--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মুছলমান মহিলা সীমা হাইদৰে ভাৰতৰ  এজন হিন্দু যুৱকৰ  প্ৰেমত পৰাৰ পিছত পাকিস্তানৰ পৰা ভাৰতলৈ পলাই অহাৰ ঘটনাই এতিয়া দুয়ো খন দেশৰ মাজত উত্তেজনা বৃদ্ধি কৰিছে। মহিলাগৰাকীয়ে ভাৰতত থকাৰ প্ৰতিশোধ স্বৰূপে  পাকিস্তানৰ এটা হিন্দু মন্দিৰত ৰকেট লঞ্চাৰেৰে আক্ৰমণ কৰাৰ ঘটনা ঘটিছে।

 জানিব পৰা মতে দুৰ্বৃত্তই  মন্দিৰৰ কাষতে  থকা হিন্দুসকলৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু গুলীচালনা কৰিছিল। অৱশ্যে ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। সিন্ধু প্ৰদেশত সংঘটিত  ঘটনাটোৱে আকৌ এবাৰ পাকিস্তানত ধৰ্মীয় সংখ্যালঘুসকলৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে। উল্লেখ্য কিছুদিন পূৰ্বে কৰাচীৰ এটা ১৫০  বছৰ পুৰণি মন্দিৰ এটা শ্বপিং মল নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হৈছিল।

মন্দিৰত ৰকেট লঞ্চাৰেৰে  আক্ৰমণ কৰাৰ ঘটনাটো  দেওবাৰে পুৱতি নিশা সংঘটিত হৈছে। সিন্ধু প্ৰদেশৰ দক্ষিণে থকা  কাশমোৰ অঞ্চলত অৱস্থিত মন্দিৰটো বছৰত কেৱল এবাৰহে খোলা হয়। মন্দিৰটো গোটেই বছৰটো বন্ধ হৈ থাকে। মন্দিৰটো দেওবাৰেও বন্ধ আছিল। তেতিয়াই দুৰ্বৃত্তই  ৰকেট লঞ্চাৰেৰে মন্দিৰটো আক্ৰমণ কৰে।

 ৮-৯ জনীয়া দুৰ্বৃত্তৰ এটা দলে মন্দিৰৰ কাষত থকা হিন্দু লোকসকলৰ ঘৰতো আক্ৰমণ কৰিছিল।আক্ৰমণৰ খবৰ পোৱাৰ পিছত কাশমোৰ-কান্ধকোটৰ এছএছপি ইৰফান চাম্মোৰ নেতৃত্বত এটা বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ প্ৰকাশ কৰা মতে নিক্ষেপ কৰা ৰকেট লঞ্চাৰৰ  বিস্ফোৰণ নঘটিল। সেয়ে হিন্দু মন্দিৰটো অক্ষত অৱস্থাতে ৰয়।  স্থানীয় হিন্দু লোকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এক বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

আৰক্ষীৰ প্ৰকাশ কৰা মতে  পাকিস্তানী মহিলাগৰাকীক ভাৰতে ওভতাই নিদিয়াৰ বাবেই এনে আক্ৰমণ ঘটিব পাৰে। ঘটনাটোক লৈ দুয়োখন দেশৰ মাজত বিবাদ চলি আছে। ইয়াৰ পিছতে  কাশমোৰৰ হিন্দু জনতাক ভাবুকি দিয়া হৈছিল। মন্দিৰটো ভাঙি পেলোৱাৰ উপৰিস্থানীয় হিন্দুসকলে  মৃত্যুৰ ভাবুকি লাভ কৰিছিল। 





FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ