--°C
Loading...
Listen to Article
2 min read
80%

২০০০চনত বিবাহ আৰু ২০১৬ চনত বিচ্ছেদ৷ তথাপিও মোহ এৰিব পৰা নাই ফাৰহানৰ৷ প্ৰথমা তথা প্ৰাক্তন পত্নী অধুনাই ছ'চিয়েল মিডিয়াত কৰিলে পোষ্ট...

ডিজিটেল ডেস্ক : দ্বিতীয় বিবাহ কৰাই প্ৰথম পত্নীৰ ক্ষোভৰ বলি হ'ল ফাৰহান আফটাৰ৷ অভিনেতাগৰাকীৰ বিবাহৰ ফটোৱে যেন দগ্ধ কৰিছে প্ৰথমা পত্নীৰ হৃদয়৷ ক্ষোভৰ বিস্ফোৰণ ঘটিল ছ'চিয়েল মিডিয়াত৷ অধুনা ভাবানী আৰু ফাৰহান আখটাৰে ২০০০ চনত বিবাহপাশত আবদ্ধ হৈছিল আৰু ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। দম্পতীহালৰ দুগৰাকী কন্যা আছে, নাম ছোনিয়া আৰু আকিৰা। সম্পূৰ্ণ চাৰি বছৰৰ সম্পৰ্কৰ পাছত ফাৰহান আখটাৰে ১৯ ফেব্ৰুৱাৰী শিবানী দাণ্ডেকাৰৰ সৈতে দ্বিতীয় বিবাহপাশত আবদ্ধ হয়। [caption id="attachment_134580" align="alignnone" width="300"] অধুনাৰ সৈতে ফাৰহান[/caption] দ্বিতীয় বিবাহৰ পাছত অধুনা ভাবানীয়ে ছ'চিয়েল মিডিয়াত ফৰহানৰ বিৰুদ্ধে ক্ষোভৰ উজাৰে৷ অৱশ্যে, ফাৰহান আখটাৰ বা তেওঁৰ নৱবিবাহিত পত্নী শিবানী দাণ্ডেকাৰে এই সন্দৰ্ভত একো মন্তব্য কৰা নাই৷ পত্নী শিবানী দাণ্ডেকাৰৰ সৈতে ফাৰহান আখটাৰৰ বিয়াৰ কেইদিনমান পিছত, অধুনা ভাবানীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে য'ত তেওঁ ফাৰহানৰ ওপৰত তীব্ৰ সমালোচনা কৰিছে। এক ইনষ্টাগ্ৰাম পোষ্টত অধুনাই ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক এক সতৰ্কবাণী দিয়ে যে যিসকলে তেওঁৰ বিৰুদ্ধে ভূৱা বাতৰি প্ৰকাশ কৰে তেওঁ সকলোকে ব্লক কৰিব। 'ট্ৰ'ল কৰিবলৈ বন্ধ কৰক। মই সকলোকে ব্লক কৰি আছো যিসকলে মোৰ বুৰুদ্ধে উৰাবাতৰি প্ৰকাশ কৰিছে!' তেওঁ পোষ্টটোত #liveandletlive #goodvibesonly" হেচটেগেৰে শিৰোনাম দিছিল। এই পোষ্টটোত অভিনেত্ৰী প্ৰীতি জিণ্টাই মন্তব্য কৰি লিখে, 'ক'ভিড বাহিৰে জীৱনটো পজিটিভিটি বিয়পি পৰক। লাভ ইউ বেব।' নন্দিতা মহতানি আৰু মনীষা কৈৰালাই এই পোষ্টটোত লাভ ৰিয়েক্ট কৰে৷ ফাৰহান আখটাৰ আৰু অধুনাই ২০১৭ চনত এক যুটীয়া বিবৃতিত তেওঁলোকৰ পৃথকীকৰণৰ কথা ঘোষণা কৰিছিল। অৱশ্যে, তেওঁলোকে কৈছিল যে তেওঁলোকৰ দুগৰাকী কন্যা তেওঁলোকৰ প্ৰাথমিকতা হৈ থাকিব। হেয়াৰষ্টাইলিষ্ট অধুনা অধুনা ভাবানী বলীউডৰ এগৰাকী জনপ্ৰিয় হেয়াৰষ্টাইলিষ্ট। তেওঁৰ নিজা কেইবাটাও সামগ্ৰী, চেলুন আৰু হেয়াৰষ্টাইলিং প্ৰতিষ্ঠান আছে। ফাৰহান আখটাৰ আৰু অধুনা ভাবানীয়ে তিনি বছৰ ধৰি ইজনে সিজনক ডেট কৰাৰ পাছত ২০০০ চনত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকে ২০১৭ চনত পৃথক হৈছিল। ফাৰহান আখটাৰৰ সৈতে বিচ্ছেদ হোৱাৰ পিছত অধুনা ভাবানীয়ে নিকোলো মোৰিয়াৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷ যি বলীউড অভিনেতা ডিনো মোৰিয়াৰ ভায়েক হয়। ২০১৯ চনত নিকোলোৰ সৈতে তেওঁৰ সম্পৰ্ক ইনষ্টাগ্ৰামৰ জৰিয়তে ৰাজহুৱা কৰি তুলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু