--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত বহু মানুহ ফেটী লিভাৰ ৰোগত ভোগে। ফেটী লিভাৰ ৰোগত যকৃত(লিভাৰ)ৰ কোষবোৰত অত্যাধিক চৰ্বি জমা হয়। এক প্ৰতিবেদন অনুসৰি বৰ্তমান সময়ত প্ৰতি ৩ জনৰ ভিতৰত ১ জন লোক এই ৰোগত আক্ৰান্ত হয়। এই ৰোগৰ ফলত লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰে আৰু বহুতো সমস্যা হ'বলৈ আৰম্ভ কৰে। 

বহুলোকে বিশ্বাস কৰে যে যিসকলে অধিক সুৰা আদি মাদকদ্ৰব্য সেৱন কৰে তেওঁলোকেহে এই সমস্যাৰ সন্মুখীন হয় কিন্তু এই ধাৰণা সঁচা নহয়। যিসকলে সুৰাপান নকৰে তেওঁলোকৰো এই ৰোগ হ'ব পাৰে। অৱশ্যে অধিক সুৰাপান কৰা লোকসকলৰ ক্ষেত্ৰত এই সমস্যাটো অধিক হোৱা দেখা যায়। 

যিসকল লোকে কেতিয়াও সুৰা সেৱন কৰা নাই তেওঁলোকৰো এই সমস্যা হ'ব পাৰে আৰু ইয়াৰ বহুতো কাৰণ থাকিব পাৰে। যেনে: হাই কলেষ্টেৰল,  ডায়েবেটিচ, স্লিপ এপনিয়া, নিম্নসক্ৰিয় থাইৰইড ইত্যাদি। বেছিভাগ মানুহে আৰম্ভণিতে এই ৰোগটো ধৰিব নোৱাৰে। বহুলোকে আনকি নাজানে যে এজন ব্যক্তিৰ বাঢ়ি থকা ওজনে ফেটী লিভাৰ ৰোগৰ আশংকাও বৃদ্ধি কৰিব পাৰে। লিভাৰ এক অতি গুৰুত্বপূৰ্ণ অঙ্গ, কিন্তু বহু মানুহে ইয়াক স্বাস্থ্যৱান কৰি ৰাখিবলৈ একেবাৰে চেষ্টা নকৰে।

আৰম্ভণিতে দৃশ্যমান নোহোৱা লক্ষণসমূহ- 

প্ৰতিজন মানুহৰ যকৃতত কিছু পৰিমাণৰ চৰ্বি থাকে, কিন্তু যকৃতত চৰ্বিৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে, তেওঁৰ উচ্চ ৰক্তচাপ, বৃক্কৰ সমস্যা আৰু ডায়েবেটিচৰ আশংকা বৃদ্ধি হ'বলৈ আৰম্ভ কৰে। আৰম্ভণিতে চৰ্বিযুক্ত যকৃতৰ ৰোগৰ কোনো লক্ষণ নাই, কিন্তু যদি ইয়াক নিয়ন্ত্ৰণ কৰা নহয়, গুৰুতৰ লক্ষণ দেখা দিব পাৰে। ইয়াৰ পিছত ই আন এক গুৰুতৰ স্থিতিলৈ পৰিৱৰ্তিত হ'ব পাৰে যাক নন-এলকহলিক ষ্টেটোহেপাটাইটিছ বা এন.এ.এছ.এইচ. বুলি কোৱা হয়, য'ত লিভাৰটো যথেষ্ট ফুলি উঠে। সময় যোৱাৰ লগে লগে এই প্ৰদাহে ৰক্তনলী আৰু লিভাৰ দুয়োটাকে প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰে। 

ফেটী লিভাৰ ৰোগৰ লক্ষণ-

পেটৰ ওপৰৰ সোঁ অংশত বিষ।
অত্যধিক ভাগৰ।
অত্যধিক ওজন হ্ৰাস।
এলাহ বৃদ্ধি
যেতিয়া বছৰ বছৰ ধৰি লিভাৰ ক্ষতিগ্ৰস্ত হয়, ই চিৰোচিছলৈ ৰূপান্তৰিত হয়। চিৰোচিছৰ ফলত হোৱা লিভাৰৰ ক্ষতি সংশোধন কৰিব নোৱাৰি। এনে পৰিস্থিতিৰ পিছত এই লক্ষণবোৰ দেখা দিয়ে।

১)ছাল হালধীয়া হোৱা
২)চকুৰ মণি বগা হোৱা
৩)ছালত খজুৱতি
৪)ভৰি, গোৰোহা বা পেট ফুলা 

ফেটী লিভাৰ ৰোগ হ্ৰাস কৰিবলৈ এই কামবোৰ কৰক

এই ৰোগ পৰিহাৰ কৰিবলৈ কেইটামান বস্তুৰ প্ৰতি মনোযোগ দিয়াটো অতি গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলে কৈছে যে এনে লোকসকলে ৭ ৰ পৰা ১০ শতাংশ ওজন হ্ৰাস কৰিবলৈ চেষ্টা কৰা উচিত। এৰোবিক ব্যায়াম বা যিকোনো ব্যায়ামে লিভাৰৰ স্বাস্থ্য উন্নত কৰে। চিকিৎসকে ছুগাৰ নিয়ন্ত্ৰণ কৰাৰ পৰামৰ্শও দিয়ে। শৰীৰত কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰিবলৈও চেষ্টা কৰা উচিত। অধিক তেলযুক্ত, চৰ্বিযুক্ত আৰু মছলাযুক্ত খোৱাৰ পৰা বিৰত থকা উচিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক