--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিডনী মানুহৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। কিডনী কেৱল শৰীৰক সুস্থ কৰি ৰখাত উপযোগী নহয় ই আমাৰ তেজকো ফিল্টাৰ কৰে। যেতিয়া কিডনী বা বৃক্কত সমস্যা তেতিয়া ব্যক্তিজনে অতি বেদনাদায়ক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। কিডনী বিকল বা বেয়া হোৱা মানে মানুহজনৰ মৃত্যু ওচৰ চাপি আহে।

যদি কিডনীৰ ক্ষতি হয়, তেন্তে ব্যক্তিজনে কিছুমান অংশত বিষ অনুভৱ কৰে। গতিকে এই অংশবোৰৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়। জানো আহক কিডনী বেয়া হলে কোনবোৰ অংশত বিষ হয়।

কিডনী বিকল হলে দেহৰ কোনবোৰ অংশত বিষ হয়?

১)যেতিয়া কোনো ব্যক্তিৰ কিডনী ফেইলাৰ হয় তেতিয়া বুকুৰ বিষ অনুভৱ কৰিব পাৰে। হয়, কিডনী আৰু বুকু..এই দুটা অংগৰ মাজত সম্পৰ্ক আছে। কিডনী বিকল হোৱাৰ বাবে হৃদযন্ত্ৰ আবৰি থকা আৱৰণখন ফুলি উঠে, যাৰ ফলত ব্যক্তিজনৰ বুকুৰ বিষৰ সমস্যা হ’ব পাৰে।

২)যেতিয়া কিডনীত কোনো বিসংগতি হয় বা তাত কোনো বিসংগতি থাকে, তেতিয়া ব্যক্তিজনৰ কঁকালৰ বিষৰ সমস্যা হ’ব পাৰে। কাৰণ কিডনীয়ে দীৰ্ঘ সময় ধৰি প্ৰস্ৰাৱ উৎপন্ন কৰিবলৈ অক্ষম হৈ থাকে আৰু ব্যক্তিজনে পিঠিত বিষ অনুভৱ কৰিব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি কঁকালৰ বিষ অনুভৱ কৰে, তেন্তে তৎক্ষণাত চিকিৎসকৰ সৈতে যোগাযোগ কৰাটো প্ৰয়োজন। ই কিডনী বেয়া হোৱাৰ অন্যতম লক্ষণ।

৩)কিডনীৰ সমস্যা হ’লে পেটৰ তলৰ অংশতো বিষ অনুভৱ কৰিব পাৰে। কিন্তু প্ৰস্ৰাৱ কৰোতে বিষ হ’লে ই সংক্ৰমণৰ লক্ষণো হ’ব পাৰে। এনে অৱস্থাত ব্যক্তিজনে ততালিকে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে