--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘এয়াই পুৰুষত্ব নেকি? যুৱতীসকলক ভয়-ভাবুকি দিয়া, গুণ্ডাগিৰী কৰা’- হিজাবক লৈ হোৱা বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বলীউডৰ প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰে৷ উল্লেখ্য যে, কৰ্ণাটকৰ মহাবিদ্যালয়সমূহত হিজাবক লৈ হোৱা বিতৰ্কই দেশজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ এই সন্দৰ্ভত দেশ বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ অলপতে কমল হাছান, ৰিচা চাধাই যুৱতীসকলক হাৰাশাস্তি কৰাৰ বাবে প্ৰতিবাদকাৰীসকলক সমালোচনা কৰিছিল। আজি জাভেদ আখটাৰে টুইটযোগে এই ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে। জাভেদ আখটাৰে লিখিছিল, ‘মই কেতিয়াও হিজাব বা বোৰ্খাৰ পক্ষত নাছিলো। মই এতিয়াও নিজৰ কথাত অটল আছো, কিন্তু একে সময়তে যুৱতীসকলৰ ওপৰত হোৱা নিৰ্যাতন কেতিয়াও পক্ষপাতী নহয়৷ যুৱতীসকলৰ ওপৰত হোৱা গুণ্ডাগিৰী মই কেতিয়াও সহ্য নকৰো৷ লগতে তেওঁ এইবুলিও কয় যে, ‘এইটো পুৰুষত্ব নেকি? ভয় খুৱাবলৈ চেষ্টা কৰা, গুণ্ডাগিৰী কৰা। এয়া বৰ দুখৰ বিষয়।’ ইয়াৰ আগতে, কমল হাছানে কৈছিল যে ‘কৰ্ণাটকত যি ঘটিছে ভাৰত নিচিনা দেশ এখনৰ বাবে বৰ লজ্জাজনক। মিছাকৈ শিক্ষাৰ্থীসকলৰ মাজত ধৰ্মীয় বিষৰ দেৱাল নিৰ্মাণ কৰা হৈছে। চুবুৰীয়া ৰাজ্যখনত যি ঘটিছে সেয়া তামিলনাডুত ঘটিব নালাগে।’ ইতিমধ্যে এই বিবাদ উচ্চতম ন্যায়ালয়ৰতো দাৰস্থ হৈছে। বৃহস্পতিবাৰে, এজন আৱেদনকাৰীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে উচ্চতম ন্যায়ালয়ক বিষয়টো বিষয়ে অৱগত কৰি উচিত ৰায়দান দিবলৈ অনুৰোধ জনাইছিল। কিন্তু মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক কৈছিল যে, বিষয়টো কৰ্ণাটক উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। উচ্চ ন্যায়ালয়ে প্ৰথমে সিদ্ধান্ত লোৱা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু