--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি এতিয়া ভয়ংকৰ। ইউক্ৰেইনৰ নাগৰিকে ২৪ ঘণ্টাৰ ভিতৰত অক্সিজেন অবিহনে থাকিব লগা হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াকে লৈ শংকা প্ৰকাশ কৰিছে। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ পাছৰেপৰা দেশখনৰ পৰিবহণ ব্যৱস্থা গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। ফলস্বৰূপে, অক্সিজেন যোগানৰ অভাৱ হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ৰ বাৰ্তা পোহৰলৈ অহাৰ পাছৰেপৰা ইউক্ৰেইনত আতংকৰ সৃষ্টি হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা শেহতীয়াকৈ এটা বিবৃতি জাৰী কৰছিল। ‘ইউক্ৰেইনত অক্সিজেনৰ পৰিমাণ এই মুহূৰ্তত অতি সংকটজনক পৰিস্থিতিত আছে। যুদ্ধই বিধস্তৰ বাবে অক্সিজেন প্লাণ্টসমূহেও ধ্বংস হোৱাৰ চিকিৎসালয়সমূহক সঠিকভাৱে অক্সিজেন যোগান ধৰাটো সম্ভৱ হৈ উঠা নাই। যুদ্ধৰ বাবে দেশৰ জৰুৰীকালীন সেৱাত নিয়োজিত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে। ৰাজধানী কিয়েভৰ পৰিস্থিতিও যথেষ্ট উদ্বেগজনক। বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰোছ অধানম ঘেব্ৰেয়াছে তেওঁৰ বিবৃতিত কয় যে, ‘২৪ ঘণ্টাৰ ভিতৰত বেছিভাগ চিকিৎসালয়ত অক্সিজেন শেষ হ’ব। বহুতো চিকিৎসালয়ত ইতিমধ্যে অক্সিজেন শেষ হৈ গৈছে। ইয়াৰ ফলস্বৰূপে, হাজাৰ হাজাৰ লোকৰ জীৱন সংকটত পৰিব পাৰে।’ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত, সমগ্ৰ দেশখনতে ২৫% অক্সিজেনৰ অভাৱ হৈছে। এই তথ্য বিশ্ব স্বাস্থ্য সংস্থাই ৰাজহুৱা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই তাৎক্ষণিক পৰিবহণ ক’ৰিডৰৰ জৰিয়তে ইউক্ৰেইনলৈ চিকিৎসা সঁজুলি আৰু অক্সিজেন যোগান ৰখাৰ বাবে আহ্বান জনাইছে। তথ্য অনুসৰি, গুৰুত্বপূৰ্ণ ক’ভিড ৰোগীসকলে বৰ্তমান ইউক্ৰেইনৰ ১,৭০০খন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। লগতে গৰ্ভৱতী, চেপচিছ আৰু ট্ৰমা কেয়াৰ চেণ্টাৰ থকা ৰোগী আছে, তেওঁলোকক প্ৰতিদিনে প্ৰয়োজনীয় হোৱা অক্সিজেনৰ পৰিমাণ বাঢ়ি গৈ আছে। অক্সিজেনৰ লগতে, চিকিৎসালসমূহত বিদ্যুতৰ সমস্যাও দেখা গৈছে। বাৰে বাৰে মিচাইল উৎক্ষেপণৰ ফলত বেছিভাগ চিকিৎসালয় বিদ্যুৎ বিভ্ৰাটৰ সন্মুখীন হৈছে। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে, কেইবাটাও কোম্পানীয়ে স্থানীয়ভাৱে ইউক্ৰেইনৰ বাবে তৰল অক্সিজেনৰ ব্যৱস্থা কৰাৰ বাবে পদক্ষেপ লৈছে। পোলেণ্ডৰ পৰা ট্ৰেঞ্জিট ক’ৰিডৰৰ জৰিয়তে অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে। ইফালে, সোমবাৰে বেলাৰুছ সীমান্তত ইউক্ৰেইন আৰু ৰাছিয়াৰ প্ৰতিনিধিসকলৰ মাজত আলোচনা আৰম্ভ হয়। সভাখন প্ৰায় চাৰে তিনি ঘণ্টা চলিছিল। সূত্ৰ অনুসৰি, কিয়েভে তেওঁলোকৰ দেশৰ পৰা সৈন্য সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। অৱশ্যে, মস্কোৱে সেই দাবী একেবাৰে গ্ৰহণ কৰিব নে নাই, সেয়া এতিয়াই কোৱা সম্ভৱ নহয়। আলোচনা আৰম্ভ হোৱাৰ পাছতো ৰাছিয়াই আক্ৰমণ বন্ধ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ তীব্ৰতা বৃদ্ধিহে কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু