--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গ'ল আমেৰিকাক। টেক্সাছৰ ডালাছ এগজিকুট বিমানবন্দৰত এটা এয়াৰ শ্ব'ৰ সময়তে দুখন বিমানৰ মাজত সংঘৰ্ষ হয়। ফলত মাজ আকাশতে টুকুৰা টুকুৰ হৈ পৰে বিমান দুখন। জানিব পৰা মতে এখন ডাঙৰ বোয়িং বি-১৭ বোমাৰু বিমানৰ সৈতে তুলনামূলকভাৱে সৰু বিমান এখনৰ  সৈতে সংঘৰ্ষ হয়।  দুৰ্ঘটনাটোৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

এয়াৰ শ্ব'ৰ সময়ত এক ভয়ংকৰ দুৰ্ঘটনা। দুয়োখন বিমান মধ্য আকাশতে   সংঘৰ্ষত লিপ্ত হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।  ফলত বিমান দুখন  চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। এই ঘটনাত কমেও ছয়জন লোকৰ মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হৈছে।

টেক্সাছৰ ডালাছ  বিমানবন্দৰত এটা এয়াৰ শ্ব' অনুষ্ঠিত হৈছিল।দুৰ্ঘটনাত পতিত সৰু বিমানখন আছিল বেল পি-৬৩ কিং কোব্ৰা বিমান।

ভিডিঅ'টোত দেখা গৈছে যে  এয়াৰ শ্ব'ৰ সময়ত বোমাৰু বিমান দুখনে  আকাশত উৰি আছিল । হঠাতে এখন বিমানে আন এখন বিমানৰ কাষ চাপি আহিছিল।  নিয়ন্ত্ৰণ হেৰুৱাই, বিমানখনে  পোনপটীয়াকৈ আন খন বিমানত খুন্দা মাৰে। লগে লগে দুয়োখন বিমান আকাশতে  চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। ভঙা বিমান দুখনৰ বিভিন্ন অংশ টুকুৰা টুকুৰাকৈ  তললৈ সৰি পৰে। আকাশত জুইৰ কুণ্ডলীৰ সৃষ্টি হয়।

এয়াৰ শ্ব' চাবলৈ টেক্সাছ বিমানবন্দৰত বহু লোক উপস্থিত আছিল। দুৰ্ঘটনাস্থলীত তেওঁলোকৰ  মাজৰে বহুতৰে কেমেৰাত ধৰা পৰিছিল এই ভয়ংকৰ দৃশ্য । যি দৃশ্য  সামাজিক মাধ্যমত নিমিষৰ  ভিতৰতে ভাইৰেল হৈ পৰিছে।

 দুৰ্ঘটনাটো  কেনেকৈ সংঘটিত হ'ল  সেয়া অনুসন্ধান কৰা হৈছে। ডালাছৰ মেয়ৰ এৰিক জনছনে কয় : "আমাৰ চহৰখনত এটা এয়াৰ শ্ব'ৰ সময়ত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আমাৰ বাবে এতিয়াও ইয়াৰ কাৰণ  অজ্ঞাত। ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা ব'ৰ্ড , ডালাছ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে ''

উল্লেখ্য দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীক পৰাস্ত কৰাত বি-১৭ বোমাৰু বিমানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেতিয়াৰে পৰা এনে বিমান বৃহৎ পৰিমাণে নিৰ্মাণ কৰি অহা হৈছে ।পি-৬৩ কিং কোব্ৰা  বিমানখনো প্ৰথমবাৰৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা হৈছিল। তেনে বিমান তেতিয়া ছোভিয়েট ৰাছিয়াই ব্যৱহাৰ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক