--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰি বিপদত পৰিল বঙালী অভিনেত্ৰী শ্ৰাৱন্তী চেতাৰ্জী। ফটো শ্বেয়াৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিল ৩৪ বছৰীয়া মোহময়ী অভিনেত্ৰীগৰাকী। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। দোষী সাব্যস্ত হ’লেই শ্ৰাৱন্তী চেতাৰ্জী যাব পাৰে জে’ললৈ। কি অপৰাধ কৰিলে শ্ৰাৱন্তীয়ে? অভিনেত্ৰী শ্ৰাৱন্তীয়ে যোৱা ১৫ জানুৱাৰীত তেওঁৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰিছিল এখন ফটো। সেই ফটোখনত শ্ৰাৱন্তীয়ে শিকলিৰে বন্ধা এটা নেউল হাতত লৈ থকা পৰিলক্ষিত হৈছিল। ফটোখন শ্বেয়াৰ কৰি শ্ৰাৱন্তীয়ে কেপশ্যনত লিখিছিল- ‘‘হঠাৎ এজন মৰমলগা কণমানি বন্ধুক লগ পালোঁ।’’ ফটোখন শ্বেয়াৰ কৰাৰ পিছতে শ্ৰাৱন্তীক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। শ্ৰাৱন্তীৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে। শ্ৰাৱন্তীৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ধাৰা ৯, ১১, ৩৯, ৪৮এ, ৪৯এৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। তেওঁ অতি সোনকালে কলকতাৰ চ’ল্টলেকস্থিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কোষ আৰু ডাটা মেনেজমেণ্ট ইউনিটৰ সন্মুখত হাজিৰ হ’ব লাগিব। সোধা-পোছা কৰাৰ অন্তত দোষী সাব্যস্ত হ’লে গ্ৰেপ্তাৰো কৰা হ’ব পাৰে শ্ৰাৱন্তী চেতাৰ্জীক। উল্লেখ্য যে শ্ৰাৱন্তী চেতাৰ্জী ইয়াৰ পূৰ্বে কেইবাবাৰো বিতৰ্কৰ আওতাত সোমাই পৰিছে। বিশেষকৈ বহুবাৰ বিবাহ বিচ্ছেদক লৈ বিতৰ্কিত হৈছিল অভিনেত্ৰী শ্ৰাৱন্তী চেতাৰ্জী। আৰু পঢ়কঃ মাৰ্চ মাহৰ দ্বিতীয় দিনটোত আপোনাৰ ভাগ্যত কি আছে..চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু