--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিৰোধী ৰাজনৈতিক দলৰ মাজত বিভাজন আনি নিজৰ ৰাজনৈতিক শক্তি বৃদ্ধি কৰা বিজেপি দল এইবাৰ নিজৰ মিত্ৰ দলৰে সমৰ্থন হেৰুওৱাৰ আশংকাত ভুগিছে। যোৱা কেইটামান মাহ ধৰি বিহাৰত শাসকীয় মিত্ৰজোঁটৰ দল জেডি(ইউ)ৰ সৈতে বিজেপিৰ সংঘাতৰ খবৰ প্ৰকাশ পাই আহিছে। এইবাৰ পুনৰ এই সংঘাতৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। বিজেপি-জেডি (ইউ) মিত্ৰজোঁটৰ মাজত চৰ্চিত সংঘাতৰ আন এক ইঙ্গিত বহন কৰে আজি অনুষ্ঠিত হোৱা দেশৰ নৱ ৰাষ্ট্ৰপতিৰ ভোটগ্ৰহণ অনুষ্ঠানত।

আজি নতুন দিল্লীত দেশৰ পঞ্চদশগৰাকী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত গ্ৰহণ কৰে। এই উপলক্ষে উপস্থিত থাকে বিজেপি মিত্ৰজোঁটৰ প্ৰায়বোৰ দলীয় নেতাই। কিন্তু দ্ৰৌপদী মুৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠানত অনুপস্থিত থাকে বিজেপিৰ বিহাৰৰ মিত্ৰ জেডি (ইউ) ৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।

নীতিশ কুমাৰৰ অনুপস্থিতিয়ে বিজেপি আৰু জেডি(ইউ)ৰ মাজত চৰ্চিত সংঘাতৰ খবৰ অধিক স্পষ্ট কৰি তোলে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ শীৰ্ষ বিষয়াসকলৰ দ্বাৰা আয়োজিত কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ পৰা বিৰত আছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা ১৭ জুলাইত দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক আহ্বান কৰিছিল। এই বৈঠকতো উপস্থিত থকা নাছিল নীতিশ কুমাৰ। তদুপৰি বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সন্মানাৰ্থে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা নৈশ ভোজৰ অনুষ্ঠানৰ পৰাও আঁতৰি আছিল বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকী।

আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠানত নীতিশ কুমাৰৰ অনুপস্থিতিয়ে ব্যাপক চৰ্চা লাভ কৰে। দলৰ মুৰব্বী গৰাকীক লৈ চলি থকা এই চৰ্চাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জনতা দল-ইউনাইটেড সংসদীয় পৰিষদৰ মুৰব্বী উপেন্দ্ৰ কুশৱাহাই।

সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কুশৱাহাই কয় যে মুখ্যমন্ত্ৰীগৰাকী সকলো অনুষ্ঠানত উপস্থিত থাকিবই লাগিব বুলি কোনো কথা নাই। ইয়াত কোনো বাধ্যবাধকতাও নাই বুলি মন্তব্য কৰে জেডি (ইউ) নেতাগৰাকীয়ে। কুশৱাহাই কয় যে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাটো কেৱল এক আনুষ্ঠানিকতাহে মাথোন। প্ৰতিটো অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থকাটো প্ৰয়োজনীয় নহয়।

আনহাতে ২০২৪ চনৰ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰণকৌশল নিৰ্মাণৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শীঘ্ৰেই পাটনা ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

বিজেপি নেতাদ্বয়ৰ প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুশৱাহাই কয় যে বিহাৰত নীতিশ কুমাৰেই হৈছে আটাইতকৈ ডাঙৰ নেতা। “আন এটা দলৰ কোনো শীৰ্ষ নেতা বিহাৰলৈ আহিলে আমাৰ বাবে কোনো গুৰুত্ব নাই” বুলিও মন্তব্য কৰিছিল জেডি (ইউ) ৰ নেতাগৰাকীয়ে।

জনতা দল (ইউনাইটেড)ৰ সংসদীয় পৰিষদৰ মুৰব্বীৰ দৰে গুৰুত্বপূৰ্ণ পদত থকা কুশৱাহাৰ এই মন্তব্যই বিহাৰত বিজেপি আৰু জেডি (ইউ)ৰ মাজত যে সম্প্ৰতি এক বাতানুকূল সম্পৰ্ক বিৰাজ কৰা নাই, সেয়া প্ৰায় প্ৰমাণ কৰিছে। বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত দল দুটাৰ এই সংঘাত লক্ষ্যণীয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু