--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিবাহিতা মহিলাই ফেচবুকত চিনাকি হৈ এজন যুৱকৰ প্ৰেমত পৰিল। মহিলাগৰাকী দুটি সন্তানৰ মাতৃ। স্বামীৰ সৈতে তেওঁৰ চলি আছিল সুখৰ সংসাৰ। ইমানৰ পাছতো মহিলাগৰাকীৰ মন নভৰিল। ফেচবুকত চিনাকি হোৱা যুৱকজনৰ প্ৰেমে তেওঁক বিয়াকুল কৰি তুলিলে। ইয়াৰ পাছত যি ঘটনা হ'ল, সেই কথা শুনিলে আপুনি আচৰিত হৈ পৰিব। অন্য যুৱকৰ প্ৰেমত পৰা বুলি গম পাই স্বামীয়ে মহিলাগৰাকীক সেই যুৱকজনৰ সৈতে থাকিবলৈ পঠিয়াই দিলে। এই ঘটনা ঝাৰখণ্ডৰ জামছেদপুৰ জিলাৰ।

জামছেদপুৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত আছে কৰাঘোডা গাঁও। এই গাঁৱৰে নিৱাসী সঞ্জয় মাহাতো নামৰ লোকজনে ২০১৬ চনত নমিতা মাহাতোৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে। সঞ্জয়ে বহুদিনৰ পৰা লক্ষ্য কৰি আছিল যে নমিতাই ফেচবুকৰ ব্যৱহাৰ বেছিকৈ কৰিবলৈ লৈছে। এই বিষয়টোক লৈ সঞ্জয় আৰু নমিতাৰ মাজত বহুবাৰ কাজিয়া হৈছিল। সঞ্জয়েও কেইবাবাৰো হোৱাটছএপত কাৰোবাৰ লগত নমিতাই চেট কৰাত ব্যস্ত দেখা পাইছিল। এই বিষয়তো দুয়োৰে মাজত সঘনাই বিবাদ হৈছিল।

সঞ্জয়ে বহুত বুজাই-বঢ়াই নমিতাক ঠিক কৰিছিল যদিও কিছুদিনৰ পাছত নমিতাই কাৰোবাৰ লগত ফোনত কথা পাতিবলৈ ধৰিলে। ইয়াৰ পাছত বহু কথা পোহৰলৈ অহাৰ পিছত সঞ্জয় নিশ্চিত হ’ল যে নমিতা আন কাৰোবাৰ প্ৰেমত পৰিছে আৰু তেওঁৰ লগত থাকিব বিচাৰে।

নমিতাৰ প্ৰেমিকজন মুম্বাইৰ বাসিন্দা আছিল। নমিতাই প্ৰেমিকক মেছেজ কৰিছিল যে যদি তেওঁ নমিতাৰ ওচৰলৈ নাহে তেন্তে তেওঁ আত্মহত্যা কৰিব। প্ৰেমিকজন নমিতাৰ গাঁৱলৈ অহাৰ লগে লগে নমিতা তেওঁৰ লগত গুচি যায়। পত্নী ঘৰৰ পৰা হঠাৎ নিৰুদ্দেশ হোৱাত তেওঁৰ স্বামী সঞ্জয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্তৰ পূৰ্বেই গাঁৱত পঞ্চায়ত বহিল।

নমিতাক বহুত বুজোৱা হ’ল যদিও তেওঁ প্ৰেমিকৰ লগত যাবলৈ অটল হৈ থাকিল। তেওঁ কোনো কাৰণতে প্ৰেমিকক এৰিব নিবিচাৰে। অৱশেষত গাঁওবাসীৰ সন্মতিৰ অন্তত পঞ্চায়তে দুয়োকে একেলগে থাকিবলৈ অনুমতি দিলে। পাছত নমিতাৰ স্বামী সঞ্জয় মাহাতোৱেও এই কথাত সন্মতি দিলে, কিন্তু তেওঁ এটা চৰ্ত ৰাখিলে যে নমিতাই ল’ৰা-ছোৱালীকেইটাকো লগত লৈ যাব লাগিব।

এই প্ৰেম কাহিনী এতিয়া সকলোতে চৰ্চাৰ বিষয় হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু