--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ‘এয়াই পুৰুষত্ব নেকি? যুৱতীসকলক ভয়-ভাবুকি দিয়া, গুণ্ডাগিৰী কৰা’- হিজাবক লৈ হোৱা বিতৰ্কৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বলীউডৰ প্ৰবীণ গীতিকাৰ জাভেদ আখটাৰে৷ উল্লেখ্য যে, কৰ্ণাটকৰ মহাবিদ্যালয়সমূহত হিজাবক লৈ হোৱা বিতৰ্কই দেশজুৰি সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ এই সন্দৰ্ভত দেশ বিভিন্ন মহলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ অলপতে কমল হাছান, ৰিচা চাধাই যুৱতীসকলক হাৰাশাস্তি কৰাৰ বাবে প্ৰতিবাদকাৰীসকলক সমালোচনা কৰিছিল। আজি জাভেদ আখটাৰে টুইটযোগে এই ঘটনাটোক তীব্ৰ গৰিহণা দিয়ে। জাভেদ আখটাৰে লিখিছিল, ‘মই কেতিয়াও হিজাব বা বোৰ্খাৰ পক্ষত নাছিলো। মই এতিয়াও নিজৰ কথাত অটল আছো, কিন্তু একে সময়তে যুৱতীসকলৰ ওপৰত হোৱা নিৰ্যাতন কেতিয়াও পক্ষপাতী নহয়৷ যুৱতীসকলৰ ওপৰত হোৱা গুণ্ডাগিৰী মই কেতিয়াও সহ্য নকৰো৷ লগতে তেওঁ এইবুলিও কয় যে, ‘এইটো পুৰুষত্ব নেকি? ভয় খুৱাবলৈ চেষ্টা কৰা, গুণ্ডাগিৰী কৰা। এয়া বৰ দুখৰ বিষয়।’ ইয়াৰ আগতে, কমল হাছানে কৈছিল যে ‘কৰ্ণাটকত যি ঘটিছে ভাৰত নিচিনা দেশ এখনৰ বাবে বৰ লজ্জাজনক। মিছাকৈ শিক্ষাৰ্থীসকলৰ মাজত ধৰ্মীয় বিষৰ দেৱাল নিৰ্মাণ কৰা হৈছে। চুবুৰীয়া ৰাজ্যখনত যি ঘটিছে সেয়া তামিলনাডুত ঘটিব নালাগে।’ ইতিমধ্যে এই বিবাদ উচ্চতম ন্যায়ালয়ৰতো দাৰস্থ হৈছে। বৃহস্পতিবাৰে, এজন আৱেদনকাৰীৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে উচ্চতম ন্যায়ালয়ক বিষয়টো বিষয়ে অৱগত কৰি উচিত ৰায়দান দিবলৈ অনুৰোধ জনাইছিল। কিন্তু মুখ্য ন্যায়াধীশ এন ভি ৰমনাই তেওঁক কৈছিল যে, বিষয়টো কৰ্ণাটক উচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। উচ্চ ন্যায়ালয়ে প্ৰথমে সিদ্ধান্ত লোৱা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ