--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিবাহিতা মহিলাই ফেচবুকত চিনাকি হৈ এজন যুৱকৰ প্ৰেমত পৰিল। মহিলাগৰাকী দুটি সন্তানৰ মাতৃ। স্বামীৰ সৈতে তেওঁৰ চলি আছিল সুখৰ সংসাৰ। ইমানৰ পাছতো মহিলাগৰাকীৰ মন নভৰিল। ফেচবুকত চিনাকি হোৱা যুৱকজনৰ প্ৰেমে তেওঁক বিয়াকুল কৰি তুলিলে। ইয়াৰ পাছত যি ঘটনা হ'ল, সেই কথা শুনিলে আপুনি আচৰিত হৈ পৰিব। অন্য যুৱকৰ প্ৰেমত পৰা বুলি গম পাই স্বামীয়ে মহিলাগৰাকীক সেই যুৱকজনৰ সৈতে থাকিবলৈ পঠিয়াই দিলে। এই ঘটনা ঝাৰখণ্ডৰ জামছেদপুৰ জিলাৰ।

জামছেদপুৰৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত্বত আছে কৰাঘোডা গাঁও। এই গাঁৱৰে নিৱাসী সঞ্জয় মাহাতো নামৰ লোকজনে ২০১৬ চনত নমিতা মাহাতোৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছে। সঞ্জয়ে বহুদিনৰ পৰা লক্ষ্য কৰি আছিল যে নমিতাই ফেচবুকৰ ব্যৱহাৰ বেছিকৈ কৰিবলৈ লৈছে। এই বিষয়টোক লৈ সঞ্জয় আৰু নমিতাৰ মাজত বহুবাৰ কাজিয়া হৈছিল। সঞ্জয়েও কেইবাবাৰো হোৱাটছএপত কাৰোবাৰ লগত নমিতাই চেট কৰাত ব্যস্ত দেখা পাইছিল। এই বিষয়তো দুয়োৰে মাজত সঘনাই বিবাদ হৈছিল।

সঞ্জয়ে বহুত বুজাই-বঢ়াই নমিতাক ঠিক কৰিছিল যদিও কিছুদিনৰ পাছত নমিতাই কাৰোবাৰ লগত ফোনত কথা পাতিবলৈ ধৰিলে। ইয়াৰ পাছত বহু কথা পোহৰলৈ অহাৰ পিছত সঞ্জয় নিশ্চিত হ’ল যে নমিতা আন কাৰোবাৰ প্ৰেমত পৰিছে আৰু তেওঁৰ লগত থাকিব বিচাৰে।

নমিতাৰ প্ৰেমিকজন মুম্বাইৰ বাসিন্দা আছিল। নমিতাই প্ৰেমিকক মেছেজ কৰিছিল যে যদি তেওঁ নমিতাৰ ওচৰলৈ নাহে তেন্তে তেওঁ আত্মহত্যা কৰিব। প্ৰেমিকজন নমিতাৰ গাঁৱলৈ অহাৰ লগে লগে নমিতা তেওঁৰ লগত গুচি যায়। পত্নী ঘৰৰ পৰা হঠাৎ নিৰুদ্দেশ হোৱাত তেওঁৰ স্বামী সঞ্জয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীৰ তদন্তৰ পূৰ্বেই গাঁৱত পঞ্চায়ত বহিল।

নমিতাক বহুত বুজোৱা হ’ল যদিও তেওঁ প্ৰেমিকৰ লগত যাবলৈ অটল হৈ থাকিল। তেওঁ কোনো কাৰণতে প্ৰেমিকক এৰিব নিবিচাৰে। অৱশেষত গাঁওবাসীৰ সন্মতিৰ অন্তত পঞ্চায়তে দুয়োকে একেলগে থাকিবলৈ অনুমতি দিলে। পাছত নমিতাৰ স্বামী সঞ্জয় মাহাতোৱেও এই কথাত সন্মতি দিলে, কিন্তু তেওঁ এটা চৰ্ত ৰাখিলে যে নমিতাই ল’ৰা-ছোৱালীকেইটাকো লগত লৈ যাব লাগিব।

এই প্ৰেম কাহিনী এতিয়া সকলোতে চৰ্চাৰ বিষয় হৈ পৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক