--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অশেষ ক্ষমতাৰে তেওঁলোকে নিজৰ দেশ শাসন কৰিছিল। ইয়াৰে কিছুমান অত্যাচাৰী শাসক। কোনোবা একনায়কত্ববাদী। তেওঁলোকৰ প্ৰবল প্ৰতাপত সকলোৱে থৰহৰি কম্পমান হৈ পৰিছিল। কিন্তু এই শক্তিশালী শাসকসকল নিজৰ কিছু আচৰিত নিচাৰ বাবেও বিখ্যাত। তেওঁলোকৰ কিছুমান ‘বিশেষ প্ৰেম’ৰ কথা জানিলে আপুনি স্তম্ভিত হ’ব।

কিউবাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰো। কমিউনিষ্ট পৃথিৱীত কাষ্ট্ৰোক বীৰ হিচাপে অভিহিত কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে তেওঁ হৈ পৰিছিল মূৰৰ কামোৰণি। কাষ্ট্ৰোৱে দুগ্ধজাত সামগ্ৰী আৰু আইচক্ৰীম ভাল পাইছিল। চকলেট মিল্কশ্বেকৰ প্ৰতি আসক্ত আছিল তেওঁৰ।

কোৱা হয় যে আমেৰিকাৰ চিআইএ-ই কাষ্ট্ৰোক চকলেট মিল্কশ্বেকত পয়জন দি হত্যা কৰাৰ পৰিকল্পনা কৰিছিল। কিউবাৰ জলবায়ু গৰুৰ বাবে উপযোগী নহয়। তেওঁ দুগ্ধজাত খাদ্য ভাল পোৱাৰ বাবে কানাডাৰ পৰা গৰু আমদানি কৰিছিল। কেৱল সেয়াই নহয়, কাষ্ট্ৰোৱে কিউবাতো গৰু প্ৰজননৰ চেষ্টা কৰিছিল। কিন্তু সেই প্ৰচেষ্টা বিফল হ’ল।

লিবিয়াৰ একনায়কত্ববাদী মুয়াম্মাৰ গাদ্দাফীয়ে ধুনীয়া আফ্ৰিকান মহিলাক দেখিলে ‘পাগল’ হৈ গৈছিল। এগৰাকী মহিলাৰ প্ৰেমত তেওঁ ‘পাগল’ হৈ পৰিছিল। সেই মহিলাগৰাকী আছিল আমেৰিকাৰ কূটনীতিবিদ কণ্ডলিজা ৰাইচ। গাদ্দাফীয়ে কণ্ডোলিজাক ‘ডাৰ্লিং ব্লেক আফ্ৰিকান উইমেন’ বুলি সম্বোধন কৰিছিল। কিন্তু ৰাইছে গাদ্দাফিৰ প্ৰতি থকা ‘প্ৰেম’ক ‘অদ্ভুত’ আৰু ‘অশ্লীল’ বুলি অভিহিত কৰিছিল।

কোৱা হয় যে ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন নেতা জোচেফ ষ্টেলিনৰ মুণ্ডহীন পুৰুষৰ উদং শৰীৰৰ ছবিৰ প্ৰতি প্ৰৱণতা আছিল। কোৱা হয় যে তেওঁ ছোভিয়েট চিনেমাও ভাল পাইছিল।

প্ৰাক্তন জাৰ্মান একনায়কত্ববাদী এডলফ হিটলাৰৰ কঠোৰ শাসন ব্যৱস্থা সকলোৰে পৰিচিত। ব্যক্তিগত জীৱনত তেওঁৰ বহুতো নিচা আছিল। তেওঁ ডিজনীৰ চিনেমা চাই ভাল পাইছিল। জাৰ্মান লেখক কাৰ্ল মে'ৰ উপন্যাস তেওঁৰ প্ৰিয় আছিল।

ৰোমানিয়াৰ একনায়কত্ববাদী নিকোলা চেউচেস্কু। কাপোৰত বিষ মিহলাই শত্ৰুৱে তেওঁক হত্যা কৰিব পাৰে বুলি তেওঁ আতংকত ভুগিছিল। গতিকে এবাৰ পিন্ধা সাজযোৰ দুনাই নিপিন্ধে। শুনা যায় যে তেওঁৰ পোচাকসমূহ তলা লগাই একে ঠাইতে ৰখা হৈছিল।

উগাণ্ডাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ইডি আমিনৰ স্কটলেণ্ডৰ প্ৰতি আছিল বিশেষ প্ৰেম। তেওঁৰ কেইবাজনো স্কটিছ কমাণ্ডিং অফিচাৰ আছিল। তেওঁলোকৰ পৰা তেওঁ স্কটলেণ্ডৰ বিষয়ে বহু কথা জানিব পাৰিছিল। তেওঁ স্কটিছ নৃত্য আৰু হুইস্কি ভাল পাইছিল।

চীনৰ প্ৰাক্তন শাসক মাও জেডঙৰ কেলিগ্ৰাফীৰ প্ৰতি আছিল প্ৰৱণতা। সেই সময়ত তেওঁ টাইপৰাইটাৰৰ সলনি চিয়াঁহীৰে বিভিন্ন ৰাজনৈতিক নথি লিখিছিল। কোৱা হয় মাওৰ হাতৰ আখৰ অতি সুন্দৰ।

ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছৰ সংখ্যাবিজ্ঞানৰ প্ৰতি আগ্ৰহ আছিল। সাত নম্বৰ সংখ্যা আছিল তেওঁৰ প্ৰিয়। যিকোনো কামত তেওঁ সাত নম্বৰটোক বিশেষ গুৰুত্ব দিছিল।

তুৰ্কমেনিস্তানৰ প্ৰথম ৰাষ্ট্ৰপতি সাপাৰমুৰাত নিয়াজোভে নিজকে বহুত ভাল পাইছিল। সেয়ে তেওঁ সোণৰ পাতেৰে ৫০ ফুট ওখ নিজৰ মূৰ্তি এটা সাজিছিল। নিয়াজোভে নিজৰ নামেৰে চহৰ, থিম পাৰ্ক, থিয়েটাৰৰ নাম ৰাখিছিল।

ইৰাকৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ছাদ্দাম হুছেইনে আমেৰিকাৰ জাংক ফুড খাই ভাল পাইছিল। বিশেষকৈ তেওঁৰ প্ৰিয় চিপছৰ ভিতৰত এটা আছিল আমেৰিকান।

উত্তৰ কোৰিয়াৰ একালৰ শাসক কিম জং উন দ্বিতীয়ই যিখন দেশৰ সৈতে তেওঁৰ তিক্ত সম্পৰ্ক আছে, সেইখন দেশৰ  প্ৰায় ৩০ হাজাৰ চিনেমা সংগ্ৰহ কৰিছিল। তেওঁ হলিউডৰ ছৱি অত্যন্ত ভাল পাইছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে ৰাখিছিল তিক্ত সম্পৰ্ক।

এইবাৰ উত্তৰ কোৰিয়াৰ বৰ্তমানৰ শাসক কিম জং উনৰ কথা কওঁ। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত তেওঁৰ চাৰিওফালে কৌতুহলৰ অন্ত নাই। কিমে পনিৰ খাই ভাল পায়। বিশেষকৈ যদি ‘ছুইছ চীজ’ হয়। বহুতে কয় যে কিমৰ ওজন বৃদ্ধিৰ এটা কাৰণ হৈছে পনিৰৰ প্ৰতি এই প্ৰেম।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ