--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

পানীৰ অভাৱত বৰফ ভাঙি খাইছিল ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীয়ে

ডিজিটেল ডেস্ক : ‘এয়া মোৰ সন্তান নহয়, মোদীজীৰ সন্তান... আমি আশাহত হৈ পৰিছিলোঁ। কিন্তু মোদীজীয়ে তেওঁলোকক ঘৰলৈ ঘূৰাই আনিলে।’ এয়া এগৰাকী আৱেগিক পিতৃৰ মন্তব্য। যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা সন্তান সোঁশৰীৰে আহি ভাৰতত পদাৰ্পন কৰাৰ পাছতে আৱেগিক পিতৃগৰাকীয়ে এই মন্তব্য কৰে। যুদ্ধজৰ্জৰ ছুমীত ভয়াৱহ পৰিস্থিতিৰ মাজত আবদ্ধ হৈ পৰা প্ৰায় সাতশ ভাৰতীয় শিক্ষাৰ্থীক দেশলৈ ওভতাই অনাত সফল হ’ল চৰকাৰ। দীঘলীয়া অনিশ্চতা আৰু উদ্বেগ-অস্থিৰতাৰ পাছত দেশখনৰ পৰা ওভতাই অনা হ’ল ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক। যিসকলৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন একপ্ৰকাৰ অসম্ভৱ যেন বোধ হৈছিল বিগত সময়ছোৱাত। ছুমীৰ পৰা দীঘলীয়া পথৰ পৰিক্ৰমা অতিক্ৰম কৰি দেশত তেওঁলোক উপস্থিত হোৱাৰ পাছে আৱেগ বিহ্বল পৰিস্থিতিৰ সৃষ্টি হয় বিমানবন্দৰত। নিজ সন্তানত চিন্তাত উদ্বিগ্ন আৰু অস্থিৰ সময় পাৰ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ পিতৃ-মাতৃয়ে অকাতৰে প্ৰশংসাৰে ওপচাই পেলায় কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। কাশ্মীৰৰ বাসিন্দা সঞ্জয় পণ্ডিতাই ইউক্ৰেইনৰ ছুমীপৰ বধ্যভূমিৰ পৰা নিজ সন্তানক সুকলমে দেশলৈ ওভতাই লৈ অহাৰ পাছত মোদী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। আৱেগিক সঞ্জয়ে অশ্ৰুসিক্ত নয়নেৰে কয়, "মই ক'ব বিচাৰোঁ যে মোদীজীৰ পুত্ৰ ঘূৰি আহিছে, মোৰ পুত্ৰ নহয়।" তীব্ৰ আৱেগৰ বন্যাত একপ্ৰকাৰ বুৰ যোৱা লোকজনে কয় যে, ছুমীৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিয়ে তেওঁলোকক আশাহত কৰি পেলাইছিল। যাৰ বাবে তেওঁ সন্তান উভতি অহাৰ আশা একপ্ৰকাৰ এৰি পেলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু সেই অসম্ভৱক সম্ভৱ কৰি তোলা বাবে তেওঁ চৰকাৰৰ ওচৰত অতি কৃতজ্ঞ। দেশৰ মাটিত ছাত্ৰ-ছাত্ৰীসকলে পদাৰ্পন কৰাৰ পাছতে এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছিল। দিল্লী বিমানবন্দৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ওলাই আহি তেওঁলোকৰ পিতৃ-মাতৃক সাবটি ধৰিছিল। সন্তানক চাবলৈ, তেওঁলোকক আঁকোৱালি ল’বলৈ অভিভাৱকসকলে পাঁচ-ছয় ঘণ্টা ধৰি তাত অপেক্ষা কৰি আছিল। বহু অভিভাৱক আৰু পৰিয়ালৰ সদস্যই মিঠাই বিতৰণ কৰিছিল আৰু তেওঁলোকৰ সন্তানক মালা পিন্ধাইছিল আৰু আনসকলে তেওঁলোকৰ আগমনৰ পাছত তেওঁলোকক ফুলৰ তোৰা যচাৰ লগকে তেওঁলোকক আৱেগেৰে আকোৱালি ধৰা দেখা গৈছিল। ভালেমান লোকে "ভাৰত মাতা কী জয়" আৰু "মোদী হে তো মুমকিন হে"ৰ শ্লোগান দি চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাও দেখা গৈছিল। উল্লেখ্য যে, উত্তৰ-পূব ইউক্ৰেইনৰ সংঘৰ্ষজৰ্জৰ ছুমী চহৰৰ পৰা উদ্ধাৰ ৬৭৪ জন ভাৰতীয়ক লৈ তিনিখন বিশেষ বিমানে শুকুৰবাৰে দিল্লীত অৱতৰণ কৰে। এক দুৰ্বিসহ পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰি অহা এইসকল শিক্ষাৰ্থীয়ে তেওঁলোকে সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতিৰ বিষয়ে ব্যক্ত কৰে। কাশ্মীৰৰ বাসিন্দা সঞ্জয় পণ্ডিতাই সংবাদ মাধ্যমৰ আগত কয় যে, তেওঁ যেতিয়া পুত্ৰক কিবা খোৱাৰ কথা সুধিছিল তেতিয়া তেওঁ উত্তৰ দিছিল যে, এগিলাছ পানী খাব খোজে। ইমানদিনে তেওঁলোকে এগিলাছ পানীও ভালদৰে খাবলৈ পোৱা নাছিল বুলি ব্যক্ত কৰি তেওঁ কয় যে, বৰফ ভাঙি খাই জীৱন ৰক্ষা কৰিবলগীয়া হৈছিল তেওঁৰ পুত্ৰসহ আন শিক্ষাৰ্থীসকলে। এয়াৰ ইণ্ডিয়াৰ এখন আৰু এখন ইণ্ডিগোৰ বিমানে দুৰ্গত শিক্ষাৰ্থীসকলক লৈ পুৱা ৫.৪৫ বজাত আৰু ১২.২০ বজাত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। আনহাতে ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানখনে ২১৩ জন যাত্ৰীক লৈ দিনৰ ১২.১৫ বজাত হিন্দন বিমানঘাটী অৱতৰণ কৰিছিল। BFC-new-banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
'জয় আই অসম' ধ্বনিৰে মুখৰ হ'ব চিকাগো
দিছপুৰৰ ৰাজপথ উত্তাল কৰি প্ৰতিবন্ধীৰ প্রতিবাদ
হামবাৰ্গৰ ইণ্ডিয়া উইকত অসমৰ সাংবাদিকৰ চুটি ছবি প্ৰদৰ্শিত
ইজৰাইল-ইৰানৰ যুদ্ধ-বিৰতি
ইৰানৰ ৪০০ কেজি ইউৰেনিয়াম ক'ত?
ঘিউ খাই ওজন কমাব পাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত
আহমেদাবাদ বিমান দুৰ্ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হʼবলৈ লাগিব এবছৰ
ব্ৰহ্মপুত্ৰৰ খহনীয়াত ঘৰ-বাৰী সকলো হেৰুওৱা ছায়িদা মাৰিয়া সুখ্যাতিৰে উত্তীৰ্ণ NEET পৰীক্ষাত
ৰাজা হত্যাকাণ্ড, চোহৰাত 'ক্ৰাইম ছীন ৰিক্ৰিয়েশ্যন'
আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান যাত্ৰা বাতিল
তেহৰান খালী কৰাৰ নিৰ্দেশ ট্ৰাম্পৰ ; জি-৭ সন্মিলন আধাতে এৰি ৱাশ্বিংটনলৈ মাৰ্কিন ৰাষ্ট্ৰপতি