--°C
Loading...
Listen to Article
2 min read
80%

পানীৰ অভাৱত বৰফ ভাঙি খাইছিল ইউক্ৰেইনত আবদ্ধ শিক্ষাৰ্থীয়ে

ডিজিটেল ডেস্ক : ‘এয়া মোৰ সন্তান নহয়, মোদীজীৰ সন্তান... আমি আশাহত হৈ পৰিছিলোঁ। কিন্তু মোদীজীয়ে তেওঁলোকক ঘৰলৈ ঘূৰাই আনিলে।’ এয়া এগৰাকী আৱেগিক পিতৃৰ মন্তব্য। যুদ্ধজৰ্জৰ ইউক্ৰেইনৰ পৰা সন্তান সোঁশৰীৰে আহি ভাৰতত পদাৰ্পন কৰাৰ পাছতে আৱেগিক পিতৃগৰাকীয়ে এই মন্তব্য কৰে। যুদ্ধজৰ্জৰ ছুমীত ভয়াৱহ পৰিস্থিতিৰ মাজত আবদ্ধ হৈ পৰা প্ৰায় সাতশ ভাৰতীয় শিক্ষাৰ্থীক দেশলৈ ওভতাই অনাত সফল হ’ল চৰকাৰ। দীঘলীয়া অনিশ্চতা আৰু উদ্বেগ-অস্থিৰতাৰ পাছত দেশখনৰ পৰা ওভতাই অনা হ’ল ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলক। যিসকলৰ সুৰক্ষিত প্ৰত্যাৱৰ্তন একপ্ৰকাৰ অসম্ভৱ যেন বোধ হৈছিল বিগত সময়ছোৱাত। ছুমীৰ পৰা দীঘলীয়া পথৰ পৰিক্ৰমা অতিক্ৰম কৰি দেশত তেওঁলোক উপস্থিত হোৱাৰ পাছে আৱেগ বিহ্বল পৰিস্থিতিৰ সৃষ্টি হয় বিমানবন্দৰত। নিজ সন্তানত চিন্তাত উদ্বিগ্ন আৰু অস্থিৰ সময় পাৰ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকলৰ পিতৃ-মাতৃয়ে অকাতৰে প্ৰশংসাৰে ওপচাই পেলায় কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। কাশ্মীৰৰ বাসিন্দা সঞ্জয় পণ্ডিতাই ইউক্ৰেইনৰ ছুমীপৰ বধ্যভূমিৰ পৰা নিজ সন্তানক সুকলমে দেশলৈ ওভতাই লৈ অহাৰ পাছত মোদী চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। আৱেগিক সঞ্জয়ে অশ্ৰুসিক্ত নয়নেৰে কয়, "মই ক'ব বিচাৰোঁ যে মোদীজীৰ পুত্ৰ ঘূৰি আহিছে, মোৰ পুত্ৰ নহয়।" তীব্ৰ আৱেগৰ বন্যাত একপ্ৰকাৰ বুৰ যোৱা লোকজনে কয় যে, ছুমীৰ সংঘৰ্ষজৰ্জৰ পৰিস্থিতিয়ে তেওঁলোকক আশাহত কৰি পেলাইছিল। যাৰ বাবে তেওঁ সন্তান উভতি অহাৰ আশা একপ্ৰকাৰ এৰি পেলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু সেই অসম্ভৱক সম্ভৱ কৰি তোলা বাবে তেওঁ চৰকাৰৰ ওচৰত অতি কৃতজ্ঞ। দেশৰ মাটিত ছাত্ৰ-ছাত্ৰীসকলে পদাৰ্পন কৰাৰ পাছতে এক আৱেগিক পৰিৱেশৰ সৃষ্টি হৈছিল। দিল্লী বিমানবন্দৰৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে ওলাই আহি তেওঁলোকৰ পিতৃ-মাতৃক সাবটি ধৰিছিল। সন্তানক চাবলৈ, তেওঁলোকক আঁকোৱালি ল’বলৈ অভিভাৱকসকলে পাঁচ-ছয় ঘণ্টা ধৰি তাত অপেক্ষা কৰি আছিল। বহু অভিভাৱক আৰু পৰিয়ালৰ সদস্যই মিঠাই বিতৰণ কৰিছিল আৰু তেওঁলোকৰ সন্তানক মালা পিন্ধাইছিল আৰু আনসকলে তেওঁলোকৰ আগমনৰ পাছত তেওঁলোকক ফুলৰ তোৰা যচাৰ লগকে তেওঁলোকক আৱেগেৰে আকোৱালি ধৰা দেখা গৈছিল। ভালেমান লোকে "ভাৰত মাতা কী জয়" আৰু "মোদী হে তো মুমকিন হে"ৰ শ্লোগান দি চৰকাৰৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰাও দেখা গৈছিল। উল্লেখ্য যে, উত্তৰ-পূব ইউক্ৰেইনৰ সংঘৰ্ষজৰ্জৰ ছুমী চহৰৰ পৰা উদ্ধাৰ ৬৭৪ জন ভাৰতীয়ক লৈ তিনিখন বিশেষ বিমানে শুকুৰবাৰে দিল্লীত অৱতৰণ কৰে। এক দুৰ্বিসহ পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰি অহা এইসকল শিক্ষাৰ্থীয়ে তেওঁলোকে সন্মুখীন হোৱা ভয়াৱহ পৰিস্থিতিৰ বিষয়ে ব্যক্ত কৰে। কাশ্মীৰৰ বাসিন্দা সঞ্জয় পণ্ডিতাই সংবাদ মাধ্যমৰ আগত কয় যে, তেওঁ যেতিয়া পুত্ৰক কিবা খোৱাৰ কথা সুধিছিল তেতিয়া তেওঁ উত্তৰ দিছিল যে, এগিলাছ পানী খাব খোজে। ইমানদিনে তেওঁলোকে এগিলাছ পানীও ভালদৰে খাবলৈ পোৱা নাছিল বুলি ব্যক্ত কৰি তেওঁ কয় যে, বৰফ ভাঙি খাই জীৱন ৰক্ষা কৰিবলগীয়া হৈছিল তেওঁৰ পুত্ৰসহ আন শিক্ষাৰ্থীসকলে। এয়াৰ ইণ্ডিয়াৰ এখন আৰু এখন ইণ্ডিগোৰ বিমানে দুৰ্গত শিক্ষাৰ্থীসকলক লৈ পুৱা ৫.৪৫ বজাত আৰু ১২.২০ বজাত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে। আনহাতে ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানখনে ২১৩ জন যাত্ৰীক লৈ দিনৰ ১২.১৫ বজাত হিন্দন বিমানঘাটী অৱতৰণ কৰিছিল। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ