--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বিজয়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰে ২৬জুলাইত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়। ১৯৯৯ চনত কাৰ্গিল যুদ্ধত ভাৰতে পাকিস্তানৰ ওচৰত জয়লাভ কৰাৰ স্মৃতিত প্ৰতি বছৰে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস পালন কৰা হয়।

কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানী অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰি 'অপাৰেচন বিজয়'ৰ অংশ হিচাপে টাইগাৰ হিলৰ লগতে অন্যান্য পদসমূহ পুনৰ দখল কৰে। লাডাখৰ উত্তৰ কাৰ্গিল জিলাৰ পাহাৰৰ শিখৰত পাকিস্তানী সৈন্যই স্থান দখল কৰিছিল, ইয়াৰ ফলস্বৰূপে লাডাখৰ কাৰ্গিলত ৬০ দিনতকৈ অধিক সময় ধৰি চলিছিল এই সংঘাত। যুদ্ধত শ্বহীদ হোৱা শতাধিক ভাৰতীয় সৈনিকক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে তথা ভাৰতীয় সেনাৰ জোৱানৰ বলিদানক সন্মান জনাই প্ৰতি বছৰে এই দিৱস পালন কৰা হয়।
ভাৰতৰ প্ৰধানমন্ত্ৰীয়েও প্ৰতি বছৰে এই দিনটোত ইণ্ডিয়া গেটত জোৱান সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কিন্তু কি‌ কাৰণত সূচনা হৈছিল কাৰগিল যুদ্ধৰ ? ইয়াত পটভূমি সম্পৰ্কে জানো আহক- 

বিভাজনৰ পূৰ্বে কাৰ্গিল আছিল লাডাখৰ এখন তহচিল য'ত বৈচিত্ৰময় ভাষিক, জনগোষ্ঠীয় আৰু ধৰ্মীয় গোটৰ লোকসকলে বিচ্ছিন্ন উপত্যকাত বাস কৰিছিল। ১৯৪৭-১৯৪৮ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ অন্ত পৰে নিয়ন্ত্ৰণ ৰেখাই লাডাখ জিলাক দুভাগ কৰি স্কাৰডু তহসিল পাকিস্তানৰ অংশ হৈ পৰে।১৯৭১ চনত পুনৰ যুদ্ধত লিপ্ত হোৱা দেশ দুখনে পাছত সীমাৰ প্ৰতি সন্মান জনাই সশস্ত্ৰ সংঘাতত লিপ্ত নহ’ব বুলি প্ৰতিশ্ৰুতি দি ছিমলা চুক্তি স্বাক্ষৰ কৰে।

কিন্তু দুয়োখন দেশৰ মাজত সামৰিক বাহিনীৰ সৈতে জড়িত প্ৰত্যক্ষ সশস্ত্ৰ সংঘাত এতিয়াও কম আছিল কাৰণ ভাৰত আৰু পাকিস্তান উভয়ে সামৰিক আউটপোষ্ট স্থাপন কৰি ছিয়াচেন হিমবাহ নিয়ন্ত্ৰণৰ বাবে প্ৰচেষ্টা চলাইছিল। নব্বৈৰ দশকৰ সময়ছোৱাত কাশ্মীৰত বিচ্ছিন্নতাবাদী কাৰ্যকলাপৰ বাবে উত্তেজনা বৃদ্ধি পাইছিল, যাৰ কিছুমানক পাকিস্তানৰ সমৰ্থনত থকা বুলি খবৰ ওলাইছিল।

সংঘাতৰ শান্তিপূৰ্ণ দ্বিপাক্ষিক সমাধানৰ বাবে ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত দুয়োখন দেশে লাহোৰ ঘোষণাপত্ৰত স্বাক্ষৰ কৰিছিল। কিন্তু পাকিস্তানী সশস্ত্ৰ বাহিনীয়ে গোপনে ভাৰতৰ ভূখণ্ডত পাকিস্তানী সৈন্য আৰু অৰ্ধসামৰিক বাহিনীক প্ৰশিক্ষণ দি পঠিয়াইছিল, অভিযোগ অনুসৰি কিছুমানে মুজাহিদীনৰ বেশত আছিল। তেওঁলোকৰ লক্ষ্য আছিল কাশ্মীৰ আৰু লাডাখৰ মাজৰ সংযোগ বিচ্ছিন্ন কৰা আৰু ভাৰতীয় বাহিনীক ছিয়াচেন হিমবাহৰ পৰা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰা। সফল হোৱা হ’লে ভাৰতে বহল কাশ্মীৰ বিবাদ নিষ্পত্তিৰ বাবে আলোচনা কৰিব লাগিল হয়।

ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে যদিও ভাৰতীয় ভূখণ্ড ৰক্ষাৰ বাবে তীব্ৰ যুদ্ধ কৰিছিল আৰু অৱশেষত সেই যুদ্ধৰ সফল পৰিসমাপ্তি ঘটে আৰু ভাৰত জয়ী হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত