--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰত সুন্দৰকৈ সজোৱা বাগিচা এখনে সৌন্দর্য বৃদ্ধি কৰাৰ লগতে মানুহৰ মন প্রফুল্লিত কৰি তোলে। সুন্দৰভাৱে সজোৱা বাগিচা এখনে ঘৰৰ চৌহদত শুভ ফলদায়ক চ্চি শক্তিৰ সঞ্চাৰ ঘটায়। সেইবাবে বাগিচাখন যাতে ফেংছুইৰ নীতি অনুসৰি স্থাপন কৰা হয় সেই বিষয়ত অধিক গুৰুত্ব দিব লাগে। আজিকালি চহৰ অঞ্চলত মানুহে বাগিচা পতাৰ বাবে ঠাইৰ অভাৱ। 

বহুতে ফ্লেটত থকাৰ বাবে বাগিচা নিৰ্মাণ কৰি ল'ব নোৱাৰে। বাগিচা নিৰ্মাণৰ বাবে ঠাই থকাসকলে ফেংছুইৰ নিয়ম অনুসৰি বাগিচা নিৰ্মাণ কৰাটো উচিত। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ সন্মুখত সজোৱা বাগিচাত একোটা সৰু পুখুৰী অথবা কৃত্রিম পুখুৰী থাকিব লাগে। 


এনে পুখুৰীয়ে চ্চি শক্তিৰ সঞ্চাৰ ঘটোৱাত সহায় কৰে। এনে পুখুৰীৰ পানী সদায় পৰিষ্কাৰ হ'ব লাগে। বাগিচাত থকা পানী ফেংছুইৰ মতে দুই ধৰণৰ হ'ব পাৰে। এক ধৰণৰ পানী হৈছে গতিশীল পানী অর্থাৎ য়াং পানী আৰু আন ধৰণৰ পানী হৈছে স্থিৰ পানী অর্থাৎ য়িন পানী। প্রথমবিধ পানী বিভিন্ন ফোৱাৰা আদিৰ জৰিয়তে কৰিব পাৰি। দ্বিতীয়বিধ পানী পুখুৰীত সৃষ্টি কৰিব পাৰি। স্থিৰ পানীত পদুমফুল জাতীয় জলজ ফুল ফুলাই বাগিচাত চ্চি শক্তিৰ সঞ্চাৰ ঘটাব পাৰি। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ চৌদিশে পাতবাহাৰ জাতীয় গছ ৰোপণ কৰিলে চ্চি শক্তি যথেষ্ট বৃদ্ধি পায়। 


ঘৰখন এখন সুন্দৰ অৰণ্যৰ মাজত থকা যেন কৰি তুলিব পাৰিলে তেনে ঘৰত চ্চি শক্তিৰ বৃদ্ধি হয়। বাগিচাত শিলেৰে কেতবোৰ মূৰ্তি আদি নিৰ্মাণ কৰি সেয়া স্থাপন কৰিব পাৰি। তদুপৰি কাঠ বা বাঁহ আদিৰেও বাগিচাখন সজাই তুলিব পাৰি।
 
বাগিচাত থকা সৰু পুখুৰীটোত কাছ পুহিলে যথেষ্ট সুফল লাভ কৰিব পাৰি। ফেংছুইৰ মতে কাছ হৈছে সৌভাগ্যৰ প্ৰতীক। সেইবাবে বাগিচাৰ পুখুৰীত কাছ পুহি ৰাখিব পাৰিলে ঘৰখনত শুভ শক্তিৰ সঞ্চাৰ ঘটাত সহায় হয়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?