--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ ইটাভাটাত বন্ধা শ্ৰমিক হিচাবে কাম কৰি থকা ৩৮ জন ভাৰতীয় লোকক উদ্ধাৰ কৰিছে নেপাল আৰক্ষীয়ে। উদ্ধাৰ কৰা ভাৰতীয় লোকসকলৰ ভিতৰত  মহিলা আৰু শিশুও আছেনেপালৰ  ৰাউতাহাট অঞ্চলৰ পৰা নেপালী কৰ্তৃপক্ষই ভাৰতীয় লোকসকল  উদ্ধাৰ কৰিছে৷

 জিলাখনৰ আৰক্ষীক  ভাৰতৰ তৰফৰ পৰা এই বিষয়ত  অৱগত কৰাৰ পিছতে  নেপাল আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰিছিল। উদ্ধাৰ কৰা ভাৰতীয় লোকসকলৰ উত্তৰ প্ৰদেশ আৰু তেওঁলোকৰ মাজৰে   ২০ জন পুৰুষ আৰু ১৮ টি  শিশু আৰু মহিলা।  কিছুদিন ধৰি তেওঁলোকক ইটা ভাটাটোত  কাম কৰিবলৈ দিয়া হোৱা  নাছিল।  ৰাউতাহাটৰ উপ আৰক্ষী অধীক্ষকে কয় যে ভাৰতীয় লোককেইজনক সুকলমে উদ্ধাৰ কৰা হৈছে। 

তেওঁ লগতে কয়  যে উদ্ধাৰ কৰা ভাৰতীয়সকলৰ প্ৰয়োজনীয়  কাগজপত্ৰ পৰীক্ষা কৰাৰ  পিছত বিহাৰৰ সীতামাঢ়ী জিলাৰ বৈৰগনিয়াত সশস্ত্ৰ সীমা বলৰ হাতত হস্তান্তৰ কৰা হয়। আৰক্ষীৰ মতে উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহি  শ শ পুৰুষ আৰু মহিলাই ৰাউতাহাটৰ ইটা কাৰখানাত কাম কৰে।  বহুতে কাম নোপোৱাকৈয়ে কামৰ আশাত ৰৈ আছে।  

ফলত সেই ঠাইত বহু ভাৰতীয়ৰ অৱস্থা শোচনীয় হৈ পৰিছে।২০১৩ চনতো দক্ষিণ নেপালত বন্ধা শ্ৰমিক হিচাপে কাম কৰা ২৭ টি নাবালকসহ ৬৪ জন ভাৰতীয়ক নেপালী কৰ্তৃপক্ষই উদ্ধাৰ কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ