--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে টোপনিত সপোন দেখো। ফেংছুইৰ মতে প্ৰতিটো সপোনৰে নিজা নিজা অৰ্থ আছে। 
সপোনত চৰাই দেখিলেঃ সপোনত চৰাই দেখাতো ফেংছুইৰ মতে অতি ভাল কথা। সপোনত যদি আপুনি চৰাই দেখে তেন্তে আপুনি বাস্তৱ জীৱনত সাফল্য অৰ্জন কৰিব পাৰিব। সপোন দেখা চৰাই যদি ধুনীয়া হয় তেন্তে আপোনাৰ সাফল্যৰ হাৰো বেছি হ'ব৷ চৰায়ে সদায় ইতিবাচক দিশ প্রতিফলিত কৰে। সেইবাবে সপোনত চৰাই দেখাতো অতি ভাল বুলি ফেছুইয়ে কৈ আহিছে। সপোনত চৰাই দেখিলে আপোনাৰ বহুদিন ধৰি আধৰুৱা হৈ থকা কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। সপোনত উৰি যোৱা চৰাই দেখাতো আৰু বেছি ভাল বুলি বহুতে কয়।

সপোনত মৃতদেহ সৎকাৰ কৰা দেখিলেঃ সপোনত মৃতদেহ সৎকাৰ কৰা দেখিলে লোক এজনে তেওঁৰ মনত থকা বিভিন্ন ধৰণৰ ৰিপুসমূহ দমন কৰাৰ চেষ্টা চলাব লাগে। আচলতে ৰিপুসমূহে আমাক মৃত্যু ভয়ৰ পৰাও আঁতৰাই ৰাখে। আমি মৃত্যুৰ কথা পাহৰি গৈ পৃথিৱীখনতেই আজীৱন থাকিম বুলি ধৰি লওঁ। বিভিন্ন ৰিপুৰ বাবেই আমি পৃথিৱীখনত উপলব্ধ সুখসমূহ ভালদৰে উপভোগ কৰিব নোৱাৰোঁ। কেবল ধন-সম্পত্তিৰ পিছতেই দৌৰি ফুৰোঁতেই আমাৰ সময়বোৰ পাৰ হৈ যায়। পৃথিৱীৰ দৰে সুন্দৰ সুজলা-সুফলা পৰিৱেশৰ পৰাই যে আমি স্বৰ্গীয় সুখানুভূতি অনুভৱ কৰিব পাৰোঁ সেই কথা ভাবি চোৱাৰ সময় আমাৰ বহুতৰে নাথাকে। কেবল পার্থিৱ বিষয়ক লৈ ব্যস্ত থকা সকলে যদি সপোনত মৃতদেহ সৎকাৰ কৰা দেখে তেন্তে তেওঁলোকে ৰিপু দমন কৰাৰ চেষ্টা চলাব লাগে।


সপোনত জীৱ-জন্তু দেখিলে : সপোনত আমি প্ৰায়ে বিভিন্ন ধৰণৰ জীৱ জন্তু দেখো। সপোনত এনেদৰে জীৱ-জন্তু দেখাতো ফেংছুইৰ মতে অতি শুভ ফলদায়ক কথা। সপোনত যদি কোনোবাই জীৱ-জন্তু দেখে তেন্তে তেওঁৰ উন্নতিৰ বাট প্রশস্ত হোৱা বুলি ধৰিব পাৰি। হিংস্ৰ জীৱ-জন্তুৰ সলনি শান্ত জীৱ-জন্তু দেখিলে বেছি ভাল ফল পোৱা যায়। অৱশ্যে সপোনত দেখা জীৱ-জন্তুৱে যদি নিজৰ ভিতৰতে যুঁজ বাগৰত লিপ্ত হোৱা দেখে তেন্তে কাৰোবাৰ সৈতে আপোনাৰ কাজিয়া-পেচাল হোৱাৰ আশংকা থাকে। একেদৰে সপোনত যদি কোনোবাই দূৰন্ত বেগেৰে দৌৰি থকা ঘোঁৰা দেখে তেন্তে এয়া ফেংছুইৰ মতে অতি শুভ ফলদায়ক কথা। অৱশ্যে সপোনত ঘৰচীয়া জীৱ-জন্তু দেখিলে বিশেষ কোনো ফল পোৱা নাযায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা