--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে। মহৰ দ্বাৰা সংক্ৰমিত এই ৰোগ দ্ৰুতগতিত বিয়পি পৰাৰ বাবে জনসাধাৰণে নিজৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা উচিত। গৰ্ভৱতী মহিলাসকল ডেংগু ৰোগত আক্ৰান্ত হোৱাৰ আশংকা অধিক। ই গৰ্ভৱতী মহিলাৰ লগতে গৰ্ভস্থ শিশুৰ বাবেও বিপদৰ সৃষ্টি কৰিব পাৰে।

এতিয়া ডেংগুৰ ৰোগী বৃদ্ধি হোৱা দেখা গৈছে। গতিকে জ্বৰ, শৰীৰৰ ফোহা, চকুৰ বিষ, পেশী, গাঁঠি বা হাড়ৰ বিষ, বমি, ওকালি আদি লক্ষণৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে। গৰ্ভৱতী মাতৃৰ বাবে এইটো অতি গুৰুত্বপূৰ্ণ। মহৰ কামোৰৰ সম্ভাৱনা কম কৰিবলৈ দীঘল হাতৰ চাৰ্ট আৰু দীঘল পেণ্ট পিন্ধিব লাগে।

গৰ্ভৱতী মহিলা ডেংগুৰ আশংকা বেছি কিয়?

গৰ্ভাৱস্থাত বৃদ্ধি পোৱা ভ্ৰুণটোক সহায় কৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতাত পৰিৱৰ্তন ঘটে, যাৰ ফলত গৰ্ভৱতী মহিলা ডেংগুৰ দৰে সংক্ৰমণৰ বলি হ’ব পাৰে। ইয়াৰ উপৰিও গৰ্ভাৱস্থাত হৰম’নৰ পৰিৱৰ্তনেও ৰোগৰ ভয়াৱহতাত প্ৰভাৱ পেলাব পাৰে। গৰ্ভাৱস্থাত ডেংগুৰ আক্ৰমণে মাতৃ আৰু শিশু উভয়ৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে, য’ত সময়তকৈ বহু আগত শিশুৰ জন্ম, জন্মৰ সময়ত অতি কম ওজন আনকি ভ্ৰুণৰ মৃত্যুও হ’ব পাৰে।

ডেংগুৰ লক্ষণ

ডেংগুৰ লক্ষণসমূহৰ সৈতে পৰিচিত হোৱাটো গুৰুত্বপূৰ্ণ, কিয়নো এইবোৰক প্ৰায়ে আন ৰোগ বুলি ভুলকৈ ধৰিব পাৰি। যদি আপুনি ডেংগুৰ কোনো লক্ষণ, যেনে- তীব্ৰ জ্বৰ, তীব্ৰ মূৰৰ বিষ, গাঁঠি আৰু পেশীৰ বিষ, বা ফোহা দেখা পাই, তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাওক।

ডেংগু প্ৰতিৰোধৰ উপায়

মহৰ পৰা সুৰক্ষা: মহৰ কামোৰ ৰোধ কৰিবলৈ মূলতঃ মহৰ কামোৰৰ পৰা হাত সাৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰক। বাহিৰলৈ ওলোৱাৰ সময়ত আৰু শুই থকাৰ সময়ত মহ নিবাৰণকাৰী ঔষধ ব্যৱহাৰ কৰিব লাগে।

পানী জমা নাৰাখিবঃ পানী জমা হৈ থকা ঠাইবোৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। বাচন-বৰ্তন, কুলাৰ আদি ঠাইত যাতে পানী জমা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব।

ভৰপূৰ কাপোৰ পিন্ধক: সময় অনুযায়ী যিমান পাৰি ভৰপূৰ কাপোৰ পিন্ধিবলৈ চেষ্টা কৰক। ডেংগু প্ৰতিৰোধৰ বাবে আৰামদায়ক আৰু দীঘল হাতৰ কাপোৰ পিন্ধাটোৱেই উত্তম।

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন লওক: ডেংগু মহৰ প্ৰজননৰ পানীৰ প্ৰয়োজন। আপোনাৰ চৌপাশত পানী জমা হোৱা ঠাইবোৰ পৰিষ্কাৰ কৰক।

ঘৰ চাফা কৰাঃ ঘৰখন পৰিপাটি আৰু পৰিষ্কাৰ কৰি ৰাখিলে ডেংগুৰ দৰে ৰোগৰ মহৰ প্ৰজননৰ সম্ভাৱনা কম হয়।

পানীৰ ঠাই খালী ৰাখক: পানী জমা স্থান খালী ৰাখক যাতে মহৰ প্ৰজননৰ সম্ভাৱনা বেছি নহয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ