--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেটি লিভাৰৰ সমস্যা এতিয়া এক গুৰুতৰ স্বাস্থ্য সমস্যা হিচাবে দেখা দিছে। আমাৰ খাদ্যভাসৰ বাবেই ফেটি লিভাৰৰ সমস্যাই দেখা দিব পাৰে। ফেটি লিভাৰ বা  চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগী যকৃতৰ চিৰোচিছৰ পৰা যকৃতৰ কৰ্কট ৰোগ আদিতো আক্ৰান্ত হ’ব পাৰে। 

 ফেটি লিভাৰৰ সমস্যা সন্দৰ্ভত কলকাতাৰ বিশিষ্ট চিকিৎসা বিশেষজ্ঞ ডাঃ ৰুদ্ৰজিৎ পালে কয় যে প্ৰকৃততে শৰীৰৰ বহু ঠাইত চৰ্বি জমা হ'ব পাৰে। শৰীৰৰ আন অংগৰ দৰেই আমাৰ যকৃততো চৰ্বি জমা হ’ব পাৰে। এই ক্ষেত্ৰত, যকৃতত ট্ৰাইগ্লিচাৰাইড বা কলেষ্টেৰল চৰ্বি হিচাপে জমা হয়। 

সেয়েহে, প্ৰতিজন ব্যক্তিয়ে ইয়াৰ বিষয়ে সাৱধান হ'ব লাগিব। এই ৰোগৰ মূলতঃ দুটা ভাগ আছে। প্ৰথমটো হ'ল এলকহলৰ বাবে হোৱা চৰ্বিযুক্ত যকৃতৰ ৰোগ। সুৰাপান হৈছে এই ৰোগৰ মুখ্য কাৰণ। আনহাতে, সুৰা গ্ৰহণ নকৰা লোকৰো  চৰ্বিযুক্ত যকৃতৰ ৰোগ হোৱাৰ আশংকা থাকে । এইক্ষেত্ৰত  ৰোগৰ কাৰণ  সম্পূৰ্ণ পৃথক। এনে সুৰাপান নকৰা লোকৰ যকৃতত চৰ্বি জমা হোৱাৰ কাৰণ সুৰা নহয়। তেওঁলোকৰ সমস্যাটো জীৱনশৈলী আৰু আহাৰৰ ওপৰত নিৰ্ভৰ কৰে। 

কেইবিধমান বিশেষ খাদ্যই চৰ্বিযুক্ত যকৃতৰ আশংকা বৃদ্ধি কৰে। গতিকে আপুনি যকৃত সুস্থ ৰাখিবলৈ সেই খাদ্যসমূহ পৰিহাৰ কৰিব লাগিব। আহক চাওঁ কেনে খাদ্যই যকৃতৰ চৰ্বি বৃদ্ধি কৰিব পাৰে-

আৰু পঢ়ক:  ওজন হ্ৰাস কৰাত নেমুৰ পানী কিমান ফলপ্ৰসূ?

১. ঘিউ, মাখন, ডালডা

আমাৰ বিভিন্ন ৰন্ধন প্ৰকৰণত ঘিউ আৰু মাখন ব্যৱহাৰ কৰা হয়। কিন্তু এনেবোৰ খাদ্য যকৃতৰ বাবে  ভাল নহয়। কিয়নো এই খাদ্যত সংপৃক্ত চৰ্বি থাকে।  এই সংপৃক্ত চৰ্বি যকৃতত জমা হ'ব পাৰে। গতিকে প্ৰতিজন ব্যক্তিয়ে ঘিউ, মাখন পৰিহাৰ অথবা যিমান পাৰি কমকৈ খাব লাগে৷
 বিশেষকৈ চৰ্বিযুক্ত যকৃতত ভুগি থকা ৰোগীসকলৰ বাবে এই খাদ্য স্পৰ্শ কৰাটোও পাপ বুলি  ডাঃ পালে কয়।

প্ৰায়ে দেখা যায় যে মানুহে খাদ্যত সোৱাদৰ বাবে ডালডা মিহলি কৰে।  ইয়াৰ ফলতো যকৃতত চৰ্বি জমা হ’ব পাৰে। 
২. শীতল পানীয়

গ্ৰীষ্মৰ দিনত শীতল পানীয় খোৱাটো আমাৰ বহুতৰে অভ্যাস৷।কিন্তু শীতল পানীয় খোৱাটো প্ৰকৃততে শৰীৰৰ বাবে ক্ষতিকাৰক। শীতল পানীয়ত যথেষ্ট পৰিমাণে চেনি থাকে। সেই চেনিয়েই শৰীৰত জমা হয় চৰ্বি হিচাপে। গতিকে ডাঃ পালে শীতল পানীয়ৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে৷

৩. ভজা মিঠাই

বহুতেই মিঠাই খাই ভালপায়। মিঠাইত যথেষ্ট মাত্ৰাত চেনী আছে। যেতিয়া মিঠাইটো পুনৰ ভজা হয়, তেতিয়া ই তেলৰ সংস্পৰ্শলৈ আহে৷ ফলত ভজা মিঠাই যেনে লালমোহন আজিয়ে যকৃতৰ চৰ্বিৰ সমস্যাৰ কাৰণ হৈ উঠিব পাৰে। চমনি আৰু তেল,এই দুয়োটাৰ সংমিশ্ৰণে জটিলতাৰ সৃষ্টি কৰিব পাৰে। গতিকে ভজা মিঠাইৰ পৰা আঁতৰি থাকিব পাৰিলে ভাল৷

৪. সুৰাপান

ডাঃ পালে কয়, ’মই আগতে কোৱাৰ দৰে, এক প্ৰকাৰৰ চৰ্বিযুক্ত যকৃত আছে যি সুৰাপানৰ বাবে হয়। এই ক্ষেত্ৰত, যদি কোনোৱাই অত্যাধিক সুৰা পান কৰে, শৰীৰত যথেষ্ট কেলৰি প্ৰৱেশ কৰে। তাৰ পিছত এই অতিৰিক্ত কেলৰিবোৰ যকৃতলৈ যায় আৰু সমস্যাৰ সৃষ্টি কৰে। এনে কেলৰি আনকি যকৃতত জমা হ'ব পাৰে। সেয়ে  সুৰাৰ পৰা আঁতৰি থাকিব পাৰিলে ফেটি লিভাৰৰ সমস্যাৰ পৰাও ভালে খিনি আঁতৰি থাকিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে৷ মুঠৰ ওপৰত অধিক তেল-মছলাযুক্ত খাদ্য, সুৰা আদিৰ পৰা আঁতৰি থাকিব পাৰিলে ফেটি লিভাৰৰ সমস্যাৰ পৰা বহু খিনি দূৰত থাকিব পাৰি। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়