--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ কিংবদন্তী শিল্পী লতা মংগেশকাৰে সকলোকে কন্দুৱাই ৬ ফেব্ৰুৱাৰীত চিৰদিনলৈ চকু মুদে। এই দুখৰ খবৰত আজিও ভাৰতবাসী শোকস্তব্ধ হৈ আছে। যিয়ে এই খবৰ শুনিছিল সকলোৰে হৃদয় দুখত কাতৰ হৈছিল, কিছুমানে নীৰৱে চকুলোও টুকিছিল। লতা মংগেশকাৰৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ দেশতে শোকৰ ঢৌ উঠিছিল। কিন্তু টিভি অভিনেত্ৰী অংকিতা লোখণ্ডেক যেন চুব পৰা নাছিল লতাজীৰ মৃত্যুৰ দুখে। তেওঁৰ মৃত্যুৰ দিনা অংকিতা লোখণ্ডেই যি কৰিলে, সেই কাণ্ডৰ বাবে তেওঁ সকলোৰে পৰা গৰিহনা খাইছে। ছ'চিয়েল মিডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে অংকিতা লোখণ্ডে। যি সময়ত সকলোৱে ছ'চিয়েল মিডিয়াত লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছিল, সেই সময়ত অংকিতা ব্যস্ত আছিল তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ' শ্বেয়াৰ কৰাত। অৱশ্যে এই ভিডিঅ'টো লতা মংগেশকাৰক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে বা তেওঁক স্মৰণ কৰাৰ বাবে শ্বেয়াৰ কৰা হোৱা নাছিল। ভিডিঅ'টোত অভিনেত্ৰীগৰাকীক তেওঁৰ স্বামীৰ সৈতে ফূৰ্তি-তামাচা কৰি থকা দেখা গৈছিল। ভিডিঅ'টোত অংকিতাক তেওঁৰ স্বামী বিকি জৈনৰ সৈতে এখন গাড়ীত দেখা গৈছিল। কেৱল এয়াই নহয়, এই ভিডিঅ'টোত অংকিতাক হাৰ্ডি সান্ধুৰ বিখ্যাত গান 'বিজলী বিজলী'ত নৃত্য কৰা দেখা গৈছিল। অংকিতাৰ এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ লগে লগে নেটিজেনসকলে তেওঁলোকৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু তেওঁক তীব্ৰভাৱে ট্ৰ'ল কৰে।অংকিতা লোখাণ্ডেক ট্ৰ'ল কৰি নেটিজেনসকলে তেওঁক লতা মংগেশকাৰৰ মৃত্যুৰ কথা মনত পেলাই দিছিল। এই সময়ছোৱাত এজনে মন্তব্য কৰি লিখিছিল, "এই সময়ত আপুনি অলপ দুখ প্ৰকাশ কৰক, মেডাম জী, আপুনি কাইলৈও এই সকলোবোৰ কৰিব পাৰিব।" এজনে লিখিছিল, "অংকিতা, আপুনি নাজানে নেকি যে লতা জী এতিয়া আমাৰ সৈতে নাই?" অন্য এজনে অংকিতাক ট্ৰ'ল কৰি লিখিছিল, "সঁচাই বৰ লাজৰ কথা, যি সময়ত সমগ্ৰ দেশে লতাজীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে, আপুনি নৃত্য আৰু গানৰ ভিডিঅ' পোষ্ট কৰিছে। বহু কেইজনে অংকিতাক 'লাজ আছেনে'? বুলি প্ৰশ্ন কৰে। এনেদৰে বহু কেইজন লোকে অংকিতা লোখণ্ডেক কঠোৰ সমালোচনা কৰে আৰু স্থান,কাল,পাত্ৰ অনুসৰি আচাৰ-আচৰণ কৰিবলৈ সকীয়াই দিয়ে। আৰু পঢ়ক: আজি প্ৰ’পজ দে; খুলি কওঁক মনৰ কথা, জানেনে প্ৰ’পজ দে কিয় পালন কৰা হয়?

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু