--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৬ ফেব্ৰুৱাৰীত বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে ঘোষণা কৰিছিল  যে তেওঁ সমাজবাদী পাৰ্টিৰ নেতা ফাহাদ আহমদৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। লগে লগে স্বাৰাৰ অনুগামী আৰু শুভাকাংক্ষীসকলৰ পৰা শুভেচ্ছা আহিবলৈ ধৰিলে। অৱশ্যে চিকাগোত থকা এজন ইছলামিক ধৰ্মগুৰু মুফতি য়াছিৰ নাদিম আল ৱাজিদীয়ে স্বৰা আৰু ফাহাদৰ বিবাহক 'ইছলামিকভাৱে অবৈধ' বুলি নিন্দা কৰিছে৷ 

 ইছলামিক ধৰ্মগুৰুগৰাকীৰ মতে  স্বৰা ভাস্কৰ এগৰাকী 'বহুধৰ্মী মহিলা'।  কোৰাণৰ এটা আয়াতৰ আধাৰত  আল ৱাজিদীয়ে তেওঁৰ দাবীক প্ৰতিষ্ঠা কৰিব বিচাৰিছে৷উল্লেখ্য  স্বৰা আৰু ফাহাদৰ বিবাহ বিশেষ বিবাহ আইনৰ অধীনত ২০২৩ চনৰ ৬ জানুৱাৰীত আদালতত কৰা হৈছিল৷ মুফতি য়াছিৰে উদাৰমুছলমানসকলক তেওঁলোকৰ ধৰ্মতত্ত্বৰ সুবিধা অনুসৰি কোৰাণৰ ব্যাখ্যা কৰাৰ বাবেও সমালোচনা কৰিছিল৷ এটা টুইটত মুফতি য়াছিৰে লিখিছে "যদি  স্বাৰা মুছলমান নহয় আৰু তেওঁৰ  স্বামী মুছলমান হয়, তেন্তে এই বিবাহ ইছলামিকভাৱে বৈধ নহয়।  আল্লাই বহু ঈশ্বৰবাদী মহিলাসকলক বিয়া নকৰিবলৈ কৈছে।  যদি কোনোবাই  কেৱল বিবাহৰ বাবে ইছলাম ধৰ্ম  গ্ৰহণ কৰে, তেন্তে ইয়াক আল্লাই গ্ৰহণ নকৰে"। ধৰ্মগ্ৰুগৰাকীয়ে  উদাৰবাদী মুছলমানসকলকো তীব্ৰ সমালোচনা কৰে৷ 

আৰ জে ছায়েমাই  মুফতিৰ টুইটৰ এটা স্ক্ৰীণ শ্বট  শ্বেয়াৰ কৰি লিখিছে "বাজ অফ!" মুফতি য়াছিৰে অৱশ্যে তৎক্ষণাৎ সঁহাৰি দি কৈছে যে ছায়েমা 'উদাৰবাদৰ ৰোগত সংক্ৰমিত'৷  তেওঁ লগতে কয় যে কোৰাণক 'লঘু' কৰা স্বত্বেও ছায়েমা এতিয়াও কেৱল তেওঁৰ নামৰ বাবেই ইছলামৰ সৈতে জড়িত হৈ থাকিব। ইপিনে ছায়েমাই মুফতি য়াছিৰক সুধিছে যে তেওঁক আল্লাৰ দ্বাৰা নিযুক্ত কৰা হৈছে  নেকি যে  তেওঁক সুধিহে  আনে সিদ্ধান্ত ল’ব পাৰিব।ছায়েমাই লিখিছে "আপুনি কোন? আনৰ বিচাৰ কৰিবলৈ আল্লাৰ দ্বাৰা মনোনীত কোনোবা নেকি? । " । 

ছায়েমাৰ টুইটৰ সঁহাৰি দি মুফতি য়াছিৰে কয় যে তেওঁৰ বাবে  উদাৰবাদীসকলক হৈছে  আটাইতকৈ   ঘৃণা কৰা ব্যক্তি  ৷ মুফতি য়াছিৰৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি  'মিষ্টাৰ ৰিএক্সন ৱালা' নামৰ এজন টুইটাৰ ব্যৱহাৰকাৰীৰ টুইটৰ উত্তৰত লিখিছে   "আমি ভাৰতত বাস কৰোঁ, ইছলামিক দেশ নহয়, সেয়েহে চৌদি আৰৱত এইটো প্ৰচাৰ কৰক"৷ এই টুইটৰ পিছতে  মুফতি য়াছিৰে কয় যে "ইছলাম কেৱল চৌদি আৰৱৰ বাবে নহয় আৰু ভাৰতত বাস কৰাৰ অৰ্থ এইটো নহয় যে কোনোবাই  ইছলামৰ নীতি  পালন নকৰিব।" এক পৃথক টুইটযোগে মুফতি য়াছিৰ নাদিম আল ৱাজিদীয়ে  স্বৰা ভাস্কৰৰ বিবাহ সন্দৰ্ভত  কয় যে তেওঁৰ দেহত  'উদাৰবাদৰ বীজাণু' আছে আৰু তেওঁলোকক বীজাণুমুক্ত কৰিবই লাগিব। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু