--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বিভাজনৰ সময়৷ ১৯৪৭ চনত ইণ্ডো-পাকিস্তান বিভাজন হৈছিল, এই বিভাজনৰ আঘাত কিন্তু এতিয়াও বহুপৰিয়ালৰ হৃদয়ত সজীৱ হৈ আছে। ভাৰত বিভাজনত কেৱল দুখন দেশ বিভক্ত হোৱা, একে সময়তে বহুতো মানুহ এজনে আনজনৰ পৰা পৃথক হ’বলগা হৈছিল, অৰ্থাৎ বহুতো পৰিয়াল দিশহাৰা হৈ পৰিছিল৷ হয়তো আজিও তেনেকুৱা বহুতো পৰিয়াল ওলাব, যিয়ে ভাৰত বিভাজনৰ সময়ত দিশহাৰা হোৱাৰ পাছত আজিও কোনো শুংসূত্ৰ নাই৷  ১৯৪৭ত মানৱ ইতিহাসৰ সৰ্ববৃহৎ গণপ্ৰব্ৰজনৰ সময়ত কমেও ২০নিযুত লোক স্থানচ্যুত হৈছিল৷ ভাৰত-পাকিস্তান বিভাজনৰ সময়ত তেনে এটা পৰিয়াল পৃথক হৈছিল। আৰু সেই পৰিয়ালটো এতিয়া পুনঃমিলন হোৱা খবৰটোৱে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহম্মদ চিদ্দিকী আৰু ভাতৃ মহম্মদ হাবিব ভাৰত বিভাজনৰ সময়তে সন্ধানহীন হৈ পৰিছিল৷ মহম্মদ চিদ্দিকী পাকিস্তানৰ ফৈজালাবাদত বাস কৰে, আনহাতে তেওঁৰ ভায়েক হাবিব ভাৰতৰ পঞ্জাৱত বাস কৰে। প্ৰায় ৭৪ বছৰৰ পাছত দুয়োজন ককায়েক-ভায়েকৰ পুনঃমিলন ঘটিছে৷ ভাৰত আৰু পাকিস্তান বিভাজনৰ ৭৪ বছৰ পাছত, পাকিস্তানৰ গুৰুদ্বাৰা দৰবাৰ চাহিবত তেওঁলোকৰ মিলন হৈছে, কৰতাৰপুৰ কৰিডৰত ইজনে সিজনক সাবটি ধৰি কান্দোনত ভাগি পৰিছে। দুয়োজন বিচ্ছিন্ন ভাতৃৰ ভিডিঅ’ সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে্। ককায়েক-ভায়েক এতিয়া সীমান্তৰ কৰতাৰপুৰ ক’ৰিডৰ খুলি দুয়াৰ বাবে দুয়োখন দেশৰ চৰকাৰক ধন্যবাদ জনাইছে৷ এই ক’ৰিডৰৰ জৰিয়তে, ভাৰতৰ জনসাধাৰণে কোনো ভিছা অবিহনে পাকিস্তানৰ কৰতাৰপুৰ ক’ৰিডৰলৈ যাব পাৰে। ভাৰতৰ জনসাধাৰণে কৰতাৰপুৰ ক’ৰিডৰৰ যোগেদি অনুমতি অবিহনে পাকিস্তানৰ ভূমিত ভৰি দিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু