--°C
Loading...
Listen to Article
2 min read
80%

২০০০চনত বিবাহ আৰু ২০১৬ চনত বিচ্ছেদ৷ তথাপিও মোহ এৰিব পৰা নাই ফাৰহানৰ৷ প্ৰথমা তথা প্ৰাক্তন পত্নী অধুনাই ছ'চিয়েল মিডিয়াত কৰিলে পোষ্ট...

ডিজিটেল ডেস্ক : দ্বিতীয় বিবাহ কৰাই প্ৰথম পত্নীৰ ক্ষোভৰ বলি হ'ল ফাৰহান আফটাৰ৷ অভিনেতাগৰাকীৰ বিবাহৰ ফটোৱে যেন দগ্ধ কৰিছে প্ৰথমা পত্নীৰ হৃদয়৷ ক্ষোভৰ বিস্ফোৰণ ঘটিল ছ'চিয়েল মিডিয়াত৷ অধুনা ভাবানী আৰু ফাৰহান আখটাৰে ২০০০ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। দম্পতীহালৰ দুগৰাকী কন্যা আছে, নাম ছোনিয়া আৰু আকিৰা। সম্পূৰ্ণ চাৰি বছৰৰ সম্পৰ্কৰ পাছত ফাৰহান আখটাৰে ১৯ ফেব্ৰুৱাৰী শিবানী দাণ্ডেকাৰৰ সৈতে দ্বিতীয় বিবাহপাশত আবদ্ধ হয়। [caption id="attachment_134580" align="alignnone" width="300"] অধুনাৰ সৈতে ফাৰহান[/caption] দ্বিতীয় বিবাহৰ পাছত অধুনা ভাবানীয়ে ছ'চিয়েল মিডিয়াত ফৰহানৰ বিৰুদ্ধে ক্ষোভৰ উজাৰে৷ অৱশ্যে, ফাৰহান আখটাৰ বা তেওঁৰ নৱবিবাহিত পত্নী শিবানী দাণ্ডেকাৰে এই সন্দৰ্ভত একো মন্তব্য কৰা নাই৷ পত্নী শিবানী দাণ্ডেকাৰৰ সৈতে ফাৰহান আখটাৰৰ বিয়াৰ কেইদিনমান পিছত, অধুনা ভাবানীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে য'ত তেওঁ ফাৰহানৰ ওপৰত তীব্ৰ সমালোচনা কৰিছে। এক ইনষ্টাগ্ৰাম পোষ্টত অধুনাই ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক এক সতৰ্কবাণী দিয়ে যে যিসকলে তেওঁৰ বিৰুদ্ধে ভূৱা বাতৰি প্ৰকাশ কৰে তেওঁ সকলোকে ব্লক কৰিব। 'ট্ৰ'ল কৰিবলৈ বন্ধ কৰক। মই সকলোকে ব্লক কৰি আছো যিসকলে মোৰ বুৰুদ্ধে উৰাবাতৰি প্ৰকাশ কৰিছে!' তেওঁ পোষ্টটোত #liveandletlive #goodvibesonly" হেচটেগেৰে শিৰোনাম দিছিল। এই পোষ্টটোত অভিনেত্ৰী প্ৰীতি জিণ্টাই মন্তব্য কৰি লিখে, 'ক'ভিড বাহিৰে জীৱনটো পজিটিভিটি বিয়পি পৰক। লাভ ইউ বেব।' নন্দিতা মহতানি আৰু মনীষা কৈৰালাই এই পোষ্টটোত লাভ ৰিয়েক্ট কৰে৷ ফাৰহান আখটাৰ আৰু অধুনাই ২০১৭ চনত এক যুটীয়া বিবৃতিত তেওঁলোকৰ পৃথকীকৰণৰ কথা ঘোষণা কৰিছিল। অৱশ্যে, তেওঁলোকে কৈছিল যে তেওঁলোকৰ দুগৰাকী কন্যা তেওঁলোকৰ প্ৰাথমিকতা হৈ থাকিব। হেয়াৰষ্টাইলিষ্ট অধুনা অধুনা ভাবানী বলীউডৰ এগৰাকী জনপ্ৰিয় হেয়াৰষ্টাইলিষ্ট। তেওঁৰ নিজা কেইবাটাও সামগ্ৰী, চেলুন আৰু হেয়াৰষ্টাইলিং প্ৰতিষ্ঠান আছে। ফাৰহান আখটাৰ আৰু অধুনা ভাবানীয়ে তিনি বছৰ ধৰি ইজনে সিজনক ডেট কৰাৰ পাছত ২০০০ চনত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকে ২০১৭ চনত পৃথক হৈছিল। ফাৰহান আখটাৰৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত অধুনা ভাবানীয়ে নিকোলো মোৰিয়াৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷ যি বলীউড অভিনেতা ডিনো মোৰিয়াৰ ভায়েক হয়। ২০১৯ চনত নিকোলোৰ সৈতে তেওঁৰ সম্পৰ্ক ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাজহুৱা কৰি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু