগীমাত থিয় হৈ থাকিব। এইটোৱে তেওঁৰ মৰ্যাদা আৰু সন্মান ভাৰতৰ লগতে বিদেশতো ম্লান কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা