--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত বতৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতগতিত হ্ৰাস পায়। বিশেষকৈ শীতকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হৈ পৰে। এই সময়ছোৱাত ঋতুভিত্তিক ৰোগ যেনে-চৰ্দি-জ্বৰ,  কাহত আক্ৰান্ত হোৱাটো সাধাৰণ কথা। এইবোৰৰ পৰা হাত সাৰিবলৈ আমি আমাৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱা উচিত। ইয়াৰ বাবে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ নহয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

 তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য-

১. পাকঘৰত থকা মছলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। আদা, নহৰু, হালধি, জালুক আৰু লং ব্যৱহাৰ কৰি ঠাণ্ডা বতৰত চৰ্দি-জ্বৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই মছলাৰ প্ৰভাৱ গৰম, যাৰ ফলত শৰীৰত তাপ নিয়ন্ত্ৰণ কৰে আমাক ৰোগৰ পৰা ৰক্ষা কৰে।

২. শীতকালত সেউজীয়া শাক-পাচলিৰ বজাৰ উভৈনদী হৈ পৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে শীতকালত কচু সেৱন কৰিলে পেটৰ লগত জড়িত ৰোগ নিৰাময় হয়। এই সেৱনৰ বাবে শৰীৰত এন্টিঅক্সিডেন্ট, ফাইবাৰ, জিংক, ভিটামিন-চি আৰু ফলেটৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণ হয়। ইয়াৰ ব্যৱহাৰৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়।

৩. ছাইট্ৰাছ ফল সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা ভিটামিন-চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, গতিকে কমলা আৰু নেমু, জামুৰ দৰে ফল শীতকালত দৈনিক সেৱন কৰিব লাগে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে স্মৃতিশক্তিকো প্ৰভাৱিত কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু