--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফ্ৰীজৰ ঠাণ্ডা পানী খাই বহু লোকেই ভাল পায়। প্ৰচণ্ড গৰমত ঠাণ্ডা পানীৰ চুমুক এটাই ডিঙিত এক আৰামদায়ক অনুভৱ দিয়ে। কিছুমানে বাহিৰৰ পৰা আহি চিধাই ফ্ৰীজ খুলি বটলৰ ঠাণ্ডা পানী খায়। হোটেল-ৰেষ্টুৰেণ্টত গলেও নিশ্চয় আপুনি এক প্ৰশ্নৰ সন্মুখীন হয় যে নৰ্মেল ঠাণ্ডা পানী দিম নে ফ্ৰীজৰ পানী? ঠিক তেনেদৰে দোকানত পানীৰ বটল কিনিবলৈ গ'লেও দোকানীয়ে একে প্ৰশ্নকে কৰে। বহু লোকৰ বাবে হেঁপাহৰ এক উপাদান ফ্ৰীজৰ ঠাণ্ডা পানী। অৱশ্যে ফ্ৰীজৰ পানী খাই বেয়া পোৱা মানুহো নোহোৱা নহয়।

ফ্ৰীজৰ ঠাণ্ডা পানী খোৱাৰ ফলত আপোনাৰ শৰীৰৰ কি কি ক্ষতি হয় জানেনে? পৰাপক্ষত ফ্ৰীজৰ পানী নোখোৱাকৈ থাকিব পাৰিলে ভাল। ফ্ৰীজৰ পানী খোৱাৰ ফলত শৰীৰৰ কি কি সমস্যা হয় জানো আহক।

১)ফ্ৰীজৰ ঠাণ্ডা পানী খালে মাইগ্ৰেইনৰ লক্ষণসমূহ আৰু বেছিকৈ বৃদ্ধি পাবলৈ পাৰে। মাইগ্ৰেইন নথকা লোকেও এই ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে।

২)ই হজম শক্তিক দুৰ্বল কৰি তোলে। ইয়াৰ উপৰিও পেটৰ বিষ আৰু ডায়েৰিয়া হ’ব পাৰে।

৩)ফ্ৰীজৰ ঠাণ্ডা পানী অত্যধিক সেৱনৰ ফলত বদহজম সমস্যাৰ সৃষ্টি হ’ব পাৰে।

৪)এই পানীয়ে মগজুলৈ অক্সিজেনৰ প্ৰৱেশ হ্ৰাস কৰে। ইয়াৰ ফলত মূৰ ঘূৰোৱাৰ লগতে মগজুৰ কোষৰ ক্ষতি হ’ব পাৰে।

৫)ঠাণ্ডা পানী খালে পিয়াহ বেছিকৈ বাঢ়ে।

৬)অত্যধিক ঠাণ্ডা পানী খালে শৰীৰত চৰ্বী জমা হ’ব পাৰে।

৭)ফ্ৰীজৰ ঠাণ্ডা পানীয়ে শৰীৰত প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ মাত্ৰা হ্ৰাস কৰে। সেয়ে শৰীৰটো আঘাত আৰু অন্যান্য দীৰ্ঘদিনীয়া ৰোগৰ কবলত পৰে।

৮)নিয়মিতভাৱে ফ্ৰীজৰ ঠাণ্ডা পানী খালে থাইৰয়ড বা টনচিল গ্ৰন্থি বৃদ্ধি হ’ব পাৰে।

গতিকে নিজৰ শৰীৰৰ সুস্বাস্থ্যৰ কথা ভাবি ফ্ৰীজৰ পানী খোৱাৰ পৰা বিৰত থাকক। সাধাৰণ ঠাণ্ডা পানী খোৱাৰ অভ্যাস গঢ়ি তোলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক