--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গডৰেজ কোম্পানীয়ে প্ৰয়াত চলচ্চিত্ৰ অভিনেতা, পৰিচালক আৰু প্ৰযোজক ৰাজ কাপুৰৰ মুম্বাইত থকা ঐতিহ্যমণ্ডিত বাংলোটো অধিগ্ৰহণ কৰিছে। গডৰেজ প্ৰপাৰ্টিজ লিমিটেডে এই প্ৰসংগত কৈছে  যে তেওঁলোকে মুম্বাইৰ চেম্বুৰত এটা বিলাসী আৱাস প্ৰকল্প স্থাপনৰ বাবে  স্থান বিচাৰি আছে। ৰাজ কাপুৰৰ   ডাঙৰ বাংলোটো সেই ক্ষেত্ৰত ভাল কামত আহিব বুলি ধাৰণা কৰা হৈছে৷ 


গডৰেজে কাপুৰ পৰিয়ালৰ উত্তৰাধিকাৰীসকলৰ সৈতে এইক্ষেত্ৰত  চুক্তি কৰি  মাটিখিনি ক্ৰয় কৰিছে। চুক্তিত উল্লেখ কৰা বিক্ৰী মূল্য, অৱশ্যে প্ৰকাশ কৰা হোৱা নাই।নতুন বিলাসী প্ৰকল্পটো টাটা ছ’চিয়েল ছায়েন্স প্ৰতিষ্ঠানৰ ওচৰৰ মুম্বাইৰ চেম্বুৰৰ দেওনাৰ ফাৰ্ম ৰোডত স্থাপন কৰা হ’ব৷
ইয়াৰ আগতে ২০১৯  চনত গডৰেজে কাপুৰ পৰিয়ালৰ  আন এটা সম্পত্তি ক্ৰয় কৰিছিল। উল্লেখ্য আৰ কে ষ্টুডিঅ' চেম্বুৰত অৱস্থিত। ইয়াতেই নিৰ্মাণ কৰিবলগীয়া বিলাসী আবাসৰ  প্ৰকল্পটো  শীঘ্ৰে  সম্পূৰ্ণ হ'ব।

গডৰেজৰ  মুৰব্বী গৌৰৱ পাণ্ডেই  কয়, "আমি এনে এক সুন্দৰ কাম পাই আমি অত্যন্ত সুখী। আমাৰ ওপৰত ইমান বিশ্বাস ৰখাৰ বাবে আমি কাপুৰ পৰিয়ালৰ ওচৰতো কৃতজ্ঞ। "

যোৱা কেইবছৰমানৰ পৰা গডৰেজৰ দৰে কোম্পানীবোৰে হাইছিং ব্যৱসায়তো হাত দিছে৷ গৌৰৱে কয় যে যদি চেম্বুৰত তেওঁলোকৰ স্থিতি শক্তিশালী হয় তেওঁলোক ব্যৱসায়ত অধিক লাভ অৰ্জন কৰিবলৈ সক্ষম  হ'ব।
কাপুৰ পৰিয়ালৰ পুৰণি ঘৰৰ সৈতে বহুতো পাৰিবাৰিক আৱেগ জড়িত হৈ আছে। ৰাজ কাপুৰৰ বাংলোটোৰো আছে  বহু ইতিহাস । ৰণধীৰ কাপুৰে কৈছে, "মই কাপুৰ পৰিয়ালক বুজাব নোৱাৰিলো যে এই বাংলোটো কিমান মূল্যৱান । স্মৃতি... ইতিহাস সকলোবোৰ ইয়াত জড়িত  আছে। গডৰেজে  দেশৰ অন্যতম বৃহৎ কোম্পানী যিয়ে ৰিয়েল ইষ্টেট ব্যৱসায় উন্নত কৰিবলৈ চেষ্টা কৰি আছে। তথাপি আমি আশাবাদী। "










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক