--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ভাইজান ছলমান খানৰ বিয়া কেতিয়া হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ ধৰা দিয়ে তেওঁৰ অনুৰাগীসকলৰ মাজত। হেণ্ডছাম ছলমান খানৰ আশে-পাশে এতিয়াও যুৱতীৰ ভিৰ লাগে তথাপিও কিন্তু আজিলৈকে এগৰাকী জীৱনসংগী বাচি লোৱা নাই অভিনেতাজনে। ছলমানৰ খানৰ বৰ্তমান বয়স ৫৬। আজিও ছলমান খান ভাৰতৰ 'মষ্ট এলিজিবল বেচ্ছলৰ'। ছলমান খান বুলি ক'লেই সেই একেই উন্মাদনা দেখিবলৈ পোৱা যায়, যিটো ১৫ বা ২০ বছৰ আগতে দেখিবলৈ পোৱা গৈছিল। ছলমান খানৰ জীৱনলৈ বহু সুন্দৰী প্ৰেমিকা হৈ আহিল কিন্তু বিধিৰ বিপাকত এগৰাকীৰ লগতো ভাইজানে সংসাৰৰ পাতনি মেলিব নোৱাৰিলে। বৰ্তমানো তেওঁৰ জীৱনত ইউলিয়া ভাণ্টুৰ নামৰ ৰোমানিয়ান যুৱতীগৰাকী প্ৰেমিকা হিচাপে আছে বুলি কোৱা হৈ যদিও ছলমানে মুকলিকৈ এই সন্দৰ্ভত কোনো কথা আজিলৈকে কোৱা নাই। যেতিয়াই ছলমানৰ বিয়াৰ কথা ওলায় তেতিয়াই তেওঁ এই বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰে। ২০২২ চনত ছলমান খানৰ বিয়া হ'ব নে নাই সেই প্ৰশ্ন পুনৰ উত্থাপিত হৈছে। এই সময়তে ছলমানৰ খুড়াক নেইম খানে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। নেইম খানে কয়-''ছলমানৰ এতিয়া বয়স ৫৬। মই বিচাৰো যে তেওঁ বয়সেৰে ছেঞ্চুৰী মাৰক, কিন্তু তাৰ আগতে ছলমানে বিয়াখন পতাতো জৰুৰী। ছলমানৰ দুই ভাতৃৰ সন্তানো এতিয়া ডাঙৰ হৈ গ'ল,গতিকে এনে পৰিস্থিতিত ছলমান এনেকৈ ৰৈ থকাটো উচিত নহয়। লগতে ছলমানৰ খুড়াকে কয় যে, ''ছলমান পাঠানৰ সন্তান আৰু পাঠানৰ সন্তান কেতিয়াও বুঢ়া নহয়। গতিকে যিকোনো সময়তে তেওঁ বিয়া পাতিব পাৰে। আমাৰ গোটেই পৰিয়ালটোৱে ছলমানৰ বিয়ালৈ বাট চাই আছোঁ। গতিকে তেওঁ সোনকালে বিয়া পাতক আৰু বংশ ৰক্ষা কৰক, সেয়াই আমি কামনা কৰোঁ।'' উল্লেখ্য যে ছলমান খান আৰু খুড়াক নেইম খানৰ সম্পৰ্ক বৰ মধুৰ। ছলমানৰ জন্ম হৈছিল ইন্দোৰত। ছলমানৰ বংশ পৰিয়াল তথা খুড়াক নেইম খানহঁতে এতিয়াও ইন্দোৰত বাস কৰে। খুড়াকে কোৱা বিয়াৰ কথাত ভতিজাকে গুৰুত্ব দিয়ে নে নাই সেয়াহে হ'ব লক্ষ্যণীয়। আৰু পঢ়কঃ বিজেপিত যোগদান গ্ৰেট খালীৰ; ক’লে-”মোদীৰ ৰূপত দেশে সঠিক প্ৰধানমন্ত্ৰী পাইছে”

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু