--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেইবছৰমান আগতে জ্যোতিৰ্বিজ্ঞানীসকলে সন্ধান লাভ কৰা এটা নতুন গ্ৰহৰ বিষদ বিৱৰণ লাভ কৰিছে। সৌৰজগতৰ পৰা ১,৮০০ আলোকবৰ্ষ দূৰত থকা নতুন গ্ৰহটো সন্দৰ্ভত উত্‍সুকতা অব্যাহত আছে বৈজ্ঞানিক মহলত। ২০১৪ চনত আৱিষ্কাৰ কৰা হৈছিল এই নতুন গ্ৰহটো। বিজ্ঞানীসকলে ইয়াৰ নাম দিছে WASP-103b। নতুনকৈ আৱিষ্কৃত এই এক্স’প্লেনেটটো দেখাত আলু সদৃশ। ই সৌৰজগতৰ পৰা ১,৮০০ আলোকবৰ্ষ দূৰত থকা ‘হাৰকিউলিচ’ নামৰ নক্ষত্ৰমণ্ডলত অৱস্থিত। জ্যোতিৰ্বিজ্ঞানীসকলে এই নতুন গ্ৰহটোৰ নক্ষত্ৰটোৰ নাম দিছে WASP-103। পৃথিৱী আৰু সূৰ্যৰ দূৰত্বতকৈ WASP-103b ইয়াৰ নক্ষত্ৰ WASP-103ৰ ৫০ গুণ ওচৰত অৱস্থিত। তদুপৰি পৃথিৱীক সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ যেনেকৈ প্ৰায় ৩৬৫ দিন সময় লাগে, তাৰ তুলনাত নতুন গ্ৰহটোক ইয়াৰ নক্ষত্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ মাত্ৰ ২২ ঘন্টা সময়হে লাগে। অৰ্থাত্‍ চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এটা পাক সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়তকৈও কম। ‘লাভ নাম্বাৰ’ৰ মতে নতুন গ্ৰহটো প্ৰায় বৃহস্পতি গ্ৰহৰ দৰেই। ‘লাভ নাম্বাৰ’ হৈছে এটা পদ্ধতি যাৰ দ্বাৰা গ্ৰহৰ কঠিনতা জোখা হয়। বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে WASP-103bৰ এটা কঠিন কেন্দ্ৰ আছে। এই কঠিন স্তৰটো তৰল পদাৰ্থৰ স্তৰেৰে আবৃত। লগতে গেছীয় বায়ুমণ্ডলেৰে গ্ৰহটো আৱৰি আছে। ই ঠিক সৌৰজগতৰ বৃহস্পতি গ্ৰহটোৰ দৰে। পৰ্তুগালৰ পোৰ্তো বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যোতিৰ্বিজ্ঞানী চুচানা বাৰোছে উল্লেখ কৰে যে যদি এই গ্ৰহটো সৌৰজগতৰ বৃহস্পতিতকৈ ১.৫ গুণ অধিক ওজনৰ হয়, তেন্তে ইয়াৰ ব্যাসাৰ্ধ বৃহস্পতিতকৈ দুগুণ ডাঙৰ হ’ব। তেওঁৰ মতে WASP-103B ইয়াৰ নক্ষত্ৰ WASP-103ৰ উষ্ণতাৰ লগতে অন্যান্য প্ৰণালীৰ বাবে অত্যাধিক ফুলা আকৃতিৰ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি