--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ভাইজান ছলমান খানৰ বিয়া কেতিয়া হ'ব সেয়া এক ডাঙৰ প্ৰশ্ন হৈ ধৰা দিয়ে তেওঁৰ অনুৰাগীসকলৰ মাজত। হেণ্ডছাম ছলমান খানৰ আশে-পাশে এতিয়াও যুৱতীৰ ভিৰ লাগে তথাপিও কিন্তু আজিলৈকে এগৰাকী জীৱনসংগী বাচি লোৱা নাই অভিনেতাজনে। ছলমানৰ খানৰ বৰ্তমান বয়স ৫৬। আজিও ছলমান খান ভাৰতৰ 'মষ্ট এলিজিবল বেচ্ছলৰ'। ছলমান খান বুলি ক'লেই সেই একেই উন্মাদনা দেখিবলৈ পোৱা যায়, যিটো ১৫ বা ২০ বছৰ আগতে দেখিবলৈ পোৱা গৈছিল। ছলমান খানৰ জীৱনলৈ বহু সুন্দৰী প্ৰেমিকা হৈ আহিল কিন্তু বিধিৰ বিপাকত এগৰাকীৰ লগতো ভাইজানে সংসাৰৰ পাতনি মেলিব নোৱাৰিলে। বৰ্তমানো তেওঁৰ জীৱনত ইউলিয়া ভাণ্টুৰ নামৰ ৰোমানিয়ান যুৱতীগৰাকী প্ৰেমিকা হিচাপে আছে বুলি কোৱা হৈ যদিও ছলমানে মুকলিকৈ এই সন্দৰ্ভত কোনো কথা আজিলৈকে কোৱা নাই। যেতিয়াই ছলমানৰ বিয়াৰ কথা ওলায় তেতিয়াই তেওঁ এই বিষয়টোৰ পৰা ফালৰি কাটিব বিচাৰে। ২০২২ চনত ছলমান খানৰ বিয়া হ'ব নে নাই সেই প্ৰশ্ন পুনৰ উত্থাপিত হৈছে। এই সময়তে ছলমানৰ খুড়াক নেইম খানে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। নেইম খানে কয়-''ছলমানৰ এতিয়া বয়স ৫৬। মই বিচাৰো যে তেওঁ বয়সেৰে ছেঞ্চুৰী মাৰক, কিন্তু তাৰ আগতে ছলমানে বিয়াখন পতাতো জৰুৰী। ছলমানৰ দুই ভাতৃৰ সন্তানো এতিয়া ডাঙৰ হৈ গ'ল,গতিকে এনে পৰিস্থিতিত ছলমান এনেকৈ ৰৈ থকাটো উচিত নহয়। লগতে ছলমানৰ খুড়াকে কয় যে, ''ছলমান পাঠানৰ সন্তান আৰু পাঠানৰ সন্তান কেতিয়াও বুঢ়া নহয়। গতিকে যিকোনো সময়তে তেওঁ বিয়া পাতিব পাৰে। আমাৰ গোটেই পৰিয়ালটোৱে ছলমানৰ বিয়ালৈ বাট চাই আছোঁ। গতিকে তেওঁ সোনকালে বিয়া পাতক আৰু বংশ ৰক্ষা কৰক, সেয়াই আমি কামনা কৰোঁ।'' উল্লেখ্য যে ছলমান খান আৰু খুড়াক নেইম খানৰ সম্পৰ্ক বৰ মধুৰ। ছলমানৰ জন্ম হৈছিল ইন্দোৰত। ছলমানৰ বংশ পৰিয়াল তথা খুড়াক নেইম খানহঁতে এতিয়াও ইন্দোৰত বাস কৰে। খুড়াকে কোৱা বিয়াৰ কথাত ভতিজাকে গুৰুত্ব দিয়ে নে নাই সেয়াহে হ'ব লক্ষ্যণীয়। আৰু পঢ়কঃ বিজেপিত যোগদান গ্ৰেট খালীৰ; ক’লে-”মোদীৰ ৰূপত দেশে সঠিক প্ৰধানমন্ত্ৰী পাইছে”

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ