--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত এখন ফটো শ্বেয়াৰ কৰি বিপদত পৰিল বঙালী অভিনেত্ৰী শ্ৰাৱন্তী চেতাৰ্জী। ফটো শ্বেয়াৰ কৰি বিতৰ্কৰ মাজত সোমাই পৰিল ৩৪ বছৰীয়া মোহময়ী অভিনেত্ৰীগৰাকী। ইতিমধ্যে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। দোষী সাব্যস্ত হ’লেই শ্ৰাৱন্তী চেতাৰ্জী যাব পাৰে জে’ললৈ। কি অপৰাধ কৰিলে শ্ৰাৱন্তীয়ে? অভিনেত্ৰী শ্ৰাৱন্তীয়ে যোৱা ১৫ জানুৱাৰীত তেওঁৰ ফেচবুক একাউণ্টত শ্বেয়াৰ কৰিছিল এখন ফটো। সেই ফটোখনত শ্ৰাৱন্তীয়ে শিকলিৰে বন্ধা এটা নেউল হাতত লৈ থকা পৰিলক্ষিত হৈছিল। ফটোখন শ্বেয়াৰ কৰি শ্ৰাৱন্তীয়ে কেপশ্যনত লিখিছিল- ‘‘হঠাৎ এজন মৰমলগা কণমানি বন্ধুক লগ পালোঁ।’’ ফটোখন শ্বেয়াৰ কৰাৰ পিছতে শ্ৰাৱন্তীক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। শ্ৰাৱন্তীৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন উলংঘন কৰাৰ অভিযোগ উত্থাপন হৈছে। শ্ৰাৱন্তীৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ধাৰা ৯, ১১, ৩৯, ৪৮এ, ৪৯এৰ অধীনত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে। তেওঁ অতি সোনকালে কলকতাৰ চ’ল্টলেকস্থিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কোষ আৰু ডাটা মেনেজমেণ্ট ইউনিটৰ সন্মুখত হাজিৰ হ’ব লাগিব। সোধা-পোছা কৰাৰ অন্তত দোষী সাব্যস্ত হ’লে গ্ৰেপ্তাৰো কৰা হ’ব পাৰে শ্ৰাৱন্তী চেতাৰ্জীক। উল্লেখ্য যে শ্ৰাৱন্তী চেতাৰ্জী ইয়াৰ পূৰ্বে কেইবাবাৰো বিতৰ্কৰ আওতাত সোমাই পৰিছে। বিশেষকৈ বহুবাৰ বিবাহ বিচ্ছেদক লৈ বিতৰ্কিত হৈছিল অভিনেত্ৰী শ্ৰাৱন্তী চেতাৰ্জী। আৰু পঢ়কঃ মাৰ্চ মাহৰ দ্বিতীয় দিনটোত আপোনাৰ ভাগ্যত কি আছে..চাওঁ আহক ৰাশিফল

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ