--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৬ ফেব্ৰুৱাৰীত বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে ঘোষণা কৰিছিল  যে তেওঁ সমাজবাদী পাৰ্টিৰ নেতা ফাহাদ আহমদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। লগে লগে স্বাৰাৰ অনুগামী আৰু শুভাকাংক্ষীসকলৰ পৰা শুভেচ্ছা আহিবলৈ ধৰিলে। অৱশ্যে চিকাগোত থকা এজন ইছলামিক ধৰ্মগুৰু মুফতি য়াছিৰ নাদিম আল ৱাজিদীয়ে স্বৰা আৰু ফাহাদৰ বিবাহক 'ইছলামিকভাৱে অবৈধ' বুলি নিন্দা কৰিছে৷ 

 ইছলামিক ধৰ্মগুৰুগৰাকীৰ মতে  স্বৰা ভাস্কৰ এগৰাকী 'বহুধৰ্মী মহিলা'।  কোৰাণৰ এটা আয়াতৰ আধাৰত  আল ৱাজিদীয়ে তেওঁৰ দাবীক প্ৰতিষ্ঠা কৰিব বিচাৰিছে৷উল্লেখ্য  স্বৰা আৰু ফাহাদৰ বিবাহ বিশেষ বিবাহ আইনৰ অধীনত ২০২৩ চনৰ ৬ জানুৱাৰীত আদালতত কৰা হৈছিল৷ মুফতি য়াছিৰে উদাৰমুছলমানসকলক তেওঁলোকৰ ধৰ্মতত্ত্বৰ সুবিধা অনুসৰি কোৰাণৰ ব্যাখ্যা কৰাৰ বাবেও সমালোচনা কৰিছিল৷ এটা টুইটত মুফতি য়াছিৰে লিখিছে "যদি  স্বাৰা মুছলমান নহয় আৰু তেওঁৰ  স্বামী মুছলমান হয়, তেন্তে এই বিবাহ ইছলামিকভাৱে বৈধ নহয়।  আল্লাই বহু ঈশ্বৰবাদী মহিলাসকলক বিয়া নকৰিবলৈ কৈছে।  যদি কোনোবাই  কেৱল বিবাহৰ বাবে ইছলাম ধৰ্ম  গ্ৰহণ কৰে, তেন্তে ইয়াক আল্লাই গ্ৰহণ নকৰে"। ধৰ্মগ্ৰুগৰাকীয়ে  উদাৰবাদী মুছলমানসকলকো তীব্ৰ সমালোচনা কৰে৷ 

আৰ জে ছায়েমাই  মুফতিৰ টুইটৰ এটা স্ক্ৰীণ শ্বট  শ্বেয়াৰ কৰি লিখিছে "বাজ অফ!" মুফতি য়াছিৰে অৱশ্যে তৎক্ষণাৎ সঁহাৰি দি কৈছে যে ছায়েমা 'উদাৰবাদৰ ৰোগত সংক্ৰমিত'৷  তেওঁ লগতে কয় যে কোৰাণক 'লঘু' কৰা স্বত্বেও ছায়েমা এতিয়াও কেৱল তেওঁৰ নামৰ বাবেই ইছলামৰ সৈতে জড়িত হৈ থাকিব। ইপিনে ছায়েমাই মুফতি য়াছিৰক সুধিছে যে তেওঁক আল্লাৰ দ্বাৰা নিযুক্ত কৰা হৈছে  নেকি যে  তেওঁক সুধিহে  আনে সিদ্ধান্ত ল’ব পাৰিব।ছায়েমাই লিখিছে "আপুনি কোন? আনৰ বিচাৰ কৰিবলৈ আল্লাৰ দ্বাৰা মনোনীত কোনোবা নেকি? । " । 

ছায়েমাৰ টুইটৰ সঁহাৰি দি মুফতি য়াছিৰে কয় যে তেওঁৰ বাবে  উদাৰবাদীসকলক হৈছে  আটাইতকৈ   ঘৃণা কৰা ব্যক্তি  ৷ মুফতি য়াছিৰৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি  'মিষ্টাৰ ৰিএক্সন ৱালা' নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীৰ টুইটৰ উত্তৰত লিখিছে   "আমি ভাৰতত বাস কৰোঁ, ইছলামিক দেশ নহয়, সেয়েহে চৌদি আৰৱত এইটো প্ৰচাৰ কৰক"৷ এই টুইটৰ পিছতে  মুফতি য়াছিৰে কয় যে "ইছলাম কেৱল চৌদি আৰৱৰ বাবে নহয় আৰু ভাৰতত বাস কৰাৰ অৰ্থ এইটো নহয় যে কোনোবাই  ইছলামৰ নীতি  পালন নকৰিব।" এক পৃথক টুইটযোগে মুফতি য়াছিৰ নাদিম আল ৱাজিদীয়ে  স্বৰা ভাস্কৰৰ বিবাহ সন্দৰ্ভত  কয় যে তেওঁৰ দেহত  'উদাৰবাদৰ বীজাণু' আছে আৰু তেওঁলোকক বীজাণুমুক্ত কৰিবই লাগিব। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক