--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিৰোধী ৰাজনৈতিক দলৰ মাজত বিভাজন আনি নিজৰ ৰাজনৈতিক শক্তি বৃদ্ধি কৰা বিজেপি দল এইবাৰ নিজৰ মিত্ৰ দলৰে সমৰ্থন হেৰুওৱাৰ আশংকাত ভুগিছে। যোৱা কেইটামান মাহ ধৰি বিহাৰত শাসকীয় মিত্ৰজোঁটৰ দল জেডি(ইউ)ৰ সৈতে বিজেপিৰ সংঘাতৰ খবৰ প্ৰকাশ পাই আহিছে। এইবাৰ পুনৰ এই সংঘাতৰ খবৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। বিজেপি-জেডি (ইউ) মিত্ৰজোঁটৰ মাজত চৰ্চিত সংঘাতৰ আন এক ইঙ্গিত বহন কৰে আজি অনুষ্ঠিত হোৱা দেশৰ নৱ ৰাষ্ট্ৰপতিৰ ভোটগ্ৰহণ অনুষ্ঠানত।

আজি নতুন দিল্লীত দেশৰ পঞ্চদশগৰাকী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শপত গ্ৰহণ কৰে। এই উপলক্ষে উপস্থিত থাকে বিজেপি মিত্ৰজোঁটৰ প্ৰায়বোৰ দলীয় নেতাই। কিন্তু দ্ৰৌপদী মুৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠানত অনুপস্থিত থাকে বিজেপিৰ বিহাৰৰ মিত্ৰ জেডি (ইউ) ৰ মুৰব্বী তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ।

নীতিশ কুমাৰৰ অনুপস্থিতিয়ে বিজেপি আৰু জেডি(ইউ)ৰ মাজত চৰ্চিত সংঘাতৰ খবৰ অধিক স্পষ্ট কৰি তোলে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিজেপিৰ শীৰ্ষ বিষয়াসকলৰ দ্বাৰা আয়োজিত কেইবাটাও অনুষ্ঠানত ভাগ লোৱাৰ পৰা বিৰত আছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যোৱা ১৭ জুলাইত দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ এখন বৈঠক আহ্বান কৰিছিল। এই বৈঠকতো উপস্থিত থকা নাছিল নীতিশ কুমাৰ। তদুপৰি বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ সন্মানাৰ্থে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা নৈশ ভোজৰ অনুষ্ঠানৰ পৰাও আঁতৰি আছিল বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকী।

আজি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ শপত গ্ৰহণ অনুষ্ঠানত নীতিশ কুমাৰৰ অনুপস্থিতিয়ে ব্যাপক চৰ্চা লাভ কৰে। দলৰ মুৰব্বী গৰাকীক লৈ চলি থকা এই চৰ্চাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জনতা দল-ইউনাইটেড সংসদীয় পৰিষদৰ মুৰব্বী উপেন্দ্ৰ কুশৱাহাই।

সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপত কুশৱাহাই কয় যে মুখ্যমন্ত্ৰীগৰাকী সকলো অনুষ্ঠানত উপস্থিত থাকিবই লাগিব বুলি কোনো কথা নাই। ইয়াত কোনো বাধ্যবাধকতাও নাই বুলি মন্তব্য কৰে জেডি (ইউ) নেতাগৰাকীয়ে। কুশৱাহাই কয় যে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাটো কেৱল এক আনুষ্ঠানিকতাহে মাথোন। প্ৰতিটো অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত থকাটো প্ৰয়োজনীয় নহয়।

আনহাতে ২০২৪ চনৰ আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰণকৌশল নিৰ্মাণৰ বাবে এক উচ্চ পৰ্যায়ৰ বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই শীঘ্ৰেই পাটনা ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে।

বিজেপি নেতাদ্বয়ৰ প্ৰস্তাৱিত ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কুশৱাহাই কয় যে বিহাৰত নীতিশ কুমাৰেই হৈছে আটাইতকৈ ডাঙৰ নেতা। “আন এটা দলৰ কোনো শীৰ্ষ নেতা বিহাৰলৈ আহিলে আমাৰ বাবে কোনো গুৰুত্ব নাই” বুলিও মন্তব্য কৰিছিল জেডি (ইউ) ৰ নেতাগৰাকীয়ে।

জনতা দল (ইউনাইটেড)ৰ সংসদীয় পৰিষদৰ মুৰব্বীৰ দৰে গুৰুত্বপূৰ্ণ পদত থকা কুশৱাহাৰ এই মন্তব্যই বিহাৰত বিজেপি আৰু জেডি (ইউ)ৰ মাজত যে সম্প্ৰতি এক বাতানুকূল সম্পৰ্ক বিৰাজ কৰা নাই, সেয়া প্ৰায় প্ৰমাণ কৰিছে। বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত দল দুটাৰ এই সংঘাত লক্ষ্যণীয় হৈ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ