--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গডৰেজ কোম্পানীয়ে প্ৰয়াত চলচ্চিত্ৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক ৰাজ কাপুৰৰ মুম্বাইত থকা ঐতিহ্যমণ্ডিত বাংলোটো অধিগ্ৰহণ কৰিছে। গডৰেজ প্ৰপাৰ্টিজ লিমিটেডে এই প্ৰসংগত কৈছে  যে তেওঁলোকে মুম্বাইৰ চেম্বুৰত এটা বিলাসী আৱাস প্ৰকল্প স্থাপনৰ বাবে  স্থান বিচাৰি আছে। ৰাজ কাপুৰৰ   ডাঙৰ বাংলোটো সেই ক্ষেত্ৰত ভাল কামত আহিব বুলি ধাৰণা কৰা হৈছে৷ 


গডৰেজে কাপুৰ পৰিয়ালৰ উত্তৰাধিকাৰীসকলৰ সৈতে এইক্ষেত্ৰত  চুক্তি কৰি  মাটিখিনি ক্ৰয় কৰিছে। চুক্তিত উল্লেখ কৰা বিক্ৰী মূল্য, অৱশ্যে প্ৰকাশ কৰা হোৱা নাই।নতুন বিলাসী প্ৰকল্পটো টাটা ছ’চিয়েল ছায়েন্স প্ৰতিষ্ঠানৰ ওচৰৰ মুম্বাইৰ চেম্বুৰৰ দেওনাৰ ফাৰ্ম ৰোডত স্থাপন কৰা হ’ব৷
ইয়াৰ আগতে ২০১৯  চনত গডৰেজে কাপুৰ পৰিয়ালৰ  আন এটা সম্পত্তি ক্ৰয় কৰিছিল। উল্লেখ্য আৰ কে ষ্টুডিঅ' চেম্বুৰত অৱস্থিত। ইয়াতেই নিৰ্মাণ কৰিবলগীয়া বিলাসী আবাসৰ  প্ৰকল্পটো  শীঘ্ৰে  সম্পূৰ্ণ হ'ব।

গডৰেজৰ  মুৰব্বী গৌৰৱ পাণ্ডেই  কয়, "আমি এনে এক সুন্দৰ কাম পাই আমি অত্যন্ত সুখী। আমাৰ ওপৰত ইমান বিশ্বাস ৰখাৰ বাবে আমি কাপুৰ পৰিয়ালৰ ওচৰতো কৃতজ্ঞ। "

যোৱা কেইবছৰমানৰ পৰা গডৰেজৰ দৰে কোম্পানীবোৰে হাইছিং ব্যৱসায়তো হাত দিছে৷ গৌৰৱে কয় যে যদি চেম্বুৰত তেওঁলোকৰ স্থিতি শক্তিশালী হয় তেওঁলোক ব্যৱসায়ত অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম  হ'ব।
কাপুৰ পৰিয়ালৰ পুৰণি ঘৰৰ সৈতে বহুতো পাৰিবাৰিক আৱেগ জড়িত হৈ আছে। ৰাজ কাপুৰৰ বাংলোটোৰো আছে  বহু ইতিহাস । ৰণধীৰ কাপুৰে কৈছে, "মই কাপুৰ পৰিয়ালক বুজাব নোৱাৰিলো যে এই বাংলোটো কিমান মূল্যৱান । স্মৃতি... ইতিহাস সকলোবোৰ ইয়াত জড়িত  আছে। গডৰেজে  দেশৰ অন্যতম বৃহৎ কোম্পানী যিয়ে ৰিয়েল ইষ্টেট ব্যৱসায় উন্নত কৰিবলৈ চেষ্টা কৰি আছে। তথাপি আমি আশাবাদী। "










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু