--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ব্যস্ত ৰাস্তা কোনো কাৰণ নোহোৱাকৈ ফাট মেলি ভিতৰলৈ সোমাই গ’ল। হঠাতে ঘটা এনে অঘটনত ৰাইজৰ মাজত হাহাকাৰ লাগিল। তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত ঘটিছে এই ঘটনা। শুকুৰবাৰে হঠাৎ ব্যস্ত ৰাস্তাটো ফাটি যোৱাত ৰাস্তাত ৰখাই থোৱা গাড়ী-বাইক আদি ভিতৰত সোমাই যায়। ঘটনাটো পোহৰলৈ অহাৰ লগে লগে মানুহবোৰ ইফালে সিফালে দৌৰিবলৈ ধৰিলে।

ঘটনাটো হায়দৰাবাদৰ গোছামহল বিধানসভাৰ। ইয়াৰ চন্দনৱাড়ী অঞ্চলত এটা নলাৰ গাতে লাগি থকা এটা ৰাস্তা হঠাৎ ফাটি গ’ল৷ তাত থকা বহু বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এই ঘটনাত তিনিজন লোক সামান্যভাৱে আহত হৈছে। অৱশ্যে ইয়াৰ বাহিৰে কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা নাই।

ঘটনাৰ পিছত আতংকৰ সৃষ্টি হোৱাত মানুহে ইজনে সিজনক ৰক্ষা কৰিবলৈ আৰম্ভ কৰে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ এটা দল আৰু বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ বিষয়াসকল সেই স্থানত উপস্থিত হয়। লগে লগে তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ৰাইজক বুজাই দিলে যে নলা ডুব যোৱাৰ বাবেই এই ঘটনা সংঘটিত হৈছে। এই পথটো নলাটোৰ ওপৰত নিজেই নিৰ্মাণ কৰা হৈছিল।

আৰক্ষীৰ দল আৰু পৌৰসভাৰ বিষয়াসকলে বিষয়টোৰ তদন্ত কৰি আছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিছে। বাহনবোৰ ৰাইজে মিলিজুলি উলিয়াই আনিছে। বৰ্তমান এই ঘটনাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক