--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশেষ ৰায়দানেৰে পুনৰ প্ৰেক্ষাপটত বোম্বে উচ্চ ন্যায়ালয়৷ যোৱা ৩০ জানুৱাৰীত এটা গোচৰৰ শুনানিৰ সময়ত বোম্বে উচ্চ ন্যায়ালয়ে কয় যে পিতৃ-মাতৃৰ বিৰোধিতাৰ বাবে বিবাহৰ প্ৰতিশ্ৰুতি ভংগ কৰাটো ধৰ্ষণ নহয়।

উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে ধৰ্ষণৰ গোচৰত এজন পুৰুষক দোষমুক্ত কৰাৰ সময়তে এই মন্তব্য কৰে, য’ত তেওঁ প্ৰৱঞ্চনাৰে এগৰাকী মহিলাৰ সন্মতি লাভ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আদালতে কয় যে প্ৰতিশ্ৰুতি ভংগ আৰু মিছা প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ মাজত পাৰ্থক্য আছে।

গোচৰটোৰ মহিলা অভিযোগকাৰীগৰাকীয়ে কয় যে তেওঁক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিয়াৰ সময়ত তেওঁৰ আৰু অভিযুক্তৰ শাৰীৰিক সম্পৰ্ক আছিল যদিও অভিযুক্তই আন এগৰাকী মহিলাৰ সৈতে বাগদান কৰিছিল, তাৰ পাছত অভিযোগকাৰীয়ে ২০১৯ চনত আৰক্ষীৰ কাষ চাপিছিল।ইয়াৰ উপৰিও মহিলা অভিযোগকাৰীয়ে অভিযুক্তৰ এংগেজমেণ্টৰ কথা জানিব পাৰি অভিযুক্তৰ পিতৃ-মাতৃক লগ পাইছিল আৰু পুৰুষজনৰ পিতৃয়ে অভিযোগকাৰীৰ সৈতে অভিযুক্তৰ বিয়াত সন্মতি দিবলৈ অস্বীকাৰ কৰিছিল৷

প্ৰমাণৰ উদ্ধৃতি দি আদালতে ৰায় দিয়ে যে অভিযুক্তই পিতৃ-মাতৃৰ মতানৈক্যৰ বাবে বিবাহৰ প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি যোৱাৰ অৰ্থ এইটো নহয় যে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৩৭৫ (ধৰ্ষণ)ৰ অধীনত অভিযোগ উত্থাপন কৰা হ’ব৷ স্থানীয় ছেচন আদালতে গোচৰৰ পৰা মুক্তিৰ বাবে আবেদন নাকচ কৰাৰ পাছতে অভিযুক্তই সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু