--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বীৰৰ দৰে বিশ্বকাপৰ পৰা বিদায় ল’লে মৰক্কোৱে। প্ৰথমখন আফ্ৰিকান দেশ হিচাপে কাটাৰ বিশ্বকাপৰ চেমিফাইনেলত উপনীত হোৱা দেশখনে যিটো দলৰ ওচৰত হাৰ মানে- সেয়া হৈছে ফ্ৰান্স। বিশ্বৰ শ্ৰেষ্ঠ দলটোৰ ওচৰত পৰাজীত হ’ল স্পেইন, বেলজিয়ামক বিশ্বকাপৰ মজিয়াৰ পৰা উফৰাই পঠোৱা মৰক্কো।

এইবাৰ বিশ্বকাপৰ চমক মৰক্কো। নায়কৰ শাৰীত উপনীত হ’ল আশ্ৰফ হাকিমি, হাকিম জিয়েছ, ৰোমান চাইছ, বন’ৰ দৰে খেলুৱৈসকল। চেমি ফাইনেলত পৰাজীত হ’লেও দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হৈছে তেওঁলোকে।

মৰক্কোৱে যিধৰণে ফুটবল খেলা প্ৰদৰ্শন কৰিলে, তালৈ লক্ষ্য কৰিলে ক’ব পাৰি যে ফুটবল সমগ্ৰ বিশ্ববাসীৰে খেল। ইউৰোপ বা লেটিন আমেৰিকাতে ই সীমাৱদ্ধ নহয়। আৰৱ-আফ্ৰিকা, আনকি এছিয়াৰ দেশেও বিশ্বকাপজয়ৰ সপোন দেখিব পাৰে।

মৰক্কোৱে কেৱল ফুটবলেই খেলা নাই, ঐতিহাসিকভাৱেও দৃষ্টি আকৰ্ষণ কৰিছে। ফ্ৰান্সে এসময়ত উপনিৱেশ স্থাপন কৰিছিল মৰক্কোত। দেশখনত ৪৪ বছৰ ধৰি শাসনত আছিল ফৰাচী চৰকাৰ। দুয়োখন দেশৰ মাজত সাংস্কৃতিক আদান-প্ৰদানো আছে। এতিয়াও মৰক্কোৰ প্ৰায় ৫০ লাখ মানুহে ফ্ৰান্সত বাস কৰে। 

দুয়োখন দেশৰ শ্ৰেষ্ঠ ফুটবলাৰদ্বয় কিলিয়ান এমবাপে আৰু আশ্ৰফ হাকিমিও অন্তৰংগ বন্ধু। পেৰিছ ছেইণ্ট-জাৰ্মানত একেলগে খেলে তেওঁলোকে। কিন্তু বন্ধু হ’লেও বিশ্বকাপত তেওঁলোক শত্ৰু। সমগ্ৰ বিশ্বকাপজুৰি এয়া লক্ষ্যণীয় হৈ পৰিছিল।

চেমিফাইনেলত বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ বিৰুদ্ধে পৰাজীত হ’লেও শক্তিশালী প্ৰত্যাহ্বান জনায় মৰক্কোৱে। প্ৰথম পাঁচ মিনিটতে ফ্ৰান্সে গ’ল কৰিবলৈ সক্ষম হয়। থিয়’ হাৰ্ণাণ্ডেজে দিয়ে গ’লটো। তাৰ পাছতো মনোবল নেহেৰুৱালে মৰক্কোৱে। সকলোৱে ভাবিছিল যে ফ্ৰান্সে কেইবাটাও গ’ল কৰিব মৰক্কোৰ বিৰুদ্ধে। কিন্তু ফ্ৰান্সৰ দ্বিতীয়টো গ’ল কৰিবলৈ সক্ষম হয় প্ৰথম গ’লটোৰ প্ৰায় এঘণ্টাৰ পাছত! ৭৯ মিনিটত কল’ মুৱানিয়ে গ’ল দিয়ে ফ্ৰান্সৰ হৈ। দুয়োটা গ’লতে কিলিয়ান এমবাপেই দূৰ্দান্ত সহযোগিতা আগবঢ়ায়। 

ডিফেন্সৰ উপৰিও আক্ৰমণতো শক্তিশালী প্ৰদৰ্শন কৰে মৰক্কোৱে। গ’লপ’ষ্টৰ লক্ষ্য কৰি কেইবাটাও শ্বট মাৰিছিল। কিন্তু লক্ষ্যত উপনীত হ’ব নোৱাৰিলে।

উল্লেখ্য যে এইবাৰৰ বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত মৰক্কো এটা বিপজ্জনক গ্ৰুপত আছিল। মৰক্কোৰ স’তে আছিল ক্ৰ’ৱেছিয়া, বেলজিয়াম আৰু কানাডা। ইয়াৰ ভিতৰত ক্ৰ’ৱেছিয়া আৰু বেলজিয়ামেই আছিল ফেভাৰিট। কিন্তু গ্ৰুপৰ আটাইকেওখন দেশৰ বিৰুদ্ধে দূৰ্দান্ত খেলা প্ৰদৰ্শন কৰি গ্ৰুপৰ শীৰ্ষস্থান অধিকাৰ লৈছিল মৰক্কোৱে। হৰুৱাইছিল তাৰকাখচিত বেলজিয়ামক। ড্ৰ’ কৰিছিল ২০১৮ চনৰ বিশ্বকাপৰ ৰাণাৰ্ছ আপ ক্ৰ’ৱেছিয়াৰ বিৰুদ্ধে।

ৰাউণ্ড অৱ চিক্সটিনতো অব্যাহত থাকে মৰক্কোৰ ৰাজত্ব। হৰুৱাই মহাশক্তিশালী স্পেইনক। স্পেইনৰ পাছত মৰক্কোৰ বলি হয় ক্ৰিষ্টিয়ানো ৰোণাল্ডোৰ পৰ্তুগাল। অৱশেষত চেমি ফাইনেলত ফ্ৰান্সৰ বিৰুদ্ধে বীৰৰ দৰে পৰাজয়বৰণ কৰে।

সমগ্ৰ বিশ্বকাতে মৰক্কোৱে এইবাৰ ফুটবল প্ৰেমীসকলক অফুৰন্ত আনন্দ-বিস্ময় প্ৰদান কৰিলে। মৰক্কোৰ সফলতাই অনুপ্ৰাণিত কৰিছে বিশ্বৰ বিভিন্ন দেশক। সকলোৱে একেমুখে কৈছে- “ফুটবলৰ জয় হওক!”









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement