--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰীজৰ ঠাণ্ডা পানী খাই বহু লোকেই ভাল পায়। প্ৰচণ্ড গৰমত ঠাণ্ডা পানীৰ চুমুক এটাই ডিঙিত এক আৰামদায়ক অনুভৱ দিয়ে। কিছুমানে বাহিৰৰ পৰা আহি চিধাই ফ্ৰীজ খুলি বটলৰ ঠাণ্ডা পানী খায়। হোটেল-ৰেষ্টুৰেণ্টত গলেও নিশ্চয় আপুনি এক প্ৰশ্নৰ সন্মুখীন হয় যে নৰ্মেল ঠাণ্ডা পানী দিম নে ফ্ৰীজৰ পানী? ঠিক তেনেদৰে দোকানত পানীৰ বটল কিনিবলৈ গ'লেও দোকানীয়ে একে প্ৰশ্নকে কৰে। বহু লোকৰ বাবে হেঁপাহৰ এক উপাদান ফ্ৰীজৰ ঠাণ্ডা পানী। অৱশ্যে ফ্ৰীজৰ পানী খাই বেয়া পোৱা মানুহো নোহোৱা নহয়।

ফ্ৰীজৰ ঠাণ্ডা পানী খোৱাৰ ফলত আপোনাৰ শৰীৰৰ কি কি ক্ষতি হয় জানেনে? পৰাপক্ষত ফ্ৰীজৰ পানী নোখোৱাকৈ থাকিব পাৰিলে ভাল। ফ্ৰীজৰ পানী খোৱাৰ ফলত শৰীৰৰ কি কি সমস্যা হয় জানো আহক।

১)ফ্ৰীজৰ ঠাণ্ডা পানী খালে মাইগ্ৰেইনৰ লক্ষণসমূহ আৰু বেছিকৈ বৃদ্ধি পাবলৈ পাৰে। মাইগ্ৰেইন নথকা লোকেও এই ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

২)ই হজম শক্তিক দুৰ্বল কৰি তোলে। ইয়াৰ উপৰিও পেটৰ বিষ আৰু ডায়েৰিয়া হ’ব পাৰে।

৩)ফ্ৰীজৰ ঠাণ্ডা পানী অত্যধিক সেৱনৰ ফলত বদহজম সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৪)এই পানীয়ে মগজুলৈ অক্সিজেনৰ প্ৰৱেশ হ্ৰাস কৰে। ইয়াৰ ফলত মূৰ ঘূৰোৱাৰ লগতে মগজুৰ কোষৰ ক্ষতি হ’ব পাৰে।

৫)ঠাণ্ডা পানী খালে পিয়াহ বেছিকৈ বাঢ়ে।

৬)অত্যধিক ঠাণ্ডা পানী খালে শৰীৰত চৰ্বী জমা হ’ব পাৰে।

৭)ফ্ৰীজৰ ঠাণ্ডা পানীয়ে শৰীৰত প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ মাত্ৰা হ্ৰাস কৰে। সেয়ে শৰীৰটো আঘাত আৰু অন্যান্য দীৰ্ঘদিনীয়া ৰোগৰ কবলত পৰে।

৮)নিয়মিতভাৱে ফ্ৰীজৰ ঠাণ্ডা পানী খালে থাইৰয়ড বা টনচিল গ্ৰন্থি বৃদ্ধি হ’ব পাৰে।

গতিকে নিজৰ শৰীৰৰ সুস্বাস্থ্যৰ কথা ভাবি ফ্ৰীজৰ পানী খোৱাৰ পৰা বিৰত থাকক। সাধাৰণ ঠাণ্ডা পানী খোৱাৰ অভ্যাস গঢ়ি তোলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ