--°C
Loading...
Listen to Article
2 min read
80%

সমীৰ ৱাংখেড়েৰ ভূমিকাক লৈ সন্দেহ অধিক ঘণীভূত

ডিজিটেল ডেস্ক : শ্বাহৰুখ খানৰ পুত্ৰ হোৱাটোৱেই আছিল তেওঁৰ একমাত্ৰ অপৰাধ! বিগত বৰ্ষৰ শেষৰ ফালে মুম্বাইৰ প্ৰমোদ তৰী কৰ্ডেলিয়াৰ ড্ৰাগছ কাণ্ডক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল দেশজুৰি। মুম্বাইৰ এখন প্ৰমোদ তৰীত চলি থকা এটা পাৰ্টীত অতৰ্কিতে অভিযান চলাই এনচিবি-এ গ্ৰেপ্তাৰ কৰিছিল ৯জনকৈ লোকক। যাৰ মাজত আছিল বলীউডৰ বাদশ্বাহ শ্বাহৰুখ পুত্ৰ আৰিয়ান খানো। আৰিয়ানক জেৰাৰ পাছত ৩ অক্টোবৰত গ্ৰেপ্তাৰ কৰিছিল এনচিবি-এ। তাৰ পাছতে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আৰিয়ান খানক গ্ৰেপ্তাৰৰ ঘটনাই খুব কম সময়তে নতুন নতুন গতি ল’বলৈ আৰম্ভ কৰে। ষড়যন্ত্ৰমূলকভাৱেহে বাদশ্বাহ তনয়ক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি পৰৱৰ্তী সময়ত প্ৰমাণিত হ’বলৈ আৰম্ভ কৰে। এই সমগ্ৰ অভিযানৰ নেতৃত্ব দিয়া এনচিবিৰ জ’নেল ডাইৰেক্টৰ সমীৰ ৱাংখেৰেৰ ভূমিকাক লৈ তীব্ৰ সন্দেহে গা কৰি উঠে। অভিযানকালত এজন বিজেপি নেতাৰ উপস্থিতি আৰু এজন পলাতক অপৰাধীৰ অংশগ্ৰহণে সমগ্ৰ ঘটনাক লৈ গাঢ় কৰি তোলে সন্দেহ। তাৰ পাছতে পোহৰলৈ আহে এই ঘটনাৰ সৈতে ধন দাবীৰ এটা ষড়যন্ত্ৰ জড়িত থকাৰ কথা। কে পি গোছাৱী নামৰ যিজন প্ৰাইভেট ডিটেকটিভ তথা পলাতক অপৰাধীয়ে আৰিয়ানক আটক কৰাৰ পাছতে তেওঁৰ সৈতে ছেলফী শ্বেয়াৰ কৰিছিল তেওঁৰ সহযোগত এনচিবিৰ বিষয়া সমীৰ ৱাংখেৰেই শ্বাহৰুখৰ পৰা ১৮ কোটি টকা আদায় কৰাৰ ষড়যন্ত্ৰ ৰচিছিল বুলি প্ৰকট হৈ পৰে। কে পি গোছাৱীৰ এজন সহযোগীয়েই শপতনামা প্ৰকাশ কৰি এই বিষয়ে প্ৰকাশ কৰে। তাৰ পাছত কে পি গোছৱীয়ে আত্মগোপন কৰে যদিও পাছত পুনে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে, সমীৰ ৱাংখেৰেই এনেদৰে ভুৱা গোচৰ জাপি দি চেলিব্ৰেটীৰ পৰা ধন আদায়ৰ ষড়যন্ত্ৰ ৰচি অহা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকে। তাৰ পাছতে সমীৰক আঁতৰাই বিশেষ তদন্তকাৰী গোটৰ দ্বাৰা এই গোচৰৰ তদন্ত আৰম্ভ কৰা হয় আৰু একে সময়তে সমীৰ ৱাংখেৰেৰ বিৰুদ্ধেও তদন্ত আৰম্ভ কৰে এনচিবি-এ। শেহতীয়াকৈ এছআইটি বা বিশেষ তদন্তকাৰী গোটৰ অনুসন্ধানত পোহৰলৈ আহিছে যে, আৰিয়ান খান কোনো ড্ৰাগছ ছিণ্ডিকেটক জড়িত থকা বা তেওঁ কোন বৃহৎ ষড়যন্ত্ৰৰ অংশ হোৱাৰ কোনো প্ৰমাণ নাই। কেৱল এয়াই নহয় তেওঁৰ জিম্মাৰ পৰা ড্ৰাগছো জব্দ কৰিব পৰা নাছিল এনচিবিৰ তদন্তকাৰী গোটে। তাৰ পাছতো কেৱল পুৰণি হোৱাটছএপ ছাটৰ আধাৰত আৰিয়ানক দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰা হৈছিল আৰু প্ৰায় এমাহে তেওঁ কাৰাবন্দী জীৱন কটাবলগীয়া হৈছিল। ব’ম্বে উচ্চ ন্যায়ালয়ে তেওঁক পাছত জামিন দিয়ে যদিও তেওঁ এতিয়াও সেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়াৰ আৱৰ্ততে আছে। কিন্তু এতিয়া প্ৰমাণৰ অভাৱৰ বাবে তেওঁ এতিয়া দোষমুক্ত হোৱাৰ বাট প্ৰশস্ত হৈ পৰিছে। এছআইটিৰ তদন্ত এতিয়াও সম্পূৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এই সম্পৰ্কত তদন্তকাৰী গোটে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই যদিও আৰিয়ান খান যে এটা গভীৰ ষড়যন্ত্ৰৰ বলি হৈছিল সেয়া এতিয়া স্পষ্ট হ’বলৈ আৰম্ভ কৰিছে। কেৱল শ্বাহৰুখ খানৰ পুত্ৰ হোৱা বাবেই আৰু বিজেপিৰ অনুগত নোহোৱাৰ বাবেই লক্ষ্য হৈ পৰিছিল নেকি আৰিয়ান খান? আৰিয়ানক গ্ৰেপ্তাৰ কৰাৰ আঁৰত সমীৰ ৱাংখেৰেৰ ধনলিপ্সা আছিল নেকি অন্যতম কাৰণ? সঁচাকৈয়ে আৰিয়ানক গ্ৰেপ্তাৰৰ আঁৰত আছিল নেকি ১৮ কোটিৰ ডীল? এইবোৰ বৃহৎ প্ৰশ্নৰ উত্তৰ এতিয়াও ওলাবলৈ বাকী আছে। মন কৰিবলগীয়া যে, আৰিয়ান বিতৰ্কৰ পাছতে সমীৰ ৱাংখেৰেক এনচিবিৰ পৰা বিদায় দিয়া হৈছে আৰু তেওঁৰ বিৰুদ্ধেও তদন্ত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু