--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত বিভাজনৰ সময়৷ ১৯৪৭ চনত ইণ্ডো-পাকিস্তান বিভাজন হৈছিল, এই বিভাজনৰ আঘাত কিন্তু এতিয়াও বহুপৰিয়ালৰ হৃদয়ত সজীৱ হৈ আছে। ভাৰত বিভাজনত কেৱল দুখন দেশ বিভক্ত হোৱা, একে সময়তে বহুতো মানুহ এজনে আনজনৰ পৰা পৃথক হ’বলগা হৈছিল, অৰ্থাৎ বহুতো পৰিয়াল দিশহাৰা হৈ পৰিছিল৷ হয়তো আজিও তেনেকুৱা বহুতো পৰিয়াল ওলাব, যিয়ে ভাৰত বিভাজনৰ সময়ত দিশহাৰা হোৱাৰ পাছত আজিও কোনো শুংসূত্ৰ নাই৷  ১৯৪৭ত মানৱ ইতিহাসৰ সৰ্ববৃহৎ গণপ্ৰব্ৰজনৰ সময়ত কমেও ২০নিযুত লোক স্থানচ্যুত হৈছিল৷ ভাৰত-পাকিস্তান বিভাজনৰ সময়ত তেনে এটা পৰিয়াল পৃথক হৈছিল। আৰু সেই পৰিয়ালটো এতিয়া পুনঃমিলন হোৱা খবৰটোৱে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে৷ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মহম্মদ চিদ্দিকী আৰু ভাতৃ মহম্মদ হাবিব ভাৰত বিভাজনৰ সময়তে সন্ধানহীন হৈ পৰিছিল৷ মহম্মদ চিদ্দিকী পাকিস্তানৰ ফৈজালাবাদত বাস কৰে, আনহাতে তেওঁৰ ভায়েক হাবিব ভাৰতৰ পঞ্জাৱত বাস কৰে। প্ৰায় ৭৪ বছৰৰ পাছত দুয়োজন ককায়েক-ভায়েকৰ পুনঃমিলন ঘটিছে৷ ভাৰত আৰু পাকিস্তান বিভাজনৰ ৭৪ বছৰ পাছত, পাকিস্তানৰ গুৰুদ্বাৰা দৰবাৰ চাহিবত তেওঁলোকৰ মিলন হৈছে, কৰতাৰপুৰ কৰিডৰত ইজনে সিজনক সাবটি ধৰি কান্দোনত ভাগি পৰিছে। দুয়োজন বিচ্ছিন্ন ভাতৃৰ ভিডিঅ’ সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে্। ককায়েক-ভায়েক এতিয়া সীমান্তৰ কৰতাৰপুৰ ক’ৰিডৰ খুলি দুয়াৰ বাবে দুয়োখন দেশৰ চৰকাৰক ধন্যবাদ জনাইছে৷ এই ক’ৰিডৰৰ জৰিয়তে, ভাৰতৰ জনসাধাৰণে কোনো ভিছা অবিহনে পাকিস্তানৰ কৰতাৰপুৰ ক’ৰিডৰলৈ যাব পাৰে। ভাৰতৰ জনসাধাৰণে কৰতাৰপুৰ ক’ৰিডৰৰ যোগেদি অনুমতি অবিহনে পাকিস্তানৰ ভূমিত ভৰি দিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ