--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰন্ধা সময়ত শুকান জলকীয়া ব্যৱহাৰ কৰিলে খাদ্যৰ ৰং আৰু সোৱাদ দুগুণ বৃদ্ধি পায়। মচুৰ দাইলেই হওক বা যিকোনো শাক-পাচলি হওক,শুকান জলকীয়া নথকা খাদ্যৰ সোৱাদ নিস্তেজ যেন লাগে। প্ৰায়ে মানুহে ভাবে যে শুকান জলকীয়া খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিন্তু আপুনি জানি আচৰিত হ’ব যে শুকান জলকীয়া খালে খাদ্যৰ সোৱাদ বৃদ্ধি হোৱাই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী হয়। ৰঙা শুকান জলকীয়াত ভিটামিন এ, চি আৰু ই প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। ‘কেপচাইচিন’ নামৰ এবিধ উপাদান এই শুকান জলকীয়াত পোৱা যায়, যিয়ে গাঁঠিৰ বিষ কমোৱাত সহায় কৰে।  ৰঙা শুকান জলকীয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক 

চকুৰ বাবে উপকাৰী

শুকান ৰঙা জলকীয়াত ভিটামিন এ থাকে যিটো চকুৰ বাবে অতি উপকাৰী। শুকান জলকীয়া সেৱনে ৰেটিনাৰ কোষৰ অৱক্ষয় ৰোধ কৰাত সহায় কৰে। কেৱল এয়াই নহয়, ই চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায়ক হয়।

ইমিউনিটি বুষ্টাৰ

শুকান জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও অন্ত্ৰ, প্ৰস্ৰাৱ, হাওঁফাওঁ আদিৰ সংক্ৰমণৰ সম্ভাৱনাও কমায়। ইয়াৰ লগতে ই নাকৰ নলীবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে।

গাঁঠিৰ সমস্যাৰ বাবে উপকাৰী

বাতবিষ ৰোগীৰ বাবেও শুকান ৰঙা জলকীয়া উপকাৰী। ইয়াৰ সেৱনে গাঁঠিৰ বিষ কমোৱাত সহায় কৰে। শুকান জলকীয়াত কেপচাইচিন নামৰ এবিধ পদাৰ্থ থাকে, যিয়ে পেশীৰ বিষ, গাঁঠিৰ বিষ, অষ্টিঅ’আৰ্থাইটিছৰ বিষ কমায়। যদি চৰ্দিৰ বাবে ডিঙিৰ বিষ হয়, তেন্তে শুকান জলকীয়া খালে সকাহ পাব পাৰে।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

শুকান জলকীয়া সেৱনে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও তেজত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ধমনীসমূহ প্ৰসাৰিত কৰে। ফলত ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। শুকান জলকীয়া সেৱন কৰিলে হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম হয়।

যৌনতা বৃদ্ধি

যিসকল লোকৰ যৌন জীৱন ভাল নহয়, তেওঁলোকে শুকান জলকীয়া সেৱন কৰিব লাগে। ইয়াত থকা কেপচাইচিনে যৌনতা বৃদ্ধি কৰে। ইয়াৰ ফলত আপোনাৰ যৌন জীৱনত হেৰুৱা ৰোমাঞ্চ ঘূৰাই আনিব পাৰে।

যদি ৰঙা শুকান জলকীয়া সীমিত পৰিমাণত সেৱন কৰা হয়, তেন্তে ইয়াৰ স্বাস্থ্যজনিত উপকাৰিতা বহু আছে। গতিকে সীমিত পৰিমাণৰ ৰঙা শুকান জলকীয়া ব্যৱহাৰ কৰক আৰু সুস্থ থাকক ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক