--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰন্ধা সময়ত শুকান জলকীয়া ব্যৱহাৰ কৰিলে খাদ্যৰ ৰং আৰু সোৱাদ দুগুণ বৃদ্ধি পায়। মচুৰ দাইলেই হওক বা যিকোনো শাক-পাচলি হওক,শুকান জলকীয়া নথকা খাদ্যৰ সোৱাদ নিস্তেজ যেন লাগে। প্ৰায়ে মানুহে ভাবে যে শুকান জলকীয়া খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। কিন্তু আপুনি জানি আচৰিত হ’ব যে শুকান জলকীয়া খালে খাদ্যৰ সোৱাদ বৃদ্ধি হোৱাই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী হয়। ৰঙা শুকান জলকীয়াত ভিটামিন এ, চি আৰু ই প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। ‘কেপচাইচিন’ নামৰ এবিধ উপাদান এই শুকান জলকীয়াত পোৱা যায়, যিয়ে গাঁঠিৰ বিষ কমোৱাত সহায় কৰে।  ৰঙা শুকান জলকীয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক। 

চকুৰ বাবে উপকাৰী

শুকান ৰঙা জলকীয়াত ভিটামিন এ থাকে যিটো চকুৰ বাবে অতি উপকাৰী। শুকান জলকীয়া সেৱনে ৰেটিনাৰ কোষৰ অৱক্ষয় ৰোধ কৰাত সহায় কৰে। কেৱল এয়াই নহয়, ই চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায়ক হয়।

ইমিউনিটি বুষ্টাৰ

শুকান জলকীয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু চি থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও অন্ত্ৰ, প্ৰস্ৰাৱ, হাওঁফাওঁ আদিৰ সংক্ৰমণৰ সম্ভাৱনাও কমায়। ইয়াৰ লগতে ই নাকৰ নলীবোৰ পৰিষ্কাৰ কৰাত সহায় কৰে।

গাঁঠিৰ সমস্যাৰ বাবে উপকাৰী

বাতবিষ ৰোগীৰ বাবেও শুকান ৰঙা জলকীয়া উপকাৰী। ইয়াৰ সেৱনে গাঁঠিৰ বিষ কমোৱাত সহায় কৰে। শুকান জলকীয়াত কেপচাইচিন নামৰ এবিধ পদাৰ্থ থাকে, যিয়ে পেশীৰ বিষ, গাঁঠিৰ বিষ, অষ্টিঅ’আৰ্থাইটিছৰ বিষ কমায়। যদি চৰ্দিৰ বাবে ডিঙিৰ বিষ হয়, তেন্তে শুকান জলকীয়া খালে সকাহ পাব পাৰে।

ৰক্তচাপ নিয়ন্ত্ৰণ কৰে

শুকান জলকীয়া সেৱনে কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে। ইয়াৰ উপৰিও তেজত ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ধমনীসমূহ প্ৰসাৰিত কৰে। ফলত ই ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। শুকান জলকীয়া সেৱন কৰিলে হৃদৰোগ আৰু ষ্ট্ৰোকৰ সম্ভাৱনা কম হয়।

যৌনতা বৃদ্ধি

যিসকল লোকৰ যৌন জীৱন ভাল নহয়, তেওঁলোকে শুকান জলকীয়া সেৱন কৰিব লাগে। ইয়াত থকা কেপচাইচিনে যৌনতা বৃদ্ধি কৰে। ইয়াৰ ফলত আপোনাৰ যৌন জীৱনত হেৰুৱা ৰোমাঞ্চ ঘূৰাই আনিব পাৰে।

যদি ৰঙা শুকান জলকীয়া সীমিত পৰিমাণত সেৱন কৰা হয়, তেন্তে ইয়াৰ স্বাস্থ্যজনিত উপকাৰিতা বহু আছে। গতিকে সীমিত পৰিমাণৰ ৰঙা শুকান জলকীয়া ব্যৱহাৰ কৰক আৰু সুস্থ থাকক ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ