--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। মহৰ দ্বাৰা সংক্ৰমিত এই ৰোগ দ্ৰুতগতিত বিয়পি পৰাৰ বাবে জনসাধাৰণে নিজৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা উচিত। গৰ্ভৱতী মহিলাসকল ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ আশংকা অধিক। ই গৰ্ভৱতী মহিলাৰ লগতে গৰ্ভস্থ শিশুৰ বাবেও বিপদৰ সৃষ্টি কৰিব পাৰে।

এতিয়া ডেংগুৰ ৰোগী বৃদ্ধি হোৱা দেখা গৈছে। গতিকে জ্বৰ, শৰীৰৰ ফোহা, চকুৰ বিষ, পেশী, গাঁঠি বা হাড়ৰ বিষ, বমি, ওকালি আদি লক্ষণৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। গৰ্ভৱতী মাতৃৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ। মহৰ কামোৰৰ সম্ভাৱনা কম কৰিবলৈ দীঘল হাতৰ চাৰ্ট আৰু দীঘল পেণ্ট পিন্ধিব লাগে।

গৰ্ভৱতী মহিলা ডেংগুৰ আশংকা বেছি কিয়?

গৰ্ভাৱস্থাত বৃদ্ধি পোৱা ভ্ৰুণটোক সহায় কৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতাত পৰিৱৰ্তন ঘটে, যাৰ ফলত গৰ্ভৱতী মহিলা ডেংগুৰ দৰে সংক্ৰমণৰ বলি হ’ব পাৰে। ইয়াৰ উপৰিও গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তনেও ৰোগৰ ভয়াৱহতাত প্ৰভাৱ পেলাব পাৰে। গৰ্ভাৱস্থাত ডেংগুৰ আক্ৰমণে মাতৃ আৰু শিশু উভয়ৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে, য’ত সময়তকৈ বহু আগত শিশুৰ জন্ম, জন্মৰ সময়ত অতি কম ওজন আনকি ভ্ৰুণৰ মৃত্যুও হ’ব পাৰে।

ডেংগুৰ লক্ষণ

ডেংগুৰ লক্ষণসমূহৰ সৈতে পৰিচিত হোৱাটো গুৰুত্বপূৰ্ণ, কিয়নো এইবোৰক প্ৰায়ে আন ৰোগ বুলি ভুলকৈ ধৰিব পাৰি। যদি আপুনি ডেংগুৰ কোনো লক্ষণ, যেনে- তীব্ৰ জ্বৰ, তীব্ৰ মূৰৰ বিষ, গাঁঠি আৰু পেশীৰ বিষ, বা ফোহা দেখা পাই, তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাওক।

ডেংগু প্ৰতিৰোধৰ উপায়

মহৰ পৰা সুৰক্ষা: মহৰ কামোৰ ৰোধ কৰিবলৈ মূলতঃ মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰক। বাহিৰলৈ ওলোৱাৰ সময়ত আৰু শুই থকাৰ সময়ত মহ নিবাৰণকাৰী ঔষধ ব্যৱহাৰ কৰিব লাগে।

পানী জমা নাৰাখিবঃ পানী জমা হৈ থকা ঠাইবোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। বাচন-বৰ্তন, কুলাৰ আদি ঠাইত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব।

ভৰপূৰ কাপোৰ পিন্ধক: সময় অনুযায়ী যিমান পাৰি ভৰপূৰ কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক। ডেংগু প্ৰতিৰোধৰ বাবে আৰামদায়ক আৰু দীঘল হাতৰ কাপোৰ পিন্ধাটোৱেই উত্তম।

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক: ডেংগু মহৰ প্ৰজননৰ পানীৰ প্ৰয়োজন। আপোনাৰ চৌপাশত পানী জমা হোৱা ঠাইবোৰ পৰিষ্কাৰ কৰক।

ঘৰ চাফা কৰাঃ ঘৰখন পৰিপাটি আৰু পৰিষ্কাৰ কৰি ৰাখিলে ডেংগুৰ দৰে ৰোগৰ মহৰ প্ৰজননৰ সম্ভাৱনা কম হয়।

পানীৰ ঠাই খালী ৰাখক: পানী জমা স্থান খালী ৰাখক যাতে মহৰ প্ৰজননৰ সম্ভাৱনা বেছি নহয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ