--°C
Loading...
Listen to Article
2 min read
80%

সমীৰ ৱাংখেড়েৰ ভূমিকাক লৈ সন্দেহ অধিক ঘণীভূত

ডিজিটেল ডেস্ক : শ্বাহৰুখ খানৰ পুত্ৰ হোৱাটোৱেই আছিল তেওঁৰ একমাত্ৰ অপৰাধ! বিগত বৰ্ষৰ শেষৰ ফালে মুম্বাইৰ প্ৰমোদ তৰী কৰ্ডেলিয়াৰ ড্ৰাগছ কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল দেশজুৰি। মুম্বাইৰ এখন প্ৰমোদ তৰীত চলি থকা এটা পাৰ্টীত অতৰ্কিতে অভিযান চলাই এনচিবি-এ গ্ৰেপ্তাৰ কৰিছিল ৯জনকৈ লোকক। যাৰ মাজত আছিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ পুত্ৰ আৰিয়ান খানো। আৰিয়ানক জেৰাৰ পাছত ৩ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল এনচিবি-এ। তাৰ পাছতে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰিয়ান খানক গ্ৰেপ্তাৰৰ ঘটনাই খুব কম সময়তে নতুন নতুন গতি ল’বলৈ আৰম্ভ কৰে। ষড়যন্ত্ৰমূলকভাৱেহে বাদশ্বাহ তনয়ক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি পৰৱৰ্তী সময়ত প্ৰমাণিত হ’বলৈ আৰম্ভ কৰে। এই সমগ্ৰ অভিযানৰ নেতৃত্ব দিয়া এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰেৰ ভূমিকাক লৈ তীব্ৰ সন্দেহে গা কৰি উঠে। অভিযানকালত এজন বিজেপি নেতাৰ উপস্থিতি আৰু এজন পলাতক অপৰাধীৰ অংশগ্ৰহণে সমগ্ৰ ঘটনাক লৈ গাঢ় কৰি তোলে সন্দেহ। তাৰ পাছতে পোহৰলৈ আহে এই ঘটনাৰ সৈতে ধন দাবীৰ এটা ষড়যন্ত্ৰ জড়িত থকাৰ কথা। কে পি গোছাৱী নামৰ যিজন প্ৰাইভেট ডিটেকটিভ তথা পলাতক অপৰাধীয়ে আৰিয়ানক আটক কৰাৰ পাছতে তেওঁৰ সৈতে ছেলফী শ্বেয়াৰ কৰিছিল তেওঁৰ সহযোগত এনচিবিৰ বিষয়া সমীৰ ৱাংখেৰেই শ্বাহৰুখৰ পৰা ১৮ কোটি টকা আদায় কৰাৰ ষড়যন্ত্ৰ ৰচিছিল বুলি প্ৰকট হৈ পৰে। কে পি গোছাৱীৰ এজন সহযোগীয়েই শপতনামা প্ৰকাশ কৰি এই বিষয়ে প্ৰকাশ কৰে। তাৰ পাছত কে পি গোছৱীয়ে আত্মগোপন কৰে যদিও পাছত পুনে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে, সমীৰ ৱাংখেৰেই এনেদৰে ভুৱা গোচৰ জাপি দি চেলিব্ৰেটীৰ পৰা ধন আদায়ৰ ষড়যন্ত্ৰ ৰচি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে। তাৰ পাছতে সমীৰক আঁতৰাই বিশেষ তদন্তকাৰী গোটৰ দ্বাৰা এই গোচৰৰ তদন্ত আৰম্ভ কৰা হয় আৰু একে সময়তে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰে এনচিবি-এ। শেহতীয়াকৈ এছআইটি বা বিশেষ তদন্তকাৰী গোটৰ অনুসন্ধানত পোহৰলৈ আহিছে যে, আৰিয়ান খান কোনো ড্ৰাগছ ছিণ্ডিকেটক জড়িত থকা বা তেওঁ কোন বৃহৎ ষড়যন্ত্ৰৰ অংশ হোৱাৰ কোনো প্ৰমাণ নাই। কেৱল এয়াই নহয় তেওঁৰ জিম্মাৰ পৰা ড্ৰাগছো জব্দ কৰিব পৰা নাছিল এনচিবিৰ তদন্তকাৰী গোটে। তাৰ পাছতো কেৱল পুৰণি হোৱাটছএপ ছাটৰ আধাৰত আৰিয়ানক দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰা হৈছিল আৰু প্ৰায় এমাহে তেওঁ কাৰাবন্দী জীৱন কটাবলগীয়া হৈছিল। ব’ম্বে উচ্চ ন্যায়ালয়ে তেওঁক পাছত জামিন দিয়ে যদিও তেওঁ এতিয়াও সেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ আৱৰ্ততে আছে। কিন্তু এতিয়া প্ৰমাণৰ অভাৱৰ বাবে তেওঁ এতিয়া দোষমুক্ত হোৱাৰ বাট প্ৰশস্ত হৈ পৰিছে। এছআইটিৰ তদন্ত এতিয়াও সম্পূৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই সম্পৰ্কত তদন্তকাৰী গোটে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই যদিও আৰিয়ান খান যে এটা গভীৰ ষড়যন্ত্ৰৰ বলি হৈছিল সেয়া এতিয়া স্পষ্ট হ’বলৈ আৰম্ভ কৰিছে। কেৱল শ্বাহৰুখ খানৰ পুত্ৰ হোৱা বাবেই আৰু বিজেপিৰ অনুগত নোহোৱাৰ বাবেই লক্ষ্য হৈ পৰিছিল নেকি আৰিয়ান খান? আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ আঁৰত সমীৰ ৱাংখেৰেৰ ধনলিপ্সা আছিল নেকি অন্যতম কাৰণ? সঁচাকৈয়ে আৰিয়ানক গ্ৰেপ্তাৰৰ আঁৰত আছিল নেকি ১৮ কোটিৰ ডীল? এইবোৰ বৃহৎ প্ৰশ্নৰ উত্তৰ এতিয়াও ওলাবলৈ বাকী আছে। মন কৰিবলগীয়া যে, আৰিয়ান বিতৰ্কৰ পাছতে সমীৰ ৱাংখেৰেক এনচিবিৰ পৰা বিদায় দিয়া হৈছে আৰু তেওঁৰ বিৰুদ্ধেও তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু