--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ বিমান দুৰ্ঘটনাই জোকাৰি গ'ল আমেৰিকাক। টেক্সাছৰ ডালাছ এগজিকুট বিমানবন্দৰত এটা এয়াৰ শ্ব'ৰ সময়তে দুখন বিমানৰ মাজত সংঘৰ্ষ হয়। ফলত মাজ আকাশতে টুকুৰা টুকুৰ হৈ পৰে বিমান দুখন। জানিব পৰা মতে এখন ডাঙৰ বোয়িং বি-১৭ বোমাৰু বিমানৰ সৈতে তুলনামূলকভাৱে সৰু বিমান এখনৰ  সৈতে সংঘৰ্ষ হয়।  দুৰ্ঘটনাটোৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

এয়াৰ শ্ব'ৰ সময়ত এক ভয়ংকৰ দুৰ্ঘটনা। দুয়োখন বিমান মধ্য আকাশতে   সংঘৰ্ষত লিপ্ত হোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।  ফলত বিমান দুখন  চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। এই ঘটনাত কমেও ছয়জন লোকৰ মৃত্যু ঘটাৰ কথা নিশ্চিত কৰা হৈছে।

টেক্সাছৰ ডালাছ  বিমানবন্দৰত এটা এয়াৰ শ্ব' অনুষ্ঠিত হৈছিল।দুৰ্ঘটনাত পতিত সৰু বিমানখন আছিল বেল পি-৬৩ কিং কোব্ৰা বিমান।

ভিডিঅ'টোত দেখা গৈছে যে  এয়াৰ শ্ব'ৰ সময়ত বোমাৰু বিমান দুখনে  আকাশত উৰি আছিল । হঠাতে এখন বিমানে আন এখন বিমানৰ কাষ চাপি আহিছিল।  নিয়ন্ত্ৰণ হেৰুৱাই, বিমানখনে  পোনপটীয়াকৈ আন খন বিমানত খুন্দা মাৰে। লগে লগে দুয়োখন বিমান আকাশতে  চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। ভঙা বিমান দুখনৰ বিভিন্ন অংশ টুকুৰা টুকুৰাকৈ  তললৈ সৰি পৰে। আকাশত জুইৰ কুণ্ডলীৰ সৃষ্টি হয়।

এয়াৰ শ্ব' চাবলৈ টেক্সাছ বিমানবন্দৰত বহু লোক উপস্থিত আছিল। দুৰ্ঘটনাস্থলীত তেওঁলোকৰ  মাজৰে বহুতৰে কেমেৰাত ধৰা পৰিছিল এই ভয়ংকৰ দৃশ্য । যি দৃশ্য  সামাজিক মাধ্যমত নিমিষৰ  ভিতৰতে ভাইৰেল হৈ পৰিছে।

 দুৰ্ঘটনাটো  কেনেকৈ সংঘটিত হ'ল  সেয়া অনুসন্ধান কৰা হৈছে। ডালাছৰ মেয়ৰ এৰিক জনছনে কয় : "আমাৰ চহৰখনত এটা এয়াৰ শ্ব'ৰ সময়ত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। আমাৰ বাবে এতিয়াও ইয়াৰ কাৰণ  অজ্ঞাত। ৰাষ্ট্ৰীয় পৰিবহন সুৰক্ষা ব'ৰ্ড , ডালাছ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈছে ''

উল্লেখ্য দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীক পৰাস্ত কৰাত বি-১৭ বোমাৰু বিমানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেতিয়াৰে পৰা এনে বিমান বৃহৎ পৰিমাণে নিৰ্মাণ কৰি অহা হৈছে ।পি-৬৩ কিং কোব্ৰা  বিমানখনো প্ৰথমবাৰৰ বাবে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা হৈছিল। তেনে বিমান তেতিয়া ছোভিয়েট ৰাছিয়াই ব্যৱহাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ