--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশেষ ক্ষমতাৰে তেওঁলোকে নিজৰ দেশ শাসন কৰিছিল। ইয়াৰে কিছুমান অত্যাচাৰী শাসক। কোনোবা একনায়কত্ববাদী। তেওঁলোকৰ প্ৰবল প্ৰতাপত সকলোৱে থৰহৰি কম্পমান হৈ পৰিছিল। কিন্তু এই শক্তিশালী শাসকসকল নিজৰ কিছু আচৰিত নিচাৰ বাবেও বিখ্যাত। তেওঁলোকৰ কিছুমান ‘বিশেষ প্ৰেম’ৰ কথা জানিলে আপুনি স্তম্ভিত হ’ব।

কিউবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰো। কমিউনিষ্ট পৃথিৱীত কাষ্ট্ৰোক বীৰ হিচাপে অভিহিত কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে তেওঁ হৈ পৰিছিল মূৰৰ কামোৰণি। কাষ্ট্ৰোৱে দুগ্ধজাত সামগ্ৰী আৰু আইচক্ৰীম ভাল পাইছিল। চকলেট মিল্কশ্বেকৰ প্ৰতি আসক্ত আছিল তেওঁৰ।

কোৱা হয় যে আমেৰিকাৰ চিআইএ-ই কাষ্ট্ৰোক চকলেট মিল্কশ্বেকত পয়জন দি হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। কিউবাৰ জলবায়ু গৰুৰ বাবে উপযোগী নহয়। তেওঁ দুগ্ধজাত খাদ্য ভাল পোৱাৰ বাবে কানাডাৰ পৰা গৰু আমদানি কৰিছিল। কেৱল সেয়াই নহয়, কাষ্ট্ৰোৱে কিউবাতো গৰু প্ৰজননৰ চেষ্টা কৰিছিল। কিন্তু সেই প্ৰচেষ্টা বিফল হ’ল।

লিবিয়াৰ একনায়কত্ববাদী মুয়াম্মাৰ গাদ্দাফীয়ে ধুনীয়া আফ্ৰিকান মহিলাক দেখিলে ‘পাগল’ হৈ গৈছিল। এগৰাকী মহিলাৰ প্ৰেমত তেওঁ ‘পাগল’ হৈ পৰিছিল। সেই মহিলাগৰাকী আছিল আমেৰিকাৰ কূটনীতিবিদ কণ্ডলিজা ৰাইচ। গাদ্দাফীয়ে কণ্ডোলিজাক ‘ডাৰ্লিং ব্লেক আফ্ৰিকান উইমেন’ বুলি সম্বোধন কৰিছিল। কিন্তু ৰাইছে গাদ্দাফিৰ প্ৰতি থকা ‘প্ৰেম’ক ‘অদ্ভুত’ আৰু ‘অশ্লীল’ বুলি অভিহিত কৰিছিল।

কোৱা হয় যে ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন নেতা জোচেফ ষ্টেলিনৰ মুণ্ডহীন পুৰুষৰ উদং শৰীৰৰ ছবিৰ প্ৰতি প্ৰৱণতা আছিল। কোৱা হয় যে তেওঁ ছোভিয়েট চিনেমাও ভাল পাইছিল।

প্ৰাক্তন জাৰ্মান একনায়কত্ববাদী এডলফ হিটলাৰৰ কঠোৰ শাসন ব্যৱস্থা সকলোৰে পৰিচিত। ব্যক্তিগত জীৱনত তেওঁৰ বহুতো নিচা আছিল। তেওঁ ডিজনীৰ চিনেমা চাই ভাল পাইছিল। জাৰ্মান লেখক কাৰ্ল মে'ৰ উপন্যাস তেওঁৰ প্ৰিয় আছিল।

ৰোমানিয়াৰ একনায়কত্ববাদী নিকোলা চেউচেস্কু। কাপোৰত বিষ মিহলাই শত্ৰুৱে তেওঁক হত্যা কৰিব পাৰে বুলি তেওঁ আতংকত ভুগিছিল। গতিকে এবাৰ পিন্ধা সাজযোৰ দুনাই নিপিন্ধে। শুনা যায় যে তেওঁৰ পোচাকসমূহ তলা লগাই একে ঠাইতে ৰখা হৈছিল।

উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইডি আমিনৰ স্কটলেণ্ডৰ প্ৰতি আছিল বিশেষ প্ৰেম। তেওঁৰ কেইবাজনো স্কটিছ কমাণ্ডিং অফিচাৰ আছিল। তেওঁলোকৰ পৰা তেওঁ স্কটলেণ্ডৰ বিষয়ে বহু কথা জানিব পাৰিছিল। তেওঁ স্কটিছ নৃত্য আৰু হুইস্কি ভাল পাইছিল।

চীনৰ প্ৰাক্তন শাসক মাও জেডঙৰ কেলিগ্ৰাফীৰ প্ৰতি আছিল প্ৰৱণতা। সেই সময়ত তেওঁ টাইপৰাইটাৰৰ সলনি চিয়াঁহীৰে বিভিন্ন ৰাজনৈতিক নথি লিখিছিল। কোৱা হয় মাওৰ হাতৰ আখৰ অতি সুন্দৰ।

ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছৰ সংখ্যাবিজ্ঞানৰ প্ৰতি আগ্ৰহ আছিল। সাত নম্বৰ সংখ্যা আছিল তেওঁৰ প্ৰিয়। যিকোনো কামত তেওঁ সাত নম্বৰটোক বিশেষ গুৰুত্ব দিছিল।

তুৰ্কমেনিস্তানৰ প্ৰথম ৰাষ্ট্ৰপতি সাপাৰমুৰাত নিয়াজোভে নিজকে বহুত ভাল পাইছিল। সেয়ে তেওঁ সোণৰ পাতেৰে ৫০ ফুট ওখ নিজৰ মূৰ্তি এটা সাজিছিল। নিয়াজোভে নিজৰ নামেৰে চহৰ, থিম পাৰ্ক, থিয়েটাৰৰ নাম ৰাখিছিল।

ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে আমেৰিকাৰ জাংক ফুড খাই ভাল পাইছিল। বিশেষকৈ তেওঁৰ প্ৰিয় চিপছৰ ভিতৰত এটা আছিল আমেৰিকান।

উত্তৰ কোৰিয়াৰ একালৰ শাসক কিম জং উন দ্বিতীয়ই যিখন দেশৰ সৈতে তেওঁৰ তিক্ত সম্পৰ্ক আছে, সেইখন দেশৰ  প্ৰায় ৩০ হাজাৰ চিনেমা সংগ্ৰহ কৰিছিল। তেওঁ হলিউডৰ ছৱি অত্যন্ত ভাল পাইছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে ৰাখিছিল তিক্ত সম্পৰ্ক।

এইবাৰ উত্তৰ কোৰিয়াৰ বৰ্তমানৰ শাসক কিম জং উনৰ কথা কওঁ। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত তেওঁৰ চাৰিওফালে কৌতুহলৰ অন্ত নাই। কিমে পনিৰ খাই ভাল পায়। বিশেষকৈ যদি ‘ছুইছ চীজ’ হয়। বহুতে কয় যে কিমৰ ওজন বৃদ্ধিৰ এটা কাৰণ হৈছে পনিৰৰ প্ৰতি এই প্ৰেম।







FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ