--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ যেতিয়া ইতিহাস লিখা হ’ব, কিমানজন লোকে প্ৰাণ হেৰুৱাইছে আৰু কিমান ক্ষতি হৈছে, কোন কাৰ পক্ষত আছিল, এইবোৰ ঘটনাই স্থান পাব। সম্ভৱতঃ মানৱ সভ্যতাৰ ধ্বংসলীলাৰ মাজতে বহুজনৰ চকুত চকুপানী অনা বহুতো ঘটনা-পৰিঘটনা সকলোৰে অজ্ঞাতে নাইকিয়া হ’ব। হয়তো যুদ্ধ শেষ হ’ব, এদিন শান্তিও ঘূৰি আহিব! কিন্তু এনে কিছুমাণ হৃদয়স্পৰ্শী ঘটনাই দি যাব হেৰুওৱাৰ বেদনা৷ শেহতীয়াকৈ, যুদ্ধৰ মাজতে ইউক্ৰেইন সীমান্তত এক আচৰিত ঘটনা পোহৰলৈ আহিছে। য’ত এগৰাকী মহিলাই নিজকে দুটি কণমানিৰ মাতৃ বুলি চিনাকী দিছিল৷ জানিব পৰা মতে, মহিলাগৰাকীয়ে কেইমিনিটমানৰ আগতে লগ পাইছিল এজন ব্যক্তিক৷ যুদ্ধত নিজকে সমৰ্পণ কৰা ব্যক্তিজনৰ পুত্ৰ সন্তান দুটিক আঁকোৱালি ধৰিছিল মহিলাগৰাকীয়ে৷ লগতে যুদ্ধৰ ক’লা ডাৱৰৰ পৰা সুৰক্ষিত স্থানলৈ লৈ গৈছিল সেই কণমানিকেইজনক। এই দেৱীসদৃশ মহিলাগৰাকীৰ নাম আছিল নাটালিয়া আবলিয়েভা৷ [caption id="attachment_134342" align="alignnone" width="300"] মাতৃত্বৰ স্নেহৰে অজান শিশুক আঁকোৱালী ল'লে এগৰাকী মহিলাই[/caption] দৰাচলতে, শনিবাৰে, যেতিয়া নাটালিয়া আবলিয়েভা ইউক্ৰেইনৰ এৰি চুবুৰীয়া দেশলৈ ঢাপলি মেলিছিল, তেতিয়া তেওঁ সীমান্তত এজন ইউক্ৰেইনৰ লোকক লগ পাইছিল। ব্যক্তিজনে তেওঁৰ পুত্ৰ আৰু কন্যাক ঘৰৰ পৰা লৈ গৈছিল দেশ এৰিবলৈ। সীমান্ততহে লাগিছিল লেঠাটো৷ তাত নিয়োজিত সৈন্যই তেওঁক ইউক্ৰেইন পাৰ হ’বলৈ অনুমতি দিয়া নাছিল। কিয়নো চৰকাৰে ইউক্ৰেইনৰ নাগৰিকৰ বাবে বান্ধি দিছিল কিছু নিয়ম৷ নিয়ম অনুসৰি, ১৮ৰ পৰা ৬০ বছৰ বয়সৰ সকলো পুৰুষক দেশ এৰি যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছিল চৰকাৰেখনে, যাতে সকলোৱে মিলি একজোট হ’ব পাৰে ৰাছিয়াৰ বিৰুদ্ধে। [caption id="attachment_134343" align="alignnone" width="300"] মাতৃত্বৰ স্নেহৰে অজান শিশুক আঁকোৱালী ল'লে এগৰাকী মহিলাই[/caption] ইপিনে নাটালিয়াই দুয়োটা সন্তানক সুৰক্ষিত ৰাখিবলৈ সংগ্ৰাম কৰি থকা ব্যক্তিজনৰ বেদনা বুজি উঠিছিল। তেওঁ তেতিয়া দুয়োটা শিশুক বুকুত আঁকোৱালি লৈ কৈছিল, ‘হে মহান দেশৰ মহান সেনা৷ আপোনালোকে দেশৰক্ষা কৰক৷ এতিয়াৰে পৰা এই কণমানি শিশুদুটিৰ মাতৃ মই৷’ ‘দেশৰ হকে যুঁজ দি কঢ়িয়াই আনক দেশখনৰ সুখ-শান্তি’- এইবুলি কৈ নাটালিয়াই শিশু দুটিৰ গালত দিছিল মৰমৰ চুম্বন৷ তাৰ পাছতেই দেশৰ হকে যুঁজিবলৈ ব্যক্তিজন ভৰ্তি হয় ইউক্ৰেইনৰ সৈন্য বাহিনীত৷ তাৰ পাছতেই নাটালিয়াই শিশু দুটিৰ হাত ধৰি হাংগেৰীত উপস্থিত হৈছিল। য’ত শৰণাৰ্থীসকলৰ বাবে নিৰ্মাণ কৰা শিবিৰৰ বেঞ্চত বহি অপেক্ষা কৰিছিল।   ইউক্ৰেইনৰ এনে ঘটনাই সামাজিক মাধ্যমত যথেষ্ট চৰ্চিত হৈছে। উল্লেখ্য যে, অলপতে শ্বেয়াৰ হোৱা এটি ভিডিঅ’ই চকুলোৰে চকু সেমেকি উঠিছিল৷ ভিডিঅ’টোত দেখিবলৈ পোৱা গৈছিল যে, ইউক্ৰেইনৰ এগৰাকী মহিলাক বোমা বিস্ফোৰণৰ পাছত তেওঁৰ ঘৰৰ পৰা ধ্বংসাৱশেষ পৰিষ্কাৰ কৰা দেখা গৈছিল। মহিলাগৰাকীৰ চকুত চকুপানী আছিল কিন্তু তেওঁ গুণগুনাই আছিল ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় সংগীত। ক্ষতিগ্ৰস্ত খিৰিকীৰ পৰা কাঁচৰ টুকুৰাবোৰ তুলি লোৱা মহিলাগৰাকীয়ে নিখুঁটভাৱে গাই গৈছিল ৰাষ্ট্ৰীয় সংগীটো। ইউক্ৰেইনৰ জনসাধাৰণৰ এই দেশপ্ৰেম বিশ্বৰ বাবে এক ডাঙৰ উদাহৰণ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু