--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিডনী মানুহৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। কিডনী কেৱল শৰীৰক সুস্থ কৰি ৰখাত উপযোগী নহয় ই আমাৰ তেজকো ফিল্টাৰ কৰে। যেতিয়া কিডনী বা বৃক্কত সমস্যা তেতিয়া ব্যক্তিজনে অতি বেদনাদায়ক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। কিডনী বিকল বা বেয়া হোৱা মানে মানুহজনৰ মৃত্যু ওচৰ চাপি আহে।

যদি কিডনীৰ ক্ষতি হয়, তেন্তে ব্যক্তিজনে কিছুমান অংশত বিষ অনুভৱ কৰে। গতিকে এই অংশবোৰৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়। জানো আহক কিডনী বেয়া হলে কোনবোৰ অংশত বিষ হয়।

কিডনী বিকল হলে দেহৰ কোনবোৰ অংশত বিষ হয়?

১)যেতিয়া কোনো ব্যক্তিৰ কিডনী ফেইলাৰ হয় তেতিয়া বুকুৰ বিষ অনুভৱ কৰিব পাৰে। হয়, কিডনী আৰু বুকু..এই দুটা অংগৰ মাজত সম্পৰ্ক আছে। কিডনী বিকল হোৱাৰ বাবে হৃদযন্ত্ৰ আবৰি থকা আৱৰণখন ফুলি উঠে, যাৰ ফলত ব্যক্তিজনৰ বুকুৰ বিষৰ সমস্যা হ’ব পাৰে।

২)যেতিয়া কিডনীত কোনো বিসংগতি হয় বা তাত কোনো বিসংগতি থাকে, তেতিয়া ব্যক্তিজনৰ কঁকালৰ বিষৰ সমস্যা হ’ব পাৰে। কাৰণ কিডনীয়ে দীৰ্ঘ সময় ধৰি প্ৰস্ৰাৱ উৎপন্ন কৰিবলৈ অক্ষম হৈ থাকে আৰু ব্যক্তিজনে পিঠিত বিষ অনুভৱ কৰিব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি কঁকালৰ বিষ অনুভৱ কৰে, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো প্ৰয়োজন। ই কিডনী বেয়া হোৱাৰ অন্যতম লক্ষণ।

৩)কিডনীৰ সমস্যা হ’লে পেটৰ তলৰ অংশতো বিষ অনুভৱ কৰিব পাৰে। কিন্তু প্ৰস্ৰাৱ কৰোতে বিষ হ’লে ই সংক্ৰমণৰ লক্ষণো হ’ব পাৰে। এনে অৱস্থাত ব্যক্তিজনে ততালিকে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক