--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কেইবছৰমান আগতে জ্যোতিৰ্বিজ্ঞানীসকলে সন্ধান লাভ কৰা এটা নতুন গ্ৰহৰ বিষদ বিৱৰণ লাভ কৰিছে। সৌৰজগতৰ পৰা ১,৮০০ আলোকবৰ্ষ দূৰত থকা নতুন গ্ৰহটো সন্দৰ্ভত উত্‍সুকতা অব্যাহত আছে বৈজ্ঞানিক মহলত। ২০১৪ চনত আৱিষ্কাৰ কৰা হৈছিল এই নতুন গ্ৰহটো। বিজ্ঞানীসকলে ইয়াৰ নাম দিছে WASP-103b। নতুনকৈ আৱিষ্কৃত এই এক্স’প্লেনেটটো দেখাত আলু সদৃশ। ই সৌৰজগতৰ পৰা ১,৮০০ আলোকবৰ্ষ দূৰত থকা ‘হাৰকিউলিচ’ নামৰ নক্ষত্ৰমণ্ডলত অৱস্থিত। জ্যোতিৰ্বিজ্ঞানীসকলে এই নতুন গ্ৰহটোৰ নক্ষত্ৰটোৰ নাম দিছে WASP-103। পৃথিৱী আৰু সূৰ্যৰ দূৰত্বতকৈ WASP-103b ইয়াৰ নক্ষত্ৰ WASP-103ৰ ৫০ গুণ ওচৰত অৱস্থিত। তদুপৰি পৃথিৱীক সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ যেনেকৈ প্ৰায় ৩৬৫ দিন সময় লাগে, তাৰ তুলনাত নতুন গ্ৰহটোক ইয়াৰ নক্ষত্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ মাত্ৰ ২২ ঘন্টা সময়হে লাগে। অৰ্থাত্‍ চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এটা পাক সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়তকৈও কম। ‘লাভ নাম্বাৰ’ৰ মতে নতুন গ্ৰহটো প্ৰায় বৃহস্পতি গ্ৰহৰ দৰেই। ‘লাভ নাম্বাৰ’ হৈছে এটা পদ্ধতি যাৰ দ্বাৰা গ্ৰহৰ কঠিনতা জোখা হয়। বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে WASP-103bৰ এটা কঠিন কেন্দ্ৰ আছে। এই কঠিন স্তৰটো তৰল পদাৰ্থৰ স্তৰেৰে আবৃত। লগতে গেছীয় বায়ুমণ্ডলেৰে গ্ৰহটো আৱৰি আছে। ই ঠিক সৌৰজগতৰ বৃহস্পতি গ্ৰহটোৰ দৰে। পৰ্তুগালৰ পোৰ্তো বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যোতিৰ্বিজ্ঞানী চুচানা বাৰোছে উল্লেখ কৰে যে যদি এই গ্ৰহটো সৌৰজগতৰ বৃহস্পতিতকৈ ১.৫ গুণ অধিক ওজনৰ হয়, তেন্তে ইয়াৰ ব্যাসাৰ্ধ বৃহস্পতিতকৈ দুগুণ ডাঙৰ হ’ব। তেওঁৰ মতে WASP-103B ইয়াৰ নক্ষত্ৰ WASP-103ৰ উষ্ণতাৰ লগতে অন্যান্য প্ৰণালীৰ বাবে অত্যাধিক ফুলা আকৃতিৰ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু