--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মুছলমান মহিলা সীমা হাইদৰে ভাৰতৰ  এজন হিন্দু যুৱকৰ  প্ৰেমত পৰাৰ পিছত পাকিস্তানৰ পৰা ভাৰতলৈ পলাই অহাৰ ঘটনাই এতিয়া দুয়ো খন দেশৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে। মহিলাগৰাকীয়ে ভাৰতত থকাৰ প্ৰতিশোধ স্বৰূপে  পাকিস্তানৰ এটা হিন্দু মন্দিৰত ৰকেট লঞ্চাৰেৰে আক্ৰমণ কৰাৰ ঘটনা ঘটিছে।

 জানিব পৰা মতে দুৰ্বৃত্তই  মন্দিৰৰ কাষতে  থকা হিন্দুসকলৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু গুলীচালনা কৰিছিল। অৱশ্যে ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। সিন্ধু প্ৰদেশত সংঘটিত  ঘটনাটোৱে আকৌ এবাৰ পাকিস্তানত ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য কিছুদিন পূৰ্বে কৰাচীৰ এটা ১৫০  বছৰ পুৰণি মন্দিৰ এটা শ্বপিং মল নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হৈছিল।

মন্দিৰত ৰকেট লঞ্চাৰেৰে  আক্ৰমণ কৰাৰ ঘটনাটো  দেওবাৰে পুৱতি নিশা সংঘটিত হৈছে। সিন্ধু প্ৰদেশৰ দক্ষিণে থকা  কাশমোৰ অঞ্চলত অৱস্থিত মন্দিৰটো বছৰত কেৱল এবাৰহে খোলা হয়। মন্দিৰটো গোটেই বছৰটো বন্ধ হৈ থাকে। মন্দিৰটো দেওবাৰেও বন্ধ আছিল। তেতিয়াই দুৰ্বৃত্তই  ৰকেট লঞ্চাৰেৰে মন্দিৰটো আক্ৰমণ কৰে।

 ৮-৯ জনীয়া দুৰ্বৃত্তৰ এটা দলে মন্দিৰৰ কাষত থকা হিন্দু লোকসকলৰ ঘৰতো আক্ৰমণ কৰিছিল।আক্ৰমণৰ খবৰ পোৱাৰ পিছত কাশমোৰ-কান্ধকোটৰ এছএছপি ইৰফান চাম্মোৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ প্ৰকাশ কৰা মতে নিক্ষেপ কৰা ৰকেট লঞ্চাৰৰ  বিস্ফোৰণ নঘটিল। সেয়ে হিন্দু মন্দিৰটো অক্ষত অৱস্থাতে ৰয়।  স্থানীয় হিন্দু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এক বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

আৰক্ষীৰ প্ৰকাশ কৰা মতে  পাকিস্তানী মহিলাগৰাকীক ভাৰতে ওভতাই নিদিয়াৰ বাবেই এনে আক্ৰমণ ঘটিব পাৰে। ঘটনাটোক লৈ দুয়োখন দেশৰ মাজত বিবাদ চলি আছে। ইয়াৰ পিছতে  কাশমোৰৰ হিন্দু জনতাক ভাবুকি দিয়া হৈছিল। মন্দিৰটো ভাঙি পেলোৱাৰ উপৰিস্থানীয় হিন্দুসকলে  মৃত্যুৰ ভাবুকি লাভ কৰিছিল। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ