--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বীৰৰ দৰে বিশ্বকাপৰ পৰা বিদায় ল’লে মৰক্কোৱে। প্ৰথমখন আফ্ৰিকান দেশ হিচাপে কাটাৰ বিশ্বকাপৰ চেমিফাইনেলত উপনীত হোৱা দেশখনে যিটো দলৰ ওচৰত হাৰ মানে- সেয়া হৈছে ফ্ৰান্স। বিশ্বৰ শ্ৰেষ্ঠ দলটোৰ ওচৰত পৰাজীত হ’ল স্পেইন, বেলজিয়ামক বিশ্বকাপৰ মজিয়াৰ পৰা উফৰাই পঠোৱা মৰক্কো।

এইবাৰ বিশ্বকাপৰ চমক মৰক্কো। নায়কৰ শাৰীত উপনীত হ’ল আশ্ৰফ হাকিমি, হাকিম জিয়েছ, ৰোমান চাইছ, বন’ৰ দৰে খেলুৱৈসকল। চেমি ফাইনেলত পৰাজীত হ’লেও দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে তেওঁলোকে।

মৰক্কোৱে যিধৰণে ফুটবল খেলা প্ৰদৰ্শন কৰিলে, তালৈ লক্ষ্য কৰিলে ক’ব পাৰি যে ফুটবল সমগ্ৰ বিশ্ববাসীৰে খেল। ইউৰোপ বা লেটিন আমেৰিকাতে ই সীমাৱদ্ধ নহয়। আৰৱ-আফ্ৰিকা, আনকি এছিয়াৰ দেশেও বিশ্বকাপজয়ৰ সপোন দেখিব পাৰে।

মৰক্কোৱে কেৱল ফুটবলেই খেলা নাই, ঐতিহাসিকভাৱেও দৃষ্টি আকৰ্ষণ কৰিছে। ফ্ৰান্সে এসময়ত উপনিৱেশ স্থাপন কৰিছিল মৰক্কোত। দেশখনত ৪৪ বছৰ ধৰি শাসনত আছিল ফৰাচী চৰকাৰ। দুয়োখন দেশৰ মাজত সাংস্কৃতিক আদান-প্ৰদানো আছে। এতিয়াও মৰক্কোৰ প্ৰায় ৫০ লাখ মানুহে ফ্ৰান্সত বাস কৰে। 

দুয়োখন দেশৰ শ্ৰেষ্ঠ ফুটবলাৰদ্বয় কিলিয়ান এমবাপে আৰু আশ্ৰফ হাকিমিও অন্তৰংগ বন্ধু। পেৰিছ ছেইণ্ট-জাৰ্মানত একেলগে খেলে তেওঁলোকে। কিন্তু বন্ধু হ’লেও বিশ্বকাপত তেওঁলোক শত্ৰু। সমগ্ৰ বিশ্বকাপজুৰি এয়া লক্ষ্যণীয় হৈ পৰিছিল।

চেমিফাইনেলত বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ বিৰুদ্ধে পৰাজীত হ’লেও শক্তিশালী প্ৰত্যাহ্বান জনায় মৰক্কোৱে। প্ৰথম পাঁচ মিনিটতে ফ্ৰান্সে গ’ল কৰিবলৈ সক্ষম হয়। থিয়’ হাৰ্ণাণ্ডেজে দিয়ে গ’লটো। তাৰ পাছতো মনোবল নেহেৰুৱালে মৰক্কোৱে। সকলোৱে ভাবিছিল যে ফ্ৰান্সে কেইবাটাও গ’ল কৰিব মৰক্কোৰ বিৰুদ্ধে। কিন্তু ফ্ৰান্সৰ দ্বিতীয়টো গ’ল কৰিবলৈ সক্ষম হয় প্ৰথম গ’লটোৰ প্ৰায় এঘণ্টাৰ পাছত! ৭৯ মিনিটত কল’ মুৱানিয়ে গ’ল দিয়ে ফ্ৰান্সৰ হৈ। দুয়োটা গ’লতে কিলিয়ান এমবাপেই দূৰ্দান্ত সহযোগিতা আগবঢ়ায়। 

ডিফেন্সৰ উপৰিও আক্ৰমণতো শক্তিশালী প্ৰদৰ্শন কৰে মৰক্কোৱে। গ’লপ’ষ্টৰ লক্ষ্য কৰি কেইবাটাও শ্বট মাৰিছিল। কিন্তু লক্ষ্যত উপনীত হ’ব নোৱাৰিলে।

উল্লেখ্য যে এইবাৰৰ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত মৰক্কো এটা বিপজ্জনক গ্ৰুপত আছিল। মৰক্কোৰ স’তে আছিল ক্ৰ’ৱেছিয়া, বেলজিয়াম আৰু কানাডা। ইয়াৰ ভিতৰত ক্ৰ’ৱেছিয়া আৰু বেলজিয়ামেই আছিল ফেভাৰিট। কিন্তু গ্ৰুপৰ আটাইকেওখন দেশৰ বিৰুদ্ধে দূৰ্দান্ত খেলা প্ৰদৰ্শন কৰি গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ লৈছিল মৰক্কোৱে। হৰুৱাইছিল তাৰকাখচিত বেলজিয়ামক। ড্ৰ’ কৰিছিল ২০১৮ চনৰ বিশ্বকাপৰ ৰাণাৰ্ছ আপ ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে।

ৰাউণ্ড অৱ চিক্সটিনতো অব্যাহত থাকে মৰক্কোৰ ৰাজত্ব। হৰুৱাই মহাশক্তিশালী স্পেইনক। স্পেইনৰ পাছত মৰক্কোৰ বলি হয় ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ পৰ্তুগাল। অৱশেষত চেমি ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে বীৰৰ দৰে পৰাজয়বৰণ কৰে।

সমগ্ৰ বিশ্বকাতে মৰক্কোৱে এইবাৰ ফুটবল প্ৰেমীসকলক অফুৰন্ত আনন্দ-বিস্ময় প্ৰদান কৰিলে। মৰক্কোৰ সফলতাই অনুপ্ৰাণিত কৰিছে বিশ্বৰ বিভিন্ন দেশক। সকলোৱে একেমুখে কৈছে- “ফুটবলৰ জয় হওক!”









FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু