--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ কিংবদন্তী শিল্পী লতা মংগেশকাৰে সকলোকে কন্দুৱাই ৬ ফেব্ৰুৱাৰীত চিৰদিনলৈ চকু মুদে। এই দুখৰ খবৰত আজিও ভাৰতবাসী শোকস্তব্ধ হৈ আছে। যিয়ে এই খবৰ শুনিছিল সকলোৰে হৃদয় দুখত কাতৰ হৈছিল, কিছুমানে নীৰৱে চকুলোও টুকিছিল। লতা মংগেশকাৰৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ দেশতে শোকৰ ঢৌ উঠিছিল। কিন্তু টিভি অভিনেত্ৰী অংকিতা লোখণ্ডেক যেন চুব পৰা নাছিল লতাজীৰ মৃত্যুৰ দুখে। তেওঁৰ মৃত্যুৰ দিনা অংকিতা লোখণ্ডেই যি কৰিলে, সেই কাণ্ডৰ বাবে তেওঁ সকলোৰে পৰা গৰিহনা খাইছে। ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অংকিতা লোখণ্ডে। যি সময়ত সকলোৱে ছ'চিয়েল মিডিয়াত লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছিল, সেই সময়ত অংকিতা ব্যস্ত আছিল তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ' শ্বেয়াৰ কৰাত। অৱশ্যে এই ভিডিঅ'টো লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বা তেওঁক স্মৰণ কৰাৰ বাবে শ্বেয়াৰ কৰা হোৱা নাছিল। ভিডিঅ'টোত অভিনেত্ৰীগৰাকীক তেওঁৰ স্বামীৰ সৈতে ফূৰ্তি-তামাচা কৰি থকা দেখা গৈছিল। ভিডিঅ'টোত অংকিতাক তেওঁৰ স্বামী বিকি জৈনৰ সৈতে এখন গাড়ীত দেখা গৈছিল। কেৱল এয়াই নহয়, এই ভিডিঅ'টোত অংকিতাক হাৰ্ডি সান্ধুৰ বিখ্যাত গান 'বিজলী বিজলী'ত নৃত্য কৰা দেখা গৈছিল। অংকিতাৰ এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ লগে লগে নেটিজেনসকলে তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু তেওঁক তীব্ৰভাৱে ট্ৰ'ল কৰে।অংকিতা লোখাণ্ডেক ট্ৰ'ল কৰি নেটিজেনসকলে তেওঁক লতা মংগেশকাৰৰ মৃত্যুৰ কথা মনত পেলাই দিছিল। এই সময়ছোৱাত এজনে মন্তব্য কৰি লিখিছিল, "এই সময়ত আপুনি অলপ দুখ প্ৰকাশ কৰক, মেডাম জী, আপুনি কাইলৈও এই সকলোবোৰ কৰিব পাৰিব।" এজনে লিখিছিল, "অংকিতা, আপুনি নাজানে নেকি যে লতা জী এতিয়া আমাৰ সৈতে নাই?" অন্য এজনে অংকিতাক ট্ৰ'ল কৰি লিখিছিল, "সঁচাই বৰ লাজৰ কথা, যি সময়ত সমগ্ৰ দেশে লতাজীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে, আপুনি নৃত্য আৰু গানৰ ভিডিঅ' পোষ্ট কৰিছে। বহু কেইজনে অংকিতাক 'লাজ আছেনে'? বুলি প্ৰশ্ন কৰে। এনেদৰে বহু কেইজন লোকে অংকিতা লোখণ্ডেক কঠোৰ সমালোচনা কৰে আৰু স্থান,কাল,পাত্ৰ অনুসৰি আচাৰ-আচৰণ কৰিবলৈ সকীয়াই দিয়ে। আৰু পঢ়ক: আজি প্ৰ’পজ দে; খুলি কওঁক মনৰ কথা, জানেনে প্ৰ’পজ দে কিয় পালন কৰা হয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু