--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাগিচা নিৰ্মাণৰ বাবে ঠাই থকাসকলে ফেংছুইৰ নিয়ম অনুসৰি বাগিচা নিৰ্মাণ কৰাটো উচিত। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ সন্মুখত সজোৱা বাগিচাত একোটা সৰু পুখুৰী অথবা কৃত্রিম পুখুৰী থাকিব লাগে। 

এনে পুখুৰীয়ে চ্চি শক্তিৰ সঞ্চাৰ ঘটোৱাত সহায় কৰে। এনে পুখুৰীৰ পানী সদায় পৰিষ্কাৰ হ'ব লাগে। বাগিচাত থকা পানী ফেংছুইৰ মতে দুই ধৰণৰ হ'ব পাৰে। এক ধৰণৰ পানী হৈছে গতিশীল পানী অর্থাৎ য়াং পানী আৰু আন ধৰণৰ পানী হৈছে স্থিৰ পানী অর্থাৎ য়িন পানী। প্রথমবিধ পানী বিভিন্ন ফোৱাৰা আদিৰ জৰিয়তে কৰিব পাৰি। দ্বিতীয়বিধ পানী পুখুৰীত সৃষ্টি কৰিব পাৰি। স্থিৰ পানীত পদুমফুল জাতীয় জলজ ফুল ফুলাই বাগিচাত চ্চি শক্তিৰ সঞ্চাৰ ঘটাব পাৰি। ফেংছুইৰ নিয়ম অনুসৰি ঘৰৰ চৌদিশে পাতবাহাৰ জাতীয় গছ ৰোপণ কৰিলে চ্চি শক্তি যথেষ্ট বৃদ্ধি পায়। 


ঘৰখন এখন সুন্দৰ অৰণ্যৰ মাজত থকা যেন কৰি তুলিব পাৰিলে তেনে ঘৰত চ্চি শক্তিৰ বৃদ্ধি হয়। বাগিচাত শিলেৰে কেতবোৰ মূৰ্তি আদি নিৰ্মাণ কৰি সেয়া স্থাপন কৰিব পাৰি। তদুপৰি কাঠ বা বাঁহ আদিৰেও বাগিচাখন সজাই তুলিব পাৰি।
 
বাগিচাত থকা সৰু পুখুৰীটোত কাছ পুহিলে যথেষ্ট সুফল লাভ কৰিব পাৰি। ফেংছুইৰ মতে কাছ হৈছে সৌভাগ্যৰ প্ৰতীক। সেইবাবে বাগিচাৰ পুখুৰীত কাছ পুহি ৰাখিব পাৰিলে ঘৰখনত শুভ শক্তিৰ সঞ্চাৰ ঘটাত সহায় হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস