--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এবিধ বিশেষ ধৰণৰ মাছ ঘৰত নিৰ্দিষ্ট স্থানত ৰাখিও সুখ-সমৃদ্ধি তথা ধন- সম্পত্তি বৃদ্ধি কৰিব পাৰি। এই মাছবিধ হৈছে এৰোৱানা মাছ। এই মাছবিধক ড্রেগন মাছ বুলিও বহুতে কয়। চীনৰ লোকসকলে ড্ৰেগনক পৱিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰি আহিছে। একেদৰে ড্ৰেগন মাছকো সৌভাগ্য আৰু পৱিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এৰোৱানা অর্থাৎ ড্ৰেগন মাছৰ ছবি, মূৰ্তি অথবা সম্ভৱ হ'লে জীৱন্ত মাছ একুৱাৰিয়ামত ৰাখি ঘৰৰ ভিতৰত থ'ব পাৰিলে অতি উত্তম ফলাফল লাভ কৰিব পাৰি।

এৰোৱানা মাছ নটা একুৱাৰিয়ামৰ ভিতৰত ৰাখিব লাগে। যদি জীৱন্ত মাছ পোৱা নাযায় তেন্তে ৯টা মাছৰ ছবি অথবা ৯টা মূৰ্তি কাম কৰা মেজত ৰাখিলে অতি শুভ ফলাফল লাভ কৰিব পাৰি ৷এইবিধ মাছৰ দৰেই ধন-সম্পদ বৃদ্ধিৰ বাবে চীনা মুদ্ৰাও ৰাখিব পাৰে। 

আজিকালি বহু মানুহেই নিজা গাড়ী ব্যৱহাৰ কৰে। গাড়ীত যদি চীনা মুদ্রা ওলোমাই ৰখা হয় তেন্তে যথেষ্ট সুফল পোৱা যায়। গাড়ীত চীনা মুদ্রা ওলোমাই ৰাখিলে যি কামৰ বাবেই যাত্ৰা কৰা নহওক কিয়, সেই কাম সিদ্ধি হয়। গাড়ীত সদায় ছটা চীনা মুদ্ৰা ওলোমাই ৰাখিব লাগে ।অতি উত্তম ফলাফল লাভ কৰাৰ বাবে আপুনি আপোনাৰ অতি প্রয়োজনীয় ফাইলসমূহৰ ওপৰত তিনিটা চীনা মুদ্ৰা আঠাৰে লগাই ৰাখিব পাৰে।

এনে কৰিলে কামবোৰ অতি দ্ৰুতগতিত সম্পন্ন হ'ব আৰু সৌভাগ্য বৃদ্ধি পাব । বহুতে টেলিফোনটো তিনিটা চীনা মুদ্ৰা লগাই থয়। চীনা মুদ্ৰা লগাই থোৱা টেলিফোনত হোৱা কথা বতৰাসমূহ শুভ ফলদায়ক হৈ উঠে। কিছুমানে আকৌ ঘৰৰ দুৱাৰৰ কাষত ৰখা কার্পেটৰ তলতো চীনা মুদ্ৰা ৰাখে । সৰু কাৰ্পেটখনৰ তলত ৰাখিবলগীয়া চীনা মুদ্ৰাৰ সংখ্যা হৈছে ৯টা। এনেদৰে চীনা মুদ্ৰা সঠিক স্থানত ওলোমাই ৰাখিব পাৰিলে সৌভাগ্য তথা ধন-সম্পত্তি বৃদ্ধি হয় ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ