--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যুদ্ধবিধ্বস্ত ইউক্ৰেইনৰ পৰিস্থিতি এতিয়া ভয়ংকৰ। ইউক্ৰেইনৰ নাগৰিকে ২৪ ঘণ্টাৰ ভিতৰত অক্সিজেন অবিহনে থাকিব লগা হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই ইয়াকে লৈ শংকা প্ৰকাশ কৰিছে। ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ পাছৰেপৰা দেশখনৰ পৰিবহণ ব্যৱস্থা গুৰুতৰভাৱে প্ৰভাৱিত হৈছে। ফলস্বৰূপে, অক্সিজেন যোগানৰ অভাৱ হয়। বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ৰ বাৰ্তা পোহৰলৈ অহাৰ পাছৰেপৰা ইউক্ৰেইনত আতংকৰ সৃষ্টি হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা শেহতীয়াকৈ এটা বিবৃতি জাৰী কৰছিল। ‘ইউক্ৰেইনত অক্সিজেনৰ পৰিমাণ এই মুহূৰ্তত অতি সংকটজনক পৰিস্থিতিত আছে। যুদ্ধই বিধস্তৰ বাবে অক্সিজেন প্লাণ্টসমূহেও ধ্বংস হোৱাৰ চিকিৎসালয়সমূহক সঠিকভাৱে অক্সিজেন যোগান ধৰাটো সম্ভৱ হৈ উঠা নাই। যুদ্ধৰ বাবে দেশৰ জৰুৰীকালীন সেৱাত নিয়োজিত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰিছে। ৰাজধানী কিয়েভৰ পৰিস্থিতিও যথেষ্ট উদ্বেগজনক। বিশ্ব স্বাস্থ্য সংস্থাৰ মহানিৰ্দেশক টেড্ৰোছ অধানম ঘেব্ৰেয়াছে তেওঁৰ বিবৃতিত কয় যে, ‘২৪ ঘণ্টাৰ ভিতৰত বেছিভাগ চিকিৎসালয়ত অক্সিজেন শেষ হ’ব। বহুতো চিকিৎসালয়ত ইতিমধ্যে অক্সিজেন শেষ হৈ গৈছে। ইয়াৰ ফলস্বৰূপে, হাজাৰ হাজাৰ লোকৰ জীৱন সংকটত পৰিব পাৰে।’ ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পাছত, সমগ্ৰ দেশখনতে ২৫% অক্সিজেনৰ অভাৱ হৈছে। এই তথ্য বিশ্ব স্বাস্থ্য সংস্থাই ৰাজহুৱা কৰিছে। বিশ্ব স্বাস্থ্য সংস্থাই তাৎক্ষণিক পৰিবহণ ক’ৰিডৰৰ জৰিয়তে ইউক্ৰেইনলৈ চিকিৎসা সঁজুলি আৰু অক্সিজেন যোগান ৰখাৰ বাবে আহ্বান জনাইছে। তথ্য অনুসৰি, গুৰুত্বপূৰ্ণ ক’ভিড ৰোগীসকলে বৰ্তমান ইউক্ৰেইনৰ ১,৭০০খন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। লগতে গৰ্ভৱতী, চেপচিছ আৰু ট্ৰমা কেয়াৰ চেণ্টাৰ থকা ৰোগী আছে, তেওঁলোকক প্ৰতিদিনে প্ৰয়োজনীয় হোৱা অক্সিজেনৰ পৰিমাণ বাঢ়ি গৈ আছে। অক্সিজেনৰ লগতে, চিকিৎসালসমূহত বিদ্যুতৰ সমস্যাও দেখা গৈছে। বাৰে বাৰে মিচাইল উৎক্ষেপণৰ ফলত বেছিভাগ চিকিৎসালয় বিদ্যুৎ বিভ্ৰাটৰ সন্মুখীন হৈছে। অৱশ্যে বিশ্ব স্বাস্থ্য সংস্থাই কৈছে যে, কেইবাটাও কোম্পানীয়ে স্থানীয়ভাৱে ইউক্ৰেইনৰ বাবে তৰল অক্সিজেনৰ ব্যৱস্থা কৰাৰ বাবে পদক্ষেপ লৈছে। পোলেণ্ডৰ পৰা ট্ৰেঞ্জিট ক’ৰিডৰৰ জৰিয়তে অক্সিজেনৰ ব্যৱস্থা কৰা হৈছে। ইফালে, সোমবাৰে বেলাৰুছ সীমান্তত ইউক্ৰেইন আৰু ৰাছিয়াৰ প্ৰতিনিধিসকলৰ মাজত আলোচনা আৰম্ভ হয়। সভাখন প্ৰায় চাৰে তিনি ঘণ্টা চলিছিল। সূত্ৰ অনুসৰি, কিয়েভে তেওঁলোকৰ দেশৰ পৰা সৈন্য সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে। অৱশ্যে, মস্কোৱে সেই দাবী একেবাৰে গ্ৰহণ কৰিব নে নাই, সেয়া এতিয়াই কোৱা সম্ভৱ নহয়। আলোচনা আৰম্ভ হোৱাৰ পাছতো ৰাছিয়াই আক্ৰমণ বন্ধ কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে, তেওঁলোকে ইউক্ৰেইনৰ ওপৰত হোৱা আক্ৰমণৰ তীব্ৰতা বৃদ্ধিহে কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ