--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ শেহতীয়া যুদ্ধকালীন পৰিস্থিতিৰ মাজতে ৰাছিয়াক বিভিন্ন সংস্থাই আন্তঃজাৰ্তিক মঞ্চৰ পৰা বয়কট কৰাৰ পাছত এইবাৰ ক্ৰীড়া জগতত ৰাছিয়াৰ বাবে কফিনৰ শেষ গজালটো মাৰিলে বিশ্বৰ অন্যতম ক্ৰীড়া অনুষ্ঠান ফিফা আৰু ইউইএফএ । ফিফা আৰু ইউইএফএ ৰাছিয়াক বিশ্বকাপকে ধৰি সকলো আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰাৰ কথা ঘোষণা কৰে। সোমবাৰে দুয়োটা অনুষ্ঠানৰ দ্বাৰা প্ৰকাশ পোৱা এক যুটীয়া বিবৃতিত এই কথা ঘোষণা কৰা হৈছিল। ইয়াৰ উপৰিও, ইউৰোপীয় ফুটবলাৰসকলৰ পৰিচালনা সমিতিয়ে ৰাছিয়াৰ শক্তি উৎপাদক গেজপ্ৰমৰ সৈতে চুক্তি বাতিল কৰে। এতিয়াৰ পৰা ৰাছিয়াই যিকোনো আন্তঃজাৰ্তিক খেলত তেওঁলোকৰ দলৰ নাম, দেশৰ পতাকা আৰু ৰাষ্ট্ৰীয় সংগীত অবিহনে নিজকে উপস্থাপন কৰিব লাগিব । ঘোষণাটোৱে আগন্তুক ইউৰোপীয় প্ৰতিযোগিতাসমূহত ৰাছিয়াৰ অংশগ্ৰহণক প্ৰভাৱিত কৰিব। "ফিফা আৰু ইউইএফএ সিদ্ধান্ত লৈছে যে সকলো ৰাছিয়াৰ দল, সেয়া সেই দেশক প্ৰতিনিধিত্ব কৰা হওঁক বা ৰাছিয়াৰ ক্লাবৰ বাবে হওঁক সকলোকে ফিফা আৰু ইউইএফএ প্ৰতিযোগিতাৰ পৰা বহিষ্কাৰ কৰা হৈছে। পৰৱৰ্তী জাননী নহা লৈকে এই সিদ্ধান্ত কাৰ্যকৰী হৈ থাকিব। উল্লেখ্য যে, ২৪ মাৰ্চত বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী খেলখনৰ প্লে অফত ৰাছিয়াৰ পুৰুষ দলটোৱে পোলেণ্ডৰ সৈতে মুখামুখি হ'ব। কিন্তু পোলেণ্ডে আগতীয়াকৈ ৰাছিয়াৰ বিৰুদ্ধে এই খেল খেলিবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ অৰ্থ এয়াই যে, ৰাছিয়াক হয়তো ২০২২ ৰ কাটাৰ বিশ্বকাপত দেখা নাযাব। পোলেণ্ড ফুটবল এছ'চিয়েশ্যনৰ সভাপতি চিৰাজী কুলেজাই এইদৰে কৈছিল: " ফুটবলৰ আয়োজন কৰা হৈছে যদিও ইউক্ৰেইনত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি আমাৰ সম্পূৰ্ণ সহানুভূতি আছে। ফিফাৰ দুজন বিষয়া, গিয়ান্নি ইনফান্তিনো আৰু আলেকজেণ্ডাৰ শ্বেফেৰিনে আশা কৰিছিল যে ইউক্ৰেইনৰ পৰিস্থিতি উন্নত হ'ব। অৰ্থাৎ ৰাছিয়াৰ আক্ৰমণ কিছু পৰিমাণে হ্ৰাস পাব। তেওঁলোকে লগতে ইয়াকো ভাবিছিল যে ফুটবলৰ জৰিয়তে হয়তো ইয়াক মীমাংসা কৰা সম্ভৱ হব, যিটো সম্ভৱ হৈ নুঠিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু