--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানি প্লেণ্টে ধন-সম্পদ বৃদ্ধিত যাদুকৰী কাম কৰে বুলি ফেংছুই বিশাৰদসকলে কৈ আহিছে৷ কিন্তু ঘৰৰ সঠিক স্থানত মানি প্লেণ্ট ৰাখিলেহে সুফল পোৱা যায়৷ কেৱল  মানি প্লেণ্ট স্থাপনেই নহয়, ফেংছুই শাস্ত্ৰত সমৃদ্ধি বৃদ্ধিৰ বাবে আন কেইমান  বিধি-বিধানো মানি চলিলে সুফল পাব৷

ঘৰত ধন-সম্পত্তি বৃদ্ধি কৰিবলৈ ফেংছুইয়ে দিয়া বিধান অনুসৰি আলহী বহা কোঠাত এটা টাবত মানি প্লেণ্ট ৰোপণ কৰক। এই মানি প্লেন্ট ফেংছুইৰ বিভিন্ন সামগ্রী পোৱা বিপণীসমূহত বিচাৰিলেই আপুনি পাব। এই মানি প্লেন্ট ৰোপণ কৰা টাবটো আলহী বহা ঘৰৰ দক্ষিণ-পূব দিশত ৰাখিব লাগে। ফেংচুইৰ মতে দক্ষিণ-পূব দিশটো হৈছে ধন-সম্পত্তি লাভৰ দিশ । 

সেইবাবে এই দিশত মানি   প্লেন্ট ৰোপন কৰা ঢালটো ৰাখিলে লাভ কৰিব। এনেধৰণৰ পূব বা দক্ষিণ দিশতো ৰাখিলে একে ফলেই লাভ কৰিব পাৰি। আলহী বহা ঘৰৰ উপৰি কাৰ্যালয়গুহটো এনে গছ ৰাখিব পাৰি। কিন্তু এটা কথা মনত ৰাখিব যে এনেধৰণৰ গছ কেতিয়াও স্নানাগাৰ অথবা শুৱনি কোঠাত নাৰাখিব। মানি প্লেন্টৰ পাতবোৰ হৃদয় আকৃতিৰ সেউজীয়া বৰণৰ হয়।

ঘৰত সৌভাগ্য বৃদ্ধিৰ বাবে তিনিঠেঙীয়া ভেকুলী ৰাখিব লাগে। তিনিঠেঙীয়া ভেকুলী অষ্টপদী আধাৰৰ ওপৰত ৰখা হয়। এনে ভেকুলীৰ মুখত চীনা মুদ্রা থাকে। চীনা মুদ্ৰাৰ এটা ফালে চাবিটা আৰু আনটো ফালে দুটা চীনা ভাষাত লিখা সংকেত থাকে।

এইখিনিতে মন কৰিবলগীয়া কথাটো হ'ল ভেকুলীৰ মুখত থকা মুদ্ৰাটোৰ ওপৰপিনে যাতে চাৰিটা সংকেত থকা ফালটোহে ৰখা হয়। এনেধৰণৰ তিনিঠেঙীয়া ভেকুলী ঘৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা কৌণিকভাৱে দুৱাৰৰ দিশলৈ মুখ কৰি ৰাখিব লাগে। ঘৰৰ আলহী বহা কোঠাত তিনিঠেঙীয়া ভেকুলী ৰাখিব পাৰি।এনেদৰে ফেংছুইৰ নিয়ম সমূহ যদি পালন কৰা হয় তেন্তে কম দিনৰ ভিতৰতে ইয়াৰ ফল লাভ কৰিব পাৰিব বুলি ফেংছুই বিশাৰদসকলে কৈ আহিছে৷ 









FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ