--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশেষ ৰায়দানেৰে পুনৰ প্ৰেক্ষাপটত বোম্বে উচ্চ ন্যায়ালয়৷ যোৱা ৩০ জানুৱাৰীত এটা গোচৰৰ শুনানিৰ সময়ত বোম্বে উচ্চ ন্যায়ালয়ে কয় যে পিতৃ-মাতৃৰ বিৰোধিতাৰ বাবে বিবাহৰ প্ৰতিশ্ৰুতি ভংগ কৰাটো ধৰ্ষণ নহয়।

উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে ধৰ্ষণৰ গোচৰত এজন পুৰুষক দোষমুক্ত কৰাৰ সময়তে এই মন্তব্য কৰে, য’ত তেওঁ প্ৰৱঞ্চনাৰে এগৰাকী মহিলাৰ সন্মতি লাভ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আদালতে কয় যে প্ৰতিশ্ৰুতি ভংগ আৰু মিছা প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ মাজত পাৰ্থক্য আছে।

গোচৰটোৰ মহিলা অভিযোগকাৰীগৰাকীয়ে কয় যে তেওঁক বিয়া কৰাব বুলি প্ৰতিশ্ৰুতি দিয়াৰ সময়ত তেওঁৰ আৰু অভিযুক্তৰ শাৰীৰিক সম্পৰ্ক আছিল যদিও অভিযুক্তই আন এগৰাকী মহিলাৰ সৈতে বাগদান কৰিছিল, তাৰ পাছত অভিযোগকাৰীয়ে ২০১৯ চনত আৰক্ষীৰ কাষ চাপিছিল।ইয়াৰ উপৰিও মহিলা অভিযোগকাৰীয়ে অভিযুক্তৰ এংগেজমেণ্টৰ কথা জানিব পাৰি অভিযুক্তৰ পিতৃ-মাতৃক লগ পাইছিল আৰু পুৰুষজনৰ পিতৃয়ে অভিযোগকাৰীৰ সৈতে অভিযুক্তৰ বিয়াত সন্মতি দিবলৈ অস্বীকাৰ কৰিছিল৷

প্ৰমাণৰ উদ্ধৃতি দি আদালতে ৰায় দিয়ে যে অভিযুক্তই পিতৃ-মাতৃৰ মতানৈক্যৰ বাবে বিবাহৰ প্ৰতিশ্ৰুতিৰ পৰা আঁতৰি যোৱাৰ অৰ্থ এইটো নহয় যে তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আই পি চি) ধাৰা ৩৭৫ (ধৰ্ষণ)ৰ অধীনত অভিযোগ উত্থাপন কৰা হ’ব৷ স্থানীয় ছেচন আদালতে গোচৰৰ পৰা মুক্তিৰ বাবে আবেদন নাকচ কৰাৰ পাছতে অভিযুক্তই সকাহ বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক