--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে টোপনিত সপোন দেখো। ফেংছুইৰ মতে প্ৰতিটো সপোনৰে নিজা নিজা অৰ্থ আছে। 
সপোনত চৰাই দেখিলেঃ সপোনত চৰাই দেখাতো ফেংছুইৰ মতে অতি ভাল কথা। সপোনত যদি আপুনি চৰাই দেখে তেন্তে আপুনি বাস্তৱ জীৱনত সাফল্য অৰ্জন কৰিব পাৰিব। সপোন দেখা চৰাই যদি ধুনীয়া হয় তেন্তে আপোনাৰ সাফল্যৰ হাৰো বেছি হ'ব৷ চৰায়ে সদায় ইতিবাচক দিশ প্রতিফলিত কৰে। সেইবাবে সপোনত চৰাই দেখাতো অতি ভাল বুলি ফেছুইয়ে কৈ আহিছে। সপোনত চৰাই দেখিলে আপোনাৰ বহুদিন ধৰি আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। সপোনত উৰি যোৱা চৰাই দেখাতো আৰু বেছি ভাল বুলি বহুতে কয়।

সপোনত মৃতদেহ সৎকাৰ কৰা দেখিলেঃ সপোনত মৃতদেহ সৎকাৰ কৰা দেখিলে লোক এজনে তেওঁৰ মনত থকা বিভিন্ন ধৰণৰ ৰিপুসমূহ দমন কৰাৰ চেষ্টা চলাব লাগে। আচলতে ৰিপুসমূহে আমাক মৃত্যু ভয়ৰ পৰাও আঁতৰাই ৰাখে। আমি মৃত্যুৰ কথা পাহৰি গৈ পৃথিৱীখনতেই আজীৱন থাকিম বুলি ধৰি লওঁ। বিভিন্ন ৰিপুৰ বাবেই আমি পৃথিৱীখনত উপলব্ধ সুখসমূহ ভালদৰে উপভোগ কৰিব নোৱাৰোঁ। কেবল ধন-সম্পত্তিৰ পিছতেই দৌৰি ফুৰোঁতেই আমাৰ সময়বোৰ পাৰ হৈ যায়। পৃথিৱীৰ দৰে সুন্দৰ সুজলা-সুফলা পৰিৱেশৰ পৰাই যে আমি স্বৰ্গীয় সুখানুভূতি অনুভৱ কৰিব পাৰোঁ সেই কথা ভাবি চোৱাৰ সময় আমাৰ বহুতৰে নাথাকে। কেবল পার্থিৱ বিষয়ক লৈ ব্যস্ত থকা সকলে যদি সপোনত মৃতদেহ সৎকাৰ কৰা দেখে তেন্তে তেওঁলোকে ৰিপু দমন কৰাৰ চেষ্টা চলাব লাগে।


সপোনত জীৱ-জন্তু দেখিলে : সপোনত আমি প্ৰায়ে বিভিন্ন ধৰণৰ জীৱ জন্তু দেখো। সপোনত এনেদৰে জীৱ-জন্তু দেখাতো ফেংছুইৰ মতে অতি শুভ ফলদায়ক কথা। সপোনত যদি কোনোবাই জীৱ-জন্তু দেখে তেন্তে তেওঁৰ উন্নতিৰ বাট প্রশস্ত হোৱা বুলি ধৰিব পাৰি। হিংস্ৰ জীৱ-জন্তুৰ সলনি শান্ত জীৱ-জন্তু দেখিলে বেছি ভাল ফল পোৱা যায়। অৱশ্যে সপোনত দেখা জীৱ-জন্তুৱে যদি নিজৰ ভিতৰতে যুঁজ বাগৰত লিপ্ত হোৱা দেখে তেন্তে কাৰোবাৰ সৈতে আপোনাৰ কাজিয়া-পেচাল হোৱাৰ আশংকা থাকে। একেদৰে সপোনত যদি কোনোবাই দূৰন্ত বেগেৰে দৌৰি থকা ঘোঁৰা দেখে তেন্তে এয়া ফেংছুইৰ মতে অতি শুভ ফলদায়ক কথা। অৱশ্যে সপোনত ঘৰচীয়া জীৱ-জন্তু দেখিলে বিশেষ কোনো ফল পোৱা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত হৈ থকা যুদ্ধই প্ৰাণ কাঢ়িছে বহু সাংবাদিকৰ! জানি লওক ক'ত কিমানে হেৰুৱালে প্ৰাণ?
অমিত শ্বাহক ১৮জন প্রাক্তন ন্যায়াধীশৰ সমালোচনা
বিশ্বৰ প্ৰখ্যাত বিত্তীয় সংস্থা গ'ল্ডমেন চছৰ দাবী! দহ বছৰত বিশ্বক হতবাক কৰিব পৰা অৰ্থনৈতিক প্রগতি হ'ব ভাৰতৰ
হোষ্টেলত ৪২৬ টা শিশুৰ খাদ্যত ফেনাইল মিহলাই হত্যা কৰাৰ ষড়যন্ত্ৰ! এনেকৈ পৰিল জীৱন ৰক্ষা
ভিটামিন চিৰ বাবে দৈনিক ইমান পৰিমাণৰ কিৱি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয়
শিলচৰত কৰুণ ঘটনা! মাছ মাৰিবলৈ গৈ ২২ বছৰীয়া যুৱকৰ মৃত্যু
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
'পকৱান'ৰ সফল মঞ্চায়ন