--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰ এটা আটোমটোকাৰিকৈ সজাই তুলিবলৈ হ'লে ঘৰটোৰ ভিতৰৰ সাজ সজ্জা সুন্দৰ হ'ব লাগে। ঘৰৰ খিৰিকী তথা দুবাৰত লগোৱা পৰ্দাই ঘৰ এটাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। কিন্তু পৰ্দাৰ ৰং নির্বাচনত যদি ভুল হয় তেন্তে তাৰ শুভ  প্ৰভাৱৰ সলনি অশুৱ প্ৰভাৱহে গৃহস্থৰ ওপৰত পৰিব পাৰে। ফেংছুই মতে পর্দা নির্বাচন কৰাৰ সময়ত সদায় সতর্ক হ'ব লাগে। 

পর্দা নির্বাচন সঠিক হ'লে তেনে ঘৰত সুখ-শান্তি বিৰাজ কৰাৰ লগতে তেনে ঘৰৰ পৰিৱেশ অতি সুন্দৰ হৈ পৰে। ফেংছুইৰ মতে অৱস্থান অনুসৰি ঘৰৰ দুৱাৰ তথা খিৰিকীৰ পৰ্দাৰ ৰং আৰু নক্সা নির্বাচন কৰিব লাগে। দিশ অনুসৰি পৰ্দাৰ ৰঙো বেলেগ বেলেগ হ'ব লাগিব। পশ্চিম দিশৰ দুৱাৰ খিৰিকীৰ পৰ্দাৰ ৰং বগা হ'ব লাগে। পশ্চিম দিশৰ প্ৰধান উপাদান হ'ল ধাতু। এই দিশক প্রতিনিধিত্ব কৰা ৰং হৈছে বগা। 



পূব দিশৰ দুৱাৰ খিৰিকীত সেউজীয়া ৰঙৰ পৰ্দা ব্যৱহাৰ কৰিব লাগে। সেউজীয়া ৰঙৰ পৰ্দাত আয়তাকাৰ নক্সা থাকিলে আৰু বেছি শুভ ফলদায়ক হয়। পূব দিশৰ ৰং হৈছে সেউজীয়া। উত্তৰ দিশৰ প্ৰধান উপাদান হৈছে পানী। উত্তৰ দিশৰ দুৱাৰ-খিৰিকীৰ পৰ্দাৰ ৰং নীলা অথবা সেউজীয়া হ'ব লাগে। দক্ষিণ দিশৰ উপাদান হৈছে অগ্নি। 

যাৰ বৰণ ৰঙা। সেইবাবে দক্ষিণ দিশৰ দুৱাৰ খিৰিকাৰ পৰ্দাৰ ৰং ৰঙা হ'ব লাগে। এনে ৰঙা পৰ্দাত ত্ৰিভূজাকৃতিৰ নক্সা থাকিলে আৰু বেছি শুভ ফল লাভ কৰিব পাৰি।











FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী